29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

নতুন চৰকাৰৰ বাজেট আৰু প্ৰত্যাশা

spot_img

# উদয়ন হাজৰিকা #

অহা ১২ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব৷ এখন উন্নয়নশীল চৰকাৰে খৰচ কৰাৰ আগেয়ে ধন অহাৰ বাটসমূহ কটকটীয়া কৰি ল’বলৈ বিচাৰে৷ কাৰণ চৰকাৰৰ নিজৰ আয়ৰ উৎস তেনেই সীমিত৷ কৰো বুলিলেও য’তে-ত’তে কৰ আৰোপ কৰিব নোৱাৰে৷ আমাৰ ৰাজ্যখনে বছৰি প্ৰয়োজনীয় মুঠ ৰাজহৰ কেৱল ২৩-২৫ শতাংশহে নিজৰ উৎসৰ পৰা আহৰণ কৰে৷

বাকী ৭৭-৭৫ শতাংশ ধন কেন্দ্ৰৰ বিভিন্ন উৎসৰ পৰা আহে৷ আমি নিজে উপাৰ্জন কৰা ধনেৰে বৰ্তমান যিমান চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক দা-দৰমহা, মজুৰি পেঞ্চন আদি দিবলৈ নোজোৰে৷ ইয়াৰ বাবে বছৰি আমাৰ খৰচ হয় ৩২,০০০ কোটি টকা, অথচ আমি উপাৰ্জন কৰোঁ মাত্ৰ ২৭,০০০ কোটি টকা৷ গতিকে বাকী ৫,০০০ কোটিৰ জোৰা মাৰিবলৈ আমি কেন্দ্ৰীয় চৰকাৰৰ মুখলৈ চাই থাকিব লাগে৷

যোৱা বছৰ (২০২০-২১)ৰ বাজেটত মুঠ ৰাজহ সংগ্ৰহৰ লক্ষ্য আছিল ১.১৯ লাখ কোটি টকা৷ ইয়াৰ বিপৰীতে যোৱা ডিচেম্বৰ মাহ পৰ্যন্ত আমাৰ সংগৃহীত ৰাজহৰ পৰিমাণ হৈছেগৈ মাত্ৰ ৪৭.২৭ হেজাৰ কোটি টকা৷ অৰ্থাৎ মুঠ লক্ষ্যৰ ৩৯.৬৭ শতাংশ মাত্ৰ৷ কোডিভৰ বাবে বছৰটোত আমাৰ বহু লোকচান হ’ল৷ বছৰটোৰ শেষৰ ফালৰ তিনি মাহত কিছু ৰাজহ সংগ্ৰহ কৰা হ’ল যদিও বাজেটত ধাৰ্য লক্ষ্যৰ মোটামুটি ৬০ শতাংশমানহে সংগ্ৰহ কৰিব পৰা হ’ল৷ আনহাতে, লকডাউন সত্ত্বেও চৰকাৰী খৰচৰ মাত্ৰা কমা নাই৷

ডিচেম্বৰ মাহ পৰ্যন্ত ৰাজহ ব্যয়ৰ পৰিমাণ বাজেটত ধাৰ্য খৰচৰ লক্ষ্যৰ ৪৪ শতাংশ অতিক্ৰম কৰিছে যদিও সদায়েই হোৱাৰ দৰে মূলধনী ব্যয়ৰ পৰিমাণ ২৫ শতাংশতে সীমাবদ্ধ হৈ আছে৷ অৰ্থাৎ ৩৯.৬৭ শতাংশ আয়ৰ বিপৰীতে ৪৪ শতাংশ খৰচ৷ গতিকে বছৰৰ শেহলৈ বাজেট ঘাটিৰ পৰিমাণ ৩০২৮.০৩ কোটি টকা ধাৰ্য কৰা হৈছিল যদিও নিৰ্বাচনৰ সময়ৰ খৰচৰ মাত্ৰালৈ চাই ইয়াৰ পৰিমাণ নিঃসন্দেহে বৃদ্ধি হৈ ৪০০০-৪৫০০ কোটি টকা হোৱাৰ সম্ভাৱনা আছে৷ এই ঘাটিয়ে চলিত (২০২১-২২) বছৰৰ বাজেটত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব৷

যোৱাটো বছৰ নিৰ্বাচনী বছৰ হোৱা বাবে কেন্দ্ৰই ৰাজ্যক পঞ্চদশ বিত্ত আয়োগে অনুমোদন কৰা প্ৰায় সমুদায় ধন মুকলি কৰি দিছিল৷ ইয়াৰ ভিতৰত কেন্দ্ৰীয় কৰৰ অংশ হিচাপে ২৪,৫৫৩ কোটি টকা, ৰাজহ ঘাটি অনুদান হিচাপে ৭,৫৭৯ কোটি টকা আৰু ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজিৰ বাবে ৭৭২ কোটি টকা মোকলাই দিছিল৷ পঞ্চদশ বিত্ত আয়োগে সংগৃহীত কেন্দ্ৰীয় কৰৰ ৪১ শতাংশ ৰাজ্যসমূহলৈ বিলাই দিবৰ বাবে অনুমোদন জনাইছিল যদিও এই বছৰ বাজেটত কেন্দ্ৰই ৰাজ্যসমূহৰ বাবে এই শিতানত কেৱল ৩০ শতাংশ বাজেটহে ধাৰ্য কৰিছে৷

গতিকে, পৰৱৰ্তীকালত যদি অতিৰিক্ত ধনৰ অনুমোদন লোৱা নহয় তেনেহ’লে ৰাজ্যসমূহে এই বছৰ কেন্দ্ৰৰপৰা পঞ্চদশ বিত্ত আয়োগৰ অনুমোদনৰ সমুদায় ধন পোৱাৰ সম্ভাৱনা কম৷ কিয়নো কেন্দ্ৰই নিজেই তেওঁলোকৰ প্ৰয়োজনীয় ৰাজহৰ ৩৬ শতাংশ অৰ্থাৎ ১৮.৪৯ লাখ কোটি টকা আনিব বিভিন্ন ধৰণৰ ঋণৰ জৰিয়তে৷ যোৱা বছৰো সাধাৰণ সেৱা কৰৰ ঘাটিৰ পৰিকল্পে পাবলগীয়া ক্ষতিপূৰণ আদায় দিব নোৱাৰাৰ ফলস্বৰূপে পাছলৈ ঋণ লৈ সেই ক্ষতিপূৰণ আদায় দিবলগীয়া হৈছিল৷

যোৱা বছৰ অসমৰ বাজেট অনুসৰি মুঠ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰ (১.১৯ লাখ কোটি টকা) ১৫ শতাংশ বেছিকৈ ধৰি এই বছৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ স্থিৰ কৰিলে প্ৰয়োজনীয় ৰাজহৰ পৰিমাণ হ’বগৈ ১.৩৭ লাখ কোটি টকা৷ ইয়াৰে ২৩ শতাংশ যদি আমি নিজৰ ৰাজহ হিচাপে সংগ্ৰহৰ লক্ষ্য লওঁ তেতিয়া তাৰ পিৰমাণ হ’বগৈ ৩১.৫১০ কোটি টকা৷ কোভিডৰ দিনত ইমান পৰিমাণৰ কৰ সংগ্ৰহ কৰা সহজ কথা নহয়৷ যোৱা দুমাহত সাধাৰণ সেৱা কৰ সংগ্ৰহত ঘাটি পৰিছে৷ ইফালে চৰকাৰৰ খৰচৰ পৰিমাণ আৰু প্ৰত্যাশাই আকাশ চুইছেগৈ৷ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে ৰাজহ ঘাটি অনুদানৰ তিনিটা কিস্তিৰ মুঠ ১,৮৯৫ কোটি টকা অসমক মোকলাই দিছে৷ আনবোৰ পাবলগীয়া পুঁজি এতিয়াও দিবলৈ বাকী৷

এতিয়া চৰকাৰে এই বছৰেই আৰু এক লাখ লোকক চাকৰি দিম বুলি কৈছে৷ আমাৰ নিচিনা এখন নিবনুৱা প্ৰধান ৰাজ্যৰ বাবে সেইটো বৰ দৰকাৰী কথা৷ এখন ৰাজ্যই কেৱল চৰকাৰী খালী হৈ থকা পদসমূহ পূৰণ কৰিয়েই নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে৷ বৰ্তমান ৰাজ্য চৰকাৰৰ হিচাপ মতে আমাৰ ৰাজ্যত ১৯ লাখ নিবনুৱা আছে৷ সেই অনুপাতে চৰকাৰী খালী পদৰ সংখ্যা এক লাখতকৈ বহুত কম৷ টানি-টুনি এক লাখলৈ নিলেও সেই পদসমূহ পূৰণ কৰাৰ লগে লগে দৰমহা-পাতিৰ বাবদ চৰকাৰী খৰচ বৃদ্ধি হ’ব৷

এই বৃদ্ধি বছৰি মোটামুটি ৪,০০০ কোটি টকাৰ ওচৰা-ওচৰি হ’ব৷ আৰু প্ৰত্যেক বছৰে ইয়াৰ পৰিমাণ বাঢ়ি গৈ থাকিব৷ চৰকাৰে যোৱা বছৰ বহুতো চাকৰি নিয়মীয়াকৰণ কৰিছে৷ তেনে বহু লোকৰ দৰমহা এতিয়াও দিব পৰা হোৱা নাই৷ নিবনুৱা সমস্যা সমাধানৰ অৰ্থে চৰকাৰে এমএছএমই খণ্ডত প্ৰাধান্য দিয়াটো প্ৰয়োজন৷ এই খণ্ডটো শ্ৰম নিবিড় হোৱা বাবে নিবনুৱা সংস্থাপনৰ উপযোগী৷ একাণপতীয়াকৈ ধৰি পৰিকল্পনা কৰিলে চৰকাৰে এই খণ্ডটোত বছৰি কমেও তিনি লাখ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব পাৰিব আৰু এনে সংস্থাপনে চৰকাৰৰ ওপৰত কোনো আৰ্থিক চাপৰ সৃষ্টি নকৰে৷ তদুপৰি, ইয়াৰ ফলত কাৰখানাজাত সামগ্ৰীৰ উৎপাদনো বৃদ্ধি পাব৷ এনে উৎপাদিত সামগ্ৰীসমূহৰ বাবে একোখন কেন্দ্ৰীয় বজাৰ ৰাজ্যৰ মূল চহৰসমূহত স্থাপন কিৰব পাৰিলে গোটেই প্ৰক্ৰিয়াটোৱেই সম্পূৰ্ণ হ’ল বুলিব পাৰি৷

আন ৰাজ্যৰ তুলনাত আমাৰ ৰাজ্যখন এমএছএমইৰ ক্ষেত্ৰত বহুত পিছপৰা৷ ৰিজাৰ্ভ বেংকৰ ২০২০ চনৰ জুন মাহৰ সমীক্ষা মতে অসমৰ এমএছএমইৰ ক্ষেত্ৰত নিয়োজিত লোকৰ সংখ্যা মুঠ শ্ৰমিকৰ জনসংখ্যাৰ এক শতাংশও নহয়৷ আনহাতে, উন্নত ৰাজ্যসমূহত ইয়াৰ পৰিমাণ অধিক যেনে মহাৰাষ্ট্ৰ ২৩ শতাংশ, তামিলনাডুত ১৩-১৪ শতাংশ, গুজৰাট মধ্যপ্ৰদেশত ৯ শতাংশ ইত্যাদি৷ এইসমূহ ৰাজ্যই মূলধনী ৰাজসাহায্যকে ধৰি কম খৰচৰ বিদ্যুৎ, জেনেৰেটৰৰ বাবে ৰাজসাহায্য, নিয়োগ সৃষ্টিৰ বাবে আৰু নতুন উদ্যোগ স্থাপনৰ বাবেও যথেষ্ট পৰিমাণৰ ৰাজসাহায্য এমএছএমই গোটসমূহক প্ৰদান কৰে৷ আমি এইক্ষেত্ৰত বহুত পিছপৰি আছোঁ৷ উদ্যোগ বিভাগৰ গুৰি ধৰোতাজন কৰ্মঠ, অভিজ্ঞতাপুষ্ট আৰু দূৰদৃষ্টিসম্পন্ন হোৱা প্ৰয়োজন৷ অসমত টুইন টাৱাৰৰ বেছি প্ৰয়োজন নে এমএছএমই স্থাপন কৰি নিয়োগ, কেঁচামাল আৰু বজাৰৰ ব্যৱস্থা কৰাটো বেছি দৰকাৰ সেইটো জনাটো বেছি দৰকাৰ৷

সাধাৰণতে ধন বিতৰণৰ আঁচনিসমূহ চৰকাৰী কাম-কাজৰ বিনিময়তহে হোৱা উচিত৷ নহ’লে বিনা পৰিশ্ৰমে বা বিনাকষ্টে লাভ কৰা ধনৰ মূল্য নাথাকে৷ ই এহাতে শ্ৰমিকক কৰ্মবিমুখ কৰি মানৱ মূলধনৰ ক্ষতিসাধন কৰে আৰু বহি বহি খোৱা এটা শ্ৰেণীৰ সৃষ্টি কৰে৷ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হয়৷ কাৰণ দেখাক দেখি আন শ্ৰমিকসকলো কৰ্মবিমুখ হ’বলৈ আৰম্ভ কৰে৷ গতিকে কোনো শ্ৰম ঘণ্টা ব্যৱহাৰ নকৰাকৈয়ে হিতাধীকাৰীৰ যোগেৰে পেৱা এই ধন অৰ্থনীতিত সোমাই পৰে আৰু অৰ্থনীতিৰ উৎপাদকসমূহক অস্থিৰ কৰি তোলে৷ হিতাধিকাৰীসকলে হঠাতে ধন লাভ কৰাৰ ফলত বয়বস্তুৰ চাহিদা বৃদ্ধি পায় আৰু মুদ্ৰাস্ফীতিয়ে দেখা দিয়ে৷ ই অৰ্থনীতিত ক’লা ধনৰ সমপৰ্যায়ৰ৷ গতিকে চৰকাৰে এনে আঁচনিসমূহৰ পুনৰ বিবেচনা কৰি নতুন ৰূপত গঢ়ি তোলাটো প্ৰয়োজন৷

এনে আঁচনিসমূহ এম এনৰেগাতো ৰাজ্যৰ অংশ হিচাপে সংযোগ কৰিব পাৰি যাৰ ফলস্বৰূপে চৰকাৰ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত লাভৱান হ’ব৷ এই একেই কথা স্বামী বিবেকানন্দৰ দৰে আঁচনিৰ ক্ষেত্ৰতো খাটে৷ এই আঁচনিত এক বুজন পৰিমাণৰ ধন চৰ্তবিহীনভাৱে পুঁজি হিচাপে আগবঢ়াবলৈ বিচৰা হৈছে৷ চৰকাৰী ধন কোনো উপযুক্ত সুৰক্ষা বন্ধকী নোলাৱাকৈ দিয়াটো সমীচীন নহয়৷ তদুপৰি, এই ধন যি উদ্দেশ্যে দিয়া হৈছে সেই ক্ষেত্ৰত বিনিয়োগ হৈছেনে নাই তাৰ খতিয়ান ৰখাটো নিতান্তই প্ৰয়োজন৷ যোৱা ২০১৮-১৯ চনত এই আঁচনিৰ অধীনত মুঠ ৫,২৯৯ জনক আৰু যোৱা বছৰ ১,৪৩ লাখ (যদিও ৱেবছাইটত কেৱল ৬২,২৯৫খন আবেদনহে পোৱা হৈছে বুলি উল্লেখ আছে) হিতাধিকাৰীক প্ৰায় ৪৩৩ কোটি টকা আদায় দিয়া হৈছে বুলি বাজেট বক্তৃতাত উল্লেখ কৰা হৈছে৷

তেওঁলোকে সেই মঞ্জুৰীকৃত ধনেৰে কি কৰিলে সেইটো হিচাপ লোৱাটো দৰকাৰ৷ আমাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাই আমি দেখি আহিছোঁ যে সুৰক্ষা বন্ধকী লোৱাৰ পাছতো হাজাৰ হাজাৰ লোকে ঋণ গ্ৰহণ কৰিও ব্যৱসায় চলাই ৰখাত অসফল হৈছে৷ এই আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ প্ৰত্যেককে এক লাখ টকাকৈ দিয়াৰ কথা কোৱা হৈছে৷ কিন্তু এটা আত্মসহায়ক গোটৰ আটাইকেইজনে এই ব্যৱসায়ত ইচ্ছা নকৰিবও পাৰে৷ এইদৰে মিলিজুলি যি ব্যৱসায় কৰাৰ কথা কোৱা হৈছে সেইটো অসমত সহজ নহয়৷ যৌথ বা পাৰ্টনাৰশ্বিপত ব্যৱসায় টিকি থকা উদাহৰণ অসমত তেনেই নগণ্য৷

অৰ্থনৈতিক উন্নয়নৰ কথা ভাবিবলৈ হ’লে প্ৰথমে ৰাজহ ব্যয়ৰ পৰিমাণ হ্ৰাস কৰিবলৈ চেষ্টা কৰাটো প্ৰথম আৰু প্ৰধান কথা৷ আমাৰ মুঠ ব্যয়ৰ প্ৰায় ৮০-৮৫ শতাংশই ৰাজহ ব্যয়, কেৱল বাকীখিনিহে মূলধনী ব্যয়৷ চৰকাৰে মূলধনী ব্যয়ৰ বাবে বাজেটত ব্যৱস্থা কৰে যদিও শেষত গৈ খৰচ নকৰে৷ ৰাজহ ব্যয় হ্ৰাস কৰাৰ এটা অন্যতম উপায় হ’ল অদৰকাৰী চৰকাৰী নিয়োগৰ পৰিমাণ কমোৱা৷ যিবিলাক পদ যোৱা পাঁচ বছৰৰো অধিক কাল পূৰণ নকৰাকৈ আছে সেইবোৰ পদৰ সদ্যহতে প্ৰয়োজন নাই বুলি ক’ব পাৰি৷ গতিকে তেনে ধৰণৰ পদবোৰ পূৰণ কৰা অনুচিত৷ দ্বিতীয়তে যিবোৰ পদ চুক্তি ভিত্তিক হ’লে বেছি সুফল পোৱা যায়, তেনেবোৰ পদ সম্প্ৰতি চুক্তিভিত্তিক কৰি মকৰল কৰিব লাগে৷

চৰকাৰে ইচ্ছা কৰিলেই পৰ্বতসম কাৰ্যালয় ব্যয় কমাব পাৰে৷ অতি প্ৰয়োজন নহ’লে চৰকাৰী বিদেশ ভ্ৰমণত উৎসাহ দিব নালাগে৷ দিল্লীৰ সৈতে বেছিভাগ চৰকাৰী বৈঠক ভিডিঅ’ কনফাৰেন্সিঙতে কৰিব পাৰি৷ ৰাজহ ব্যয় কমোৱাৰ অৰ্থই হ’ল ৰাজহ ঘাটি কমোৱা আৰু ই আওপকীয়াকৈ উন্ননমূলক খৰচৰ বাট মুকলি কৰে৷ এতিয়া খৰচৰ কথা ভাবোঁতে আমি চিন্তা কৰিব লাগে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ কথা৷ যিবোৰ কাৰকে ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধিত সহায় কৰে সেইসমূহ কাৰক সক্ৰিয় কৰি তোলাত জোৰ দিয়াটো প্ৰয়োজন৷ কৃষি ক্ষেত্ৰত পতিত ভূমিসমূহ কামত লগোৱাৰ কথা ভাবিবৰ হ’ল৷

সুকীয়া সুকীয়া কৃষি গোট গঠন কৰি বাণিজ্যিক শস্য উৎপাদনত এইসমূহ ভূমি ব্যৱহাৰ কৰিব পাৰি৷ থাইলেণ্ডত এতিয়া খেতিয়কে সাধাৰণ শস্য এৰি বাণিজ্যিক শস্যত ধৰিছে৷ ব্যক্তিগত ভোগ বৃদ্ধি কৰিব লাগিব কিন্তু তাৰ বাবে ভোগকৰ্তাৰ সামগ্ৰীসমূহৰ দাম সুস্থিৰ ৰাখিবলৈ চেষ্টা কৰিব লগিব৷ সম্প্ৰতি যিটো গতিত সামগ্ৰীসমূহৰ দাম বৃদ্ধি হৈছে সেয়া এক সুস্থিৰ অৰ্থনীতিৰ পৰিচায়ক নহয়৷ গতিকে চৰকাৰে যেনেতেনে মূল্যমান সুস্থিৰ কৰিব লাগিব তেতিয়া ব্যক্তিগত খণ্ডত ভোগ বাঢ়িব৷ সেৱাখণ্ডত যিসকল লোক বৰ্তমান কোভিডৰ ফলস্বৰূপে নিবনুৱা হৈ পৰিছে তেওঁলোকক একেখণ্ডতে কাম দিবলৈ প্ৰয়াস কৰিব লাগিব৷

প্ৰয়োজন হ’লে নিৰ্মাণ খণ্ডত (ৰাস্তা-ঘাট, চৰকাৰী ভৱন, নলা, মথাউৰি আদি নিৰ্মাণ আৰু মেৰামতি) ৰাজহুৱা ব্যয় বৃদ্ধি কৰি এইসকল লোকক নিয়োজিত কৰিব লাগিব৷ অতিৰিক্ত এম এনৰেগাৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ কৰা উচিত৷ পৰ্যটন খণ্ড সম্পূৰ্ণৰূপে খোলাৰ বাবে ব্লু-প্ৰিণ্ট প্ৰস্তুত কৰি কেতবোৰ স্বয়ংসম্পূৰ্ণ স্বাস্থ্য গোট গঢ়ি তুলি পৰ্যটন খণ্ডত জুৰি দিব পৰা যাব৷ এতিয়া যিহেতু কেন্দ্ৰীয় চৰকাৰে ১৮-৪৪ বয়সৰ লোকসকলক প্ৰতিষেধক দিয়াৰ দায়িত্ব লৈছে, গতিকে ৰাজ্য চৰকাৰে এটা ডাঙৰ দায়িত্বৰ পৰা ৰেহাই পালে৷ এয়াই সময় ৰাজ্যখনৰ ৰাজহ বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ৷

লেখকৰ মোবাইল নং : ৯৪৩৫০-৪৫৬৮২

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img