27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

চকলেট-বাল্ব উৎপাদনেৰে স্বাৱলম্বিতাৰ বাট প্ৰশস্ত কৰিছে আলেক্স-যুগলে

দখল কৰিছে অনলাইন বজাৰ

spot_img

# কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ #

কোভিড সৃষ্ট প্ৰতিকূল পৰিৱেশৰ মাজত বিভিন্নজনে বিভিন্ন ধৰণে নিজক ব্যস্ত ৰাখিছে। তাৰ মাজতে ব্যতিক্ৰম হৈছে কলিয়াবৰৰ শাগমুঠীয়া চাহ বাগিচাৰ একেটা চুবুৰীৰে দুই যুৱক ক্ৰমে আলেক্স কুমাৰ আৰু যুগল মোডী। ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে স্বাৱলম্বিতাৰ বাট মুকলি কৰা একেখন চাহ বাগিচাৰ একেটা চুবুৰীৰে যুৱকদ্বয়ৰ কৰ্মোদ্যমে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখযোগ্য যে অনলাইন প্ৰশিক্ষণৰ যোগেদি এজনে ঘৰতে গঢ়ি তুলিছে চকলেট উৎপাদনৰ কাৰখানা৷ আনজনেও ঘৰতে গঢ়িছে নিজৰ নামতে ইলেকট্ৰিক বাল্ব প্ৰস্তুত কৰা ক্ষুদ্ৰ উদ্যোগ। শাগমুঠীয়া চাহ বাগিচাৰ হস্পিতাল লাইনৰ এই দুই যুৱকে বন্ধৰ সময়ছোৱাতে ঘৰতে চকলেট উৎপাদনৰ কাৰখানা গঢ়ি তুলিছে স্নাতক বাণিজ্য শাখাৰ ছাত্ৰ আলেক্স কুমাৰে।

আলেক্স কুমাৰে চকলেট উৎপাদন কৰি থকা অৱস্থাত

অনলাইন প্ৰশিক্ষণৰ যোগেদি দুমাহ পূৰ্বে আলেক্সে আৰম্ভ কৰে চকলেট উৎপাদনৰ ক্ষুদ্ৰ উদ্যোগটো। আলেক্সে উৎপাদন কৰা চকলেটে ইতিমধ্যে দখল কৰিছে অনলাইন বজাৰ। অনলাইনৰ জৰিয়তেই ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বহিঃৰাজ্যলৈও গৈছে আলেক্সৰ চক’ পেৰেডাইজৰ চকলেট। ভৱিষ্যতে চকলেট ব্যৱসায়কে লৈ আগবাঢ়ি যোৱাৰ সপোন দেখিছে দুমাহতে যথেষ্ট লাভৰ মুখ দেখা আলেক্স কুমাৰে।

আনহাতে, নিজৰ নামতে চিএফএল বাল্ব প্ৰস্তুতত মনোনিবেশ কৰিছে যুগল মোডীয়ে। অনলাইন প্ৰশিক্ষণৰ জৰিয়তেই যুগলে ঘৰতে গঢ়ি তুলিছে ইলেকট্ৰিক বাল্ব প্ৰস্তুত কৰা কাৰখানা। বজাৰতকৈ বহু কম মূল্যত উপলব্ধ যুগলে প্ৰস্তুত কৰা ‘জে এম’ মাৰ্কা ‘মোডী লাইট’ নামৰ চিএফএল বাল্ব। আংশিক লকডাউনৰ সময়তে কৰ্মবিমুখ হৈ জীৱিকাৰ পথ হিচাবে যুগলে অনলাইন প্ৰশিক্ষণৰ যোগেদি বাছি লৈছিল ইলেকট্ৰিক বাল্ব নিৰ্মাণৰ কাম।

যুগল মোডীয়ে বাল্ব নিৰ্মাণ কৰি থকাৰ মুহূৰ্ত

এই কামৰেই ভবিষ্যতে বৃহৎ উদ্যোগ গঢ়ি তোলাৰো সপোন দেখিছে যুগল মোডীয়ে। সীমিত সুবিধাৰ মাজেৰেই চাহ বাগিচা অঞ্চলৰ এই দুই উদ্যমী যুৱকে দেখুওৱা স্বাৱলম্বিতাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। এই কোভিড সৃষ্ট পৰিস্থিতিত সময়ৰ অপব্যৱহাৰ নকৰি অনলাইনৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণৰে ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলা আলেক্স আৰু যুগল হ’ব পাৰে আন দহজনৰ বাবে আদৰ্শ। ‘নতুন সময়’ৰ তৰফৰ পৰা দুয়োৰে ভৱিষ্যৎ জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img