27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

তামোলৰ ঢকুৱাৰ ব্যৱসায়িক সম্ভাৱনীয়তা

spot_img

# প্ৰফুল্ল কুমাৰ শইকীয়া #

তামোলৰ ঢকুৱা/ঢকুনাত উঠা আৰু খুড়াহঁতে টানি লৈ ফুৰা সেই দিনবোৰৰ লগত আমাৰ সমসাময়িক সকলোৰে পৰিচিত। শৈশৱ পাৰ হ’বলৈ হ’লে ঢকুনাৰ ওপৰত উঠা অভিজ্ঞতা লাগিবই। তাৰোপৰি আমাৰ লগৰ কেইজনমানে স্কুললৈ যাওঁতে পেণ্টৰ তলত পিন্ধি যায়৷ কাৰণ ছাৰসকলৰ যি বেতৰ কোব … । ধান ৰোৱাৰ সময়ত কঠীয়া টানিবলৈ ঢকুনা অতি উত্তম, ই আজিও ব্যৱহাৰ হৈ আছে৷ ই অতিকমেও ৬ ঘণ্টা পৰ্যন্ত পানী সোমাব নোৱাৰাকৈ ৰাখিব পাৰে। তামোলৰ ঢকুনাবোৰ সাধাৰণতে বেৰা দিবলৈ ব্যৱহাৰ কৰা হয়, আজিও আমাৰ গ্ৰামাঞ্চলত ইয়াক দেখিবলৈ পোৱা যায়।

প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা সম্ভৱ নহয় যদিও সকলোৱে চেষ্টা কৰিলে ব্যৱহাৰৰ পৰিমাণ আমি কমাব পাৰো। তামোলৰ ঢকুৱা/ঢকুনাৰে বনোৱা প্লেট/বাতি আদি পচনক্ষম (Bio-degradable) অৰ্থাৎ ই সহজে মাটিৰ লগত বিলীন হৈ যাব পাৰে। আমাৰ অসমত পৰ্যাপ্ত পৰিমাণৰ তামোলৰ ঢকুৱা পোৱা যায়৷ ৰপ্তানি কৰিবলৈ এখন আন্তৰ্জ্জাতিক বজাৰ আছে৷ গতিকে এনে এটা সামগ্ৰী অসমৰ থলুৱা কেঁচামাল ব্যৱহাৰ কৰি প্ৰস্তুত কৰিব পাৰি আৰু অসমলৈ বাহিৰৰ ৰাজ্যৰ পৰা এনে সামগ্ৰী আমদানি নকৰাকৈ চলিব পাৰি।

অসমত প্ৰায় ৭০,৫৪২ হেক্টৰ মাটিত (এক হেক্টৰত প্ৰায় ৭ বিঘা ) তামোলৰ খেতি হয়৷ তামোলৰ গছ প্ৰায় ১০,৫৮,১৩,০০০ জোপা, প্ৰতিজোপা তামোল গছে বছৰত ৬ডালকৈ ঢকুৱা/ঢকুনা ( arecanut sheath) দিলে মুঠ প্ৰায় ৬৩.৪৮ কোটি ঢকুৱা/ঢকুনা হ’ব৷ ধৰাহ’ল বিভিন্ন কাৰণত গোটেইখিনি সংগ্ৰহ কৰিবলৈ সম্ভৱ নহয়, অনায়েসে ৪০% সংগ্ৰহ কৰিব পৰা যায়৷ ৪০% হ’ব প্ৰায় ২৫.৪ কোটি ঢকুৱা/ঢকুনা। তামোলৰ ঢকুৱা/ঢকুনাৰ পৰা প্লেট/বাতি আদি বনাবলৈ যদি ক্ষুদ্ৰ উদ্যোগ এটাক বছৰত এক লাখ তামোলৰ ঢকুৱা/ঢকুনা লাগে, এনে ক্ষমতাৰ প্ৰায় ২,৫৪০টা উদ্যোগ অসমত স্থাপন হোৱাৰ সম্ভাৱনা আছে। অসমত প্ৰায় ৩০টামান এনে উদ্যোগ ইতিমধ্যে স্থাপন হৈছে। এনে উদ্যোগ স্থাপনত আগৰণুৱা হ’ল বৰপেটা জিলাৰ অৰিন্দম দাসগুপ্ত৷ তেখেতে ‘ধৃতি’ নামেৰে প্ৰথম উদ্যোগটি ২০০২ চনমানতে আৰম্ভ কৰিছিল।

এনে এটা উদ্যোগ স্থাপন কৰিবলৈ অতি কমেও ২০০০ বৰ্গফুট মাটি, তাৰে ১০০০ বৰ্গফুটৰ কাৰখানা গৃহ (working shed), ঢকুৱা ধুবলৈ দুটা পানীৰ টেংকি, ডাই ৬টা, তিনিটা মেচিন, ৫ কিলোৱাট বিজুলী, মাহেকত ৩০০০ৰ ওপৰৰ ঢকুৱাৰে আৰম্ভ কৰিব পাৰে। যিহেতু এইবিধ সামগ্ৰী বিদেশলৈকো ৰপ্তানি হ’ব, সেয়েহে আৰম্ভণিৰে পৰা ইয়াৰ গুণগত মানদণ্ড অটুট ৰাখিবলৈ যত্নপৰ হ’ব লাগিব।

ঢকুৱাৰ গুণগত মানৰ ওপৰত গোটেই উৎপাদিত সামগ্ৰীৰ মান নিৰ্ভৰ কৰে৷ গতিকে ঢকুৱা সংগ্ৰহ কৰা পৰিসীমা উদ্যোগটিৰ ১০ কিঃমিঃৰ ভিতৰত হ’লে ভাল৷ এইবোৰ পৰিষ্কাৰ, ১২ ইঞ্চি মান বহল, ক’লা দাগ নথকা (brown/light brown) হ’লে ভাল৷ ঢকুৱা সংগ্ৰাহক নিযুক্ত কৰিও বহু ব্যক্তিক কমিছনৰ জৰিয়তে সংস্থাপন অৰ্থাৎ উপাৰ্জনৰ পথ দেখুৱাব পৰা যায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img