27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

নিজৰ পৰিধিৰ ভিতৰত থাকিয়েই আমি গঢ়িব লাগিব নিজৰ অৰ্থনীতি

spot_img

যিসমূহ বিষয়ৰ ওপৰত ভিত্তি কৰি আমি সমগ্ৰ জীৱনটো চলাবলগীয়া হয় তাৰে ভিতৰত অৰ্থনীতি অন্যতম৷ এক কথাত অৰ্থনীতি এনে বিষয় যিয়ে আমাক আজীৱন নিয়ন্ত্ৰণ কৰে৷ অথচ একেবাৰে নগণ্যসংখ্যক মানুহেহে অৰ্থীতিৰ বিষয়ে জানে, অৰ্থনীতি বুজে আৰু অৰ্থনৈতিক দিশত চান্তা-চৰ্চা কৰে৷ গৰিষ্ঠসংখ্যক লোকেই অৰ্থনীতি বুলি ক’লেই উচপ খাই উঠে আৰু বিষয়টোৰ পৰা আঁতৰি ফুৰে৷ কাৰণ এটাই, অৰ্থনীতি এটা অতি কঠিন বিষয় বুলি থকা ধাৰণা৷

তত্ত্বগতভাৱে অৰ্থনীতি এটা সহজ বিষয় নহ’ব পাৰে৷ কিন্তু আমাৰ প্ৰত্যেকৰে দৈন্দিন জীৱনত অৰ্থনীতি যিহেতু সাঙোৰ খাই থাকে, সেয়ে অন্ততঃ নিজৰ অৰ্থনীতিৰ বিষয়ে ন্যূনতম ধ্যান-ধাৰণাখিনি থকাটো নিতান্তই প্ৰয়োজনীয়৷ মন কৰিব, সাম্প্ৰতিক সময়ত অৰ্থনৈতিক সজাগতাৰ প্ৰসংগটো সজোৰে উত্থাপিত হৈছে৷ দূৰদৰ্শী বুদ্ধিজীৱী, সচেতন নাগৰিক সমাজে অৰ্থনৈতিক সংগ্ৰামৰ প্ৰয়োজনৰ কথা বাৰম্বাৰ উনুকিয়াই আহিছে৷ সকলোৱেই অৰ্থনৈতিক স্বাধীনতা কিম্বা স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব দিবলৈ লৈছে৷ আমি সকলোৱেই বুজা উচিত- এজন ব্যক্তি, এটা জাতি কিম্বা এখন ৰাষ্ট্ৰই ভৰিত থিয় দিবলৈ হ’লে প্ৰথম চৰ্তটোৱেই হৈছে অৰ্থনৈতিক স্বাৱলম্বিতা৷ অৰ্থনৈতিক স্বাধীনতাই যদি নাথাকে তেন্তে ৰাজনৈতিক স্বাধীনতাৰ অৰ্থইবা কি৷

কিন্তু এতিয়াও আমাৰ অৱস্থা এনে পৰ্যায়ত যে আমাৰ মাজত ন্যূনতম বিত্তীয় সজাগতাকণো নাই৷ অৰ্থাৎ আমাৰ উপাৰ্জন কেনেকৈ হ’ব, সেই উপাৰ্জন ক’ত কিমান খৰচ কৰিম, কিমান সঞ্চয় কৰিম আৰু ক’ত কৰিম, ঋণ কেনেকৈ লম আৰু পৰিশোধ কেনেকৈ কৰিম ইত্যাদি ন্যূনমত কথাখিনি জনা মানুহৰ সংখ্যাও একেবাৰে কম৷ ভাৰতৰ দৰে দেশত জনসাধাৰণৰ বিত্তীয় নিৰাপত্তা এতিয়া এটা ডাঙৰ সমস্যা

দেশৰ অৰ্থনীতিৰ ভেটি টনকিয়াল কৰিবলৈ হ’লে বিত্তীয় সাক্ষৰতাৰ হাৰ দ্ৰুতগতিত বৃদ্ধি কৰিবই লাগিব৷ এসময়ত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনে স্কুলীয়া পাঠ্যক্ৰমত বিত্তীয় সাক্ষৰতাৰ বিষয়টো অন্তৰ্ভুক্তিৰ দৰে প্ৰস্তাৱ আগবঢ়াইছিল৷ মন কৰিবলগীয়া, আমেৰিকাত বিত্তীয় সজাগতা মাহ উদযাপিত হৈ আহিছে৷ প্ৰতিবছৰে এপ্ৰিল মাহত মাৰ্কিন জনসাধাৰণক বিশেষজ্ঞৰ দ্বাৰা বিত্তীয় জ্ঞান প্ৰদান কৰা হয়৷

নেচনেল চেণ্টাৰ ফৰ ফাইনেন্সিয়েল এডুকেচনৰ শেহতীয়া সমীক্ষা অনুসৰি, ভাৰতৰ মুঠ জনসংখ্যাৰ মাত্ৰ ২৭ শতাংশ লোকহে বিত্তীয়ভাৱে সাক্ষৰ৷ অৰ্থাৎ গৰিষ্ঠসংখ্যক ভাৰতীয় সাক্ষৰ হ’লেও বিত্তীয় দিশত কিন্তু নিৰক্ষৰ৷ এয়া নিসন্দেহে এক উদ্বেগজনক তথ্য৷

এটা কথা ঠিক, অৰ্থনীতি আনে গঢ়ি নিদিয়ে৷ আমি নিজেই নিজৰ অৰ্থনীতি গঢ়িব লাগিব৷ প্ৰসিদ্ধ মাৰ্কিন পৰিৱেশবিদ ডেনিছ উইভাৰৰ এষাৰ কথা উনুকিয়াওঁ- We should be able to support our own economy within our own boarders. হয়, আমি নিজৰ পৰিধিৰ ভিতৰত থাকিয়েই গঢ়িব লাগিব আমাৰ নিজৰ অৰ্থনীতি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img