29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

শিক্ষিত নিবনুৱাৰ বাবে আদৰ্শ কলিয়াবৰৰ জয়শ্ৰী হাজৰিকা

উদ্যমীসকলৰ পচন্দৰ ব্যৱসায় হ'ব পাৰে নাৰ্ছাৰী

spot_img

# কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ #

কোনো এক সফলতা লাভৰ বাবে আপোনাক লাগিব অভাৱনীয় উদ্যম। ইয়াৰ ক্ষেত্ৰ বিভিন্ন হ’ব পাৰে, লাগে মাথোঁ একাগ্ৰতা। বৰ্তমান ৰাজ্যখনত ব্যৱসায়-উদ্যোগৰ প্ৰতি নৱপ্ৰজন্মৰ মাজত আগ্ৰহ বাহি অহাটো এক নতুন ধাৰা হিচাপে বিবেচিত হৈছে আৰু ই ৰাজ্যখনৰ বাবে ভাল খবৰ। এই ক্ষেত্ৰত কলিয়াবৰৰ জয়শ্ৰী হাজৰিকাও ব্যতিক্ৰম নহয়। শিক্ষিত যুৱতীগৰাকীয়ে নিজা ঘৰতে আৰম্ভ কৰিছে সেউজ বিপ্লৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ত “মাষ্টাৰ্ছ অফ ছ’চিয়েল ৱৰ্ক” বিষয়ত অধ্যয়নৰত জয়শ্ৰী হাজৰিকাই ঘৰৰ চৌহদতে গঢ়ি তুলিছে এখন নাৰ্ছাৰী।

কোভিড সৃষ্ট ভয়াৱহ জটিল পৰিস্হিতিয়ে গৃহবন্দী একাংশ যুৱক-যুৱতীৰ মন-মগজু দিকভ্ৰান্ত আৰু ভাৰাক্ৰান্ত কৰি তোলাৰ সময়তে কলিয়াবৰৰ হাটবৰ অঞ্চলৰ সুন্দৰ গাঁও নিবাসী শিক্ষক প্ৰাণজি‌ৎ হাজৰিকা আৰু নিভা হাজৰিকাৰ একমাত্ৰ কন্যা জয়শ্ৰীয়ে বিগত বৰ্ষৰ লকডাউনৰ সময়ছোৱাতে পিতৃ-মাতৃৰ সহযোগত নিজ ঘৰৰ চৌহদত ব্যৱসায়িক ভিত্তিত আৰম্ভ কৰিছিল বিভিন্ন প্ৰজাতিৰ ফল-মূল, ফুল আৰু মূল্যৱান গছ-গছনিৰ এখন সৰু নাৰ্ছাৰী। “সেউজ- এ প্লান্ট নাৰ্ছাৰী” নামৰ নাৰ্ছাৰীখনৰ জৰিয়তে সৰু পৰিয়ালটোৱে এতিয়া চলাই গৈছে সেউজ বিপ্লৱ।

ইতিমধ্যে নাৰ্ছাৰীখনৰ পৰা বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ পুলি বিশেষকৈ আম, কঁঠাল, বগৰী, আমলখি, অমৰা, ক’লা জামু, বগা জামু, কৰ্দৈ, হাৰিমন, আপেল, কমলা, ডালিম, চিকু, মধুৰিআম, মৌচম্বি, বিভিন্ন প্ৰজাতিৰ নেমুটেঙা, ড্ৰেগন ফ্ৰুইটছ, মালবেৰি, তামোল, নাৰিকল, লিচু, পানী বগৰী, চন্দন, মেহগনি, নিম, সাঁচি পুলি আদি অসমৰ বিভিন্ন ঠাইলৈ বিক্ৰীৰ বাবে প্ৰেৰণ কৰা হৈছে যদিও বৰ্তমানৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ বাবে কিছু থমকি ৰ’বলগীয়াও হৈছে।

এই ক্ষেত্ৰত উদ্যোগী ছাত্ৰী জয়শ্ৰীয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয়- ‘স্বৱলম্বনৰ পথত অন্তৰায় হোৱা কোভিডৰ দৰে ভয়াৱহ ব্যাধিয়ে জীৱন ধাৰনৰ গতি এতিয়া কিছু সলনি কৰি দিছে৷ অৱশ্যে এই সময়খিনিত কিবা এটা কৰাৰ মানসিক শক্তিয়ে আমাৰ মনটোক জুমুৰি দি ধৰিছিল৷ যোৱা বছৰৰ লকডাউনৰ সময়ৰ পৰাই মোৰ দেউতা আৰু মাৰ লগত হোৱা আলোচনা আৰু স্ব-পৰিকল্পনাৰে আৰম্ভ কৰিছিলোঁ এক সেউজ যাত্ৰা৷ দেউতাৰ সীমিত মূলধনেৰে সম্পূৰ্ণ কোভিডৰ সাবধানতাৰে ঘৰতে সৰুকৈ এখন নাৰ্ছাৰী গঢ়াৰ বাবে মন মেলিলোঁ৷ এই ক্ষেত্ৰত অৱশ্যে অনুপ্ৰেৰণা যোগালে উদ্যোগী কৃষক প্ৰফুল্ল কুমাৰ শইকীয়াৰ “ কিবা এটা কৰিব পৰা হ’লে” নামৰ গ্ৰন্হখনে৷”

সম্প্ৰতি বৰ্তমানৰ বজাৰত ২০ টকাৰ পৰা এহেজাৰ টকাৰ ভিতৰত বিক্ৰী হৈ থকা নাৰ্ছাৰীখনৰ ফল-মূল আৰু ফুলৰ পুলি বিক্ৰীৰ বাবে ঘৰতে বহি সামাজিক মাধ্যমৰ জৰিয়তে এখন ভাল বজাৰ তৈয়াৰ কৰাত ব্ৰতী হৈছে জয়শ্ৰী৷ কন্যাৰ আগ্ৰহত সহযোগিতা আগবঢ়াই আহিছে জয়শ্ৰীৰ পিতৃ প্ৰাণজিৎ হাজৰিকাই। কোভিডকালীন পৰিস্থিতিত শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ বাবে দৈনিক নাৰ্ছাৰীৰ কামতে নিজকে ব্যস্ত কৰি ৰাখিছে এইগৰাকী ছাত্ৰীয়ে। চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰি ফুৰা শিক্ষিত নিবনুৱাসকলৰ বাবে এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে শিক্ষাগ্ৰহণৰ মাজতে নাৰ্ছাৰী ব্যৱসায়েৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱা কলিয়াবৰৰ জয়শ্ৰী হাজৰিকা।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img