27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

অক্টোবৰৰ পৰা ৬০% বৃদ্ধি হ’ব ঘৰুৱা গেছৰ মূল্য!

spot_img

# নিউজ ডেস্ক #

একেৰাহে দুটা বছৰ কমাৰ পিছত ভাৰতৰ প্ৰাকৃতিক গেছ উৎপাদকসকলে ঘৰুৱা গেছৰ মূল্য বৃদ্ধি কৰিব। অ’এনজিচিৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুভাষ কুমাৰে কয়, “অক্টোবৰ-২০২১ চনৰ পৰা মাৰ্চ-২০২২ সময়ছোৱাত ঘৰুৱাভাৱে উৎপাদিত প্ৰাকৃতিক গেছৰ মূল্য ৫০-৬০ শতাংশ বৃদ্ধি পাব।”

এইটোৱে কম ঘৰুৱা মূল্যৰ সন্মুখীন হৈ লাভ বজাই ৰখাটো কঠিন হৈ পৰা নিষ্কাশন কোম্পানীবোৰক সকাহ প্ৰদান কৰিব। বৰ্তমান ঘৰুৱা গেছৰ মূল্য প্ৰতি এমবিটিইউ (mBtu, নিযুত ব্ৰিটিছ থাৰ্মেল ইউনিট)ত ১.৭৯ ডলাৰ। উচ্চ চাপৰ উচ্চ তাপমাত্ৰা, গভীৰ পানী, আৰু অতি-গভীৰ পানীৰ এলেকাৰ (সামূহিকভাৱে কঠিন আৱিষ্কাৰ বুলি কোৱা হয়) পৰা উৎপাদিত গেছৰ বাবে সৰ্বাধিক বিক্ৰী মূল্য হৈছে প্ৰতি এমবিটিইউত ৩.৬২ ডলাৰ।

২০১৪ চনৰ পৰা ঘৰুৱা গেছৰ মূল্য এক সূত্ৰৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈ আহিছে যি বিশ্বব্যাপি গেছ কেন্দ্ৰবোৰত প্ৰাকৃতিক গেছৰ মূল্যৰ ওজনযুক্ত গড় বিবেচনা কৰে। কঠিন আৱিষ্কাৰৰ পৰা উৎপাদিত গেছৰ সৰ্বোচ্চ মূল্য বৈকল্পিক ইন্ধনৰ  মূল্যৰ সৈতে সম্পৰ্কিত। এই দুয়োটা মূল্যই মূখ্যতঃ একে দিশত আগবাঢ়ে। আন্তৰ্জাতিক মূল্য বিবেচনা কৰি ঘৰুৱা মূল্য গণনা কৰা হয়, কিন্তু তিনি মাহৰ পাৰ্থক্যত। ইয়াৰ অৰ্থ হৈছে অক্টোবৰ-মাৰ্চ, ২০২২ৰ মূল্য নিৰ্ধাৰণ কৰা হ’ব ৩০ জুনলৈকে বিশ্ব মূল্যৰ ওপৰত ভিত্তি কৰি।

মূল্যবৃদ্ধিৰ ফলত লাভান্বিত হ’ব পৰা প্ৰকল্পবোৰৰ ভিতৰত হৈছে ৰিলায়েন্স ইণ্ডিয়া লিমিটেড আৰু ভাৰত পেট্ৰ’লিয়ামৰ আৰ ক্লাষ্টাৰ। অ’এনজিচিৰ কেজি-ডিডব্লিউএন-৯৮/2 প্ৰকল্পও বৃহৎ লাভৱান হ’ব। ৰাজস্থানত প্ৰাকৃতিক গেছ উৎপাদন কৰা কেয়াৰ্ণ অইল এণ্ড গেছো লাভান্বিত হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img