29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

‘বিশ্ব গুৰু’ৰ পৰা বিশ্ববেংকৰ শিক্ষা পৰামৰ্শদাতালৈ পৰিক্ৰমা চোলাপুৰৰ দুৰ্গম গাঁৱৰ এজন যুৱকৰ

spot_img

# বিশেষ প্ৰতিবেদন #

জন্ম হৈছিল চোলাপুৰৰ এখন অতি দুৰ্গম গাঁৱত। নিম্নবিত্ত পৰিয়ালৰ উক্ত সন্তানটোৱেই বৰ্তমান বিশ্ববেঙ্কৰ শিক্ষা পৰামর্শদাতা।
মাত্র ১১ বছৰতেই সলনি কৰি দিছে গাঁৱৰ ছবি। যিখন গাঁৱত ল’ৰা জন্ম হ’লেই উপার্জনত ব্যস্ত হোৱা আৰু ছোৱালী জন্ম হ’লেই সোনকালে বিয়া দিয়াৰ ৰীতি আছিল, সেই মহাৰাষ্ট্রৰ চোলাপুৰ জিলাৰ পৰিতেৱাৰী গাঁৱকেই নতুন পথ দেখুৱাইছে ৰঞ্জিত সিং ডিছালে। নিজৰ গাঁৱক এক প্ৰকাৰ সলনি কৰি পেলোৱা উক্ত যুৱকজন সৰুকালৰ পৰাই পঢ়া-শুনাত অতি মনোযোগী আছিল। ইচ্ছা আছিল তথ্য-প্রযুক্তি ইঞ্জিনিয়াৰ হোৱাৰ। ইয়াৰ বাবে এখন ইঞ্জিনিয়াৰিং কলেজত নাভর্তিও কৰায়।

File photo

কিন্তু তেওঁৰ ভাগ্যত সম্ভৱত ইঞ্জিনিয়াৰিং লিখা নাছিল। ইয়াৰ পিছত পিতৃৰ কথামতেই তেওঁ শিক্ষকতাৰ প্রশিক্ষণ লয়। লাহে লাহে উপলব্ধি কৰিবলৈ ধৰে যে শিক্ষকসকলেই হ’ল সমাজৰ প্রকৃত খনিকৰ। লাহে লাহে তেওঁ শিক্ষকতাক ভালপাবলৈ আৰম্ভ কৰে। প্রশিক্ষণ সম্পূর্ণ হোৱাৰ পিছত ২০০৯ চনত তেওঁৰ গাঁৱতেই জিলা পৰিষদৰ এখন প্রাথমিক স্কুলত শিক্ষক হিচাবে তেওঁ কামত যোগ দিয়ে। কিন্তু স্কুলৰ পৰিবেশ আছিল তথৈবছ। গাঁওবাসীয়ে সন্তানৰ পঢ়া-শুনাক লৈ একেবাৰেই মূৰ নঘমাইছিল। আৰু ছোৱালীতো স্কুললৈ যোৱাই দেখা ন’গৈছিল।

File photo

ইয়াৰ পিছতেই আৰম্ভ হয় ৰঞ্জিতৰ যুদ্ধ। ঘৰে ঘৰে গৈ অভিভাৱকসকলক বুজাই-বঢ়াই একপ্রকাৰ জোৰ কৰিয়েই ল’ৰা-ছোৱালীবোৰক স্কুলমুখী কৰি তোলে তেওঁ। পিছত তেওঁৰ সেই পৰিশ্রম সাৰ্থক হয়। বৰ্তমান এগৰাকী নাবালিকাৰো বিয়া নহয় গাঁওখনত। বৰং স্কুলত ছোৱালীসকলৰ উপস্থিতি প্রায় ১০০ শতাংশ। আনকি শিক্ষাৰ্থীসকলৰ সুবিধার্থে পঢ়া কিতাপবোৰো তেওঁলোকৰ মাতৃভাষাত অনুবাদ কৰি দিছে ৰঞ্জিতে। কিতাপবোৰত কিউআৰ কোডৰ ব্যৱস্থাও ৰাখিছে।

File photo

এই অসাধাৰণ কামৰ স্বীকৃতি হিচাবে ২০২০ চনত তেওঁ ‘বিশ্ব গুৰু’ বঁটা লাভ কৰে। পুৰস্কাৰৰ মূল্য হৈছে ১০ লাখ ডলাৰ! শিক্ষকসকলে এই বঁটাক ‘নোবেল বঁটা’ৰ সৈতে তুলনা কৰে। কিন্তু উক্ত বঁটাতো আছে এটা কথা৷ বঁটাৰ সম্পূৰ্ণ ধন ল’বলৈ তেওঁ ৰাজী নহয়। বৰং তালিকাত থকা তেওঁৰ পৰৱর্তী ৯জন শিক্ষকৰ সৈতে সমানে ভাগ কৰি বঁটাৰ ধন গ্ৰহণ কৰিব বিচাৰে তেওঁ। ৰঞ্জিতৰ এই কৃতিত্বক স্বীকৃতি দিছে বিশ্ববেঙ্কেও। ৰঞ্জিত বৰ্তমান বিশ্ববেঙ্কৰ ‘শিক্ষা পৰামর্শদাতা’।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img