পুৱাৰ জলপান : চিল্লা

0
94

ড: মৃদুস্মিতা ফুকন

উপকৰণ:
মগু দাইল: ২কাপ
পিয়াঁজ: ২টা মিহিকৈ কাটি ল’ব

ধনিয়া পাত: ডাঙৰ চামুচেৰে ১ চামুচ মিহিকৈ কাটি ল’ব
কেঁচা জলকীয়া: ৪ টা মিহিকৈ কাটি ল’ব
জলকীয়া গুৰি: ২ চামুচ
গৰম মচলাৰ গুৰি: ডেৰ চামুচ
নিমখ: সোৱাদ মতে
তেল: ভাজিবৰ বাবে


প্ৰণালী :
দাইলখিনি চাৰি ঘণ্টামান তিয়াই থৈ মিহিকৈ বটি লওক। তাতে উপৰোক্ত মচলা মিলাওক। তেৱা গৰম কৰি এচামুচ তেলেৰে তেৱাখন লেটিয়াই লওক। এতিয়া তাতে দাইলৰ মিশ্ৰণখিনি দি পানী-পিঠাৰ দৰে বহলকৈ মেলি ভাজিব। দুয়োফালে ভাজি মচমচীয়া হ’লে নহৰু বা ধনিয়াৰ চাটনিৰ সৈতে গৰমে গৰমে পৰিবেশন কৰক।
এইদৰে বেচনৰো চিল্লা কৰিব পাৰি।

দুপৰীয়াৰ সাজৰ বাবে : চাৱল কড়ী

উপকৰণ:
চাউল: ডেৰ কাপ (বগা দীঘল বিধৰ)
তেল: আধা কাপ
মিথি বা জিৰা: ২ চামুচ


আদা: ১ চামুচ,ৰুকি ল’ব
হালধি গুৰি:ডেৰ চামুচ
নিমখ: ২ চামুচ
উতলা পানী: ২ কাপ
দৈ : ২ কাপ,ফেটি ল’ব


কেঁচা জলকীয়া: ৩/৪ টা মিহিকৈ কাটি ল’ব
নেমুৰ ৰস: সোৱাদ মতে

প্ৰণালী:
ডাঠ পাত্ৰ এটাত তেল গৰম কৰি তাতে জিৰা বা মিথিৰ ফুৰণ দিব।জুই কমাই তাতে চাউল,আদা, হালধি আৰু নিমখ দি কিছুপৰ ভাজিব। অলপমান পানী দি আকৌ কিছুপৰ ভাজিব।চাউলখিনি বাদামী ৰঙৰ হ’লে পানীখিনি লাহে লাহে ঢালি দিব।চাউলখিনি আলফুলে লৰাই দিব।সিজিলে পৰিবেশন কৰিব। পৰিবেশনৰ আগে আগে নেমুৰ ৰস দিব।

এই চাৱল কড়ী সেকা বা ভজা মাংসৰ সৈতে খাবলৈ অতি তৃপ্তিদায়ক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here