27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

বানপানীও হ’ব পাৰে পৰ্যটনৰ উৎস : মৰিগাঁৱত নদী পৰ্যটনৰ অভিলাষী প্ৰকল্প

spot_img

# মৰিগাঁৱৰ পৰা ইফতিখাৰ হুছেইন খান #

গুৱাহাটীৰ পৰা নাতি দূৰৈৰ মৰিগাঁও জিলাৰ মায়ং অসমৰ এক অন্যতম পৰ্যটনস্হলী। ইয়াৰ মূলতে পবিতৰা, চনকা, কাছশিলা, হাতীমূৰীয়া, বুঢ়া মায়ং আদি অঞ্চলৰ মনোমোহা দৃশ্য। পাহাৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নৈ, পকৰীয়া আৰু গৰঙা বিল, তামুলীডুবা, পবিতৰাৰ এশিঙীয়া গঁড় আৰু দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ চৰাইৰ মুক্ত বিচৰণ; এসময়ৰ যাদুৰ দেশখ্যাত মায়ঙৰ মিউজিয়াম, শিলালিপি, গনেশ মন্দিৰ, নৰসিংহ মন্দিৰ, ৰাম মন্দিৰ, গৰঙা মন্দিৰৰ লগতে কাছশিলা নদীৰ পানীত খেলা কৰি থকা শিহুবোৰৰ (Gangetic River Dolphin) ফটো/ভিডিঅ’ প্ৰস্তুত কৰিবলৈ প্ৰতিদিনে আহে বহু পৰ্যটক। ফলত স্হানীয় যুৱক-যুৱতী আৰু মহিলা আত্মসহায়ক গোটবোৰেও বিচাৰি পাইছে আত্মসংস্হাপনৰ পথ- কোনোবাই জীপ চাফাৰিৰে, কোনোবাই নদী পথেৰে নাৱৰ সহায়ত আৰু আন এচামে খাদ্য-জলপান যোগান ধৰি।

মৰিগাঁও নদী পৰ্যটন

এইবোৰ লক্ষ্য কৰি মৰিগাঁও জিলা পৰিষদৰ অন্তৰ্গত মায়ং গাঁও পঞ্চায়তে নদী পৰ্যটনৰ সমান্তৰালভাবে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰতিবছৰে হৈ থকা বানপানীকো পৰ্যটনৰ এক উৎসলৈ ৰূপান্তৰ কৰিবলৈ চতূৰ্দশ বিত্তীয় আয়োগৰ অধীনত তিনিটা পৰ্যায়ত গ্ৰহণ কৰে ২১.১৫ লাখ টকাৰ এক অভিলাষী অত্যাধুনিক মেচিন নৌকা নিৰ্মানৰ আঁচনি।

মৰিগাঁও নদী পৰ্যটন

শনিবাৰে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৱে মৰিগাঁও জিলা পৰিষদৰ উপ-সভানেত্ৰী ৰিজুমণি মালাকাৰৰ উপস্থিতিত মায়ং গাঁও পঞ্চায়তৰ সভাপতি দীপক শইকীয়া, আঞ্চলিক সদস্য পৰেশ কলিতা , সচিব ইফতিখাৰ হুছেইন খান, গাঁও পঞ্চায়তৰ সকলো সদস্য, মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত আন বহুকেইখন পঞ্চায়তৰ পঞ্চায়ত সচিবসকলক লগত লৈ এই নাওখনৰ শুভাৰম্ভ কৰি পবিতৰা আৰু চনকা সংযোগী পকৰীয়া নৈ আৰু ব্ৰহ্মপুত্ৰৰ সংগমত নদী পৰ্যটনত এক অনন্য সংযোজন ঘটায়।

মৰিগাঁও নদী পৰ্যটন

এই অঞ্চলত এইখনেই প্ৰথম অত্যাধুনিক প্ৰযুক্তিৰ ৮০ হর্ছপাৱাৰৰ মেৰাইন ইঞ্জিনযুক্ত নাও। এই নাৱৰ জৰিয়তে নদী পৰ্যটনৰ সমান্তৰালকৈ অনায়াসে গঢ়ি তুলিব পৰা যাব বান পৰ্যটনৰো। যাৰ ফলত বছৰটোৰ সকলো ঋতুতেই ইচ্ছুক ব্যক্তিক কৰ্মসংস্হাপন দি পঞ্চায়তখনেও নিজাববীয়াকৈ আয় কৰিব পাৰিব। এই নাওখনত আন আন সুবিধাৰ লগতে  তিনিটা পৰিয়ালে নৈশ যাপন কৰিব পৰাকৈ ইক’ কেম্পৰ সুবিধাও থাকিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img