27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

শ্বেয়াৰ বজাৰৰ সূচকাংকৰ গতি আৰু কৰোনা

spot_img

অতিমাৰী কৰোনাত বিধ্বস্ত অৰ্থনীতি আৰু জিডিপিৰ গতিয়ে ভাৰতক মহামন্দাৰ ফালে ঠেলি দিছে৷ এফালে মহামন্দা, আনফালে ভাৰতৰ শ্বেয়াৰ বজাৰৰ সূচাকাংকৰ ঐতিহাসিকভাৱে ৭৫ শতাংশ বৃদ্ধিয়ে প্ৰশ্নৰ অৱতাৰণা কৰিছে কোন দিশে ভাৰতৰ অৰ্থনীতি? ১৬ ছেপ্টেম্বৰত শ্বেয়াৰ বজাৰৰ সূচকাংক নিফটি ১৩,৬৮২ আৰু ছেনছেস্ক ৪৬,৬৬৬ ঐতিহাসিকভাৱে বৃদ্ধি হৈছে৷ গতিকে প্ৰশ্ন হয়- কৰোনাকালৰ সাধাৰণ মানুহৰ বোধগম্য হোৱা অৰ্থনীতিৰ গতিধাৰা যেনে নিবনুৱা বৃদ্ধি, উৎপাদিত সামগ্ৰীৰ বজাৰৰ অভাৱ, মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস আদি আৰু ভাৰতৰ শ্বেয়াৰ বজাৰৰ গতিধাৰা পৰস্পৰ বিপৰীতধৰ্মী নেকি?

ফাইল ফটো

গভীৰতালৈ যোৱাৰ আগতে উনুকিয়াব বিচাৰিছোঁ নিফটি আৰু ছেনছেস্কৰ বিষয়ে কিছু কথা৷ নেচনেল ষ্টক এক্সচেঞ্জ চমুকৈ নিফটি হৈছে ভাৰতৰ ৫০টা প্ৰতিষ্ঠানৰ গড় সূচকাংক৷ ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা নেচনেল ষ্টক এক্সচেঞ্জৰ অধীনত নিফটিৰ ট্ৰেডিং আৰম্ভ হয়৷ একেদৰে ষ্টক এক্সচেঞ্জ ছেনছিটিভ ইনডেস্ক চমুকৈ ছেনছেস্ক, ব’ম্বে ষ্টক এক্সচেঞ্জৰ অধীনত আটাইতকৈ বেছি ট্ৰেডিং হোৱা ৩০টা প্ৰতিষ্ঠানৰ গড় সূচকাংক যাৰ ট্ৰেডিং আৰম্ভ হয় ১৯৮৬ চনত৷ নিফটি আৰু ছেনছেক্স যিহেতু ভাৰতৰ প্ৰতিষ্ঠানৰ গড় সূচকাংক, গতিকে উক্ত সূচকাংকৰ বৃদ্ধি মানে প্ৰতিষ্ঠানসমূহত বিনিয়োগৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধিকে প্ৰকাশ কৰে৷

ফাইল ফটো

কৰোনাকালৰ অৰ্থনীতি আৰু শ্বেয়াৰ সূচকাংকৰ সম্পৰ্ক পৰস্পৰবিৰোধী নহয়৷ কৰোনাকালৰ অৰ্থনীতি হৈছে বৰ্তমান সময়ত সংঘটিত হৈ থকা পৰিস্থিতিৰ প্ৰতিফলন, কিন্তু শ্বেয়াৰ সূচকাংকৰ গতি হৈছে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি অনাগত সময়ত হ’বলগা পৰিস্থিতিৰ পৰ্যবেক্ষণ৷ গতিকে শ্বেয়াৰ মাৰ্কেটৰ সূচকাংক বৃদ্ধি মানে অনাগত সময়ত হ’বলগা ভাৰতৰ অৰ্থনীতিৰ প্ৰতিফলনৰ প্ৰতিচ্ছবি বুলি ক’লেও ভুল কৰা নহয়৷ যিসময়ত অতিমাৰী কৰোনাৰ বাবে বেপাৰ-বাণিজ্যকে ধৰি সকলো খণ্ডতে ঋণাত্মকভাব প্ৰতিফলিত হৈছ, সেই সময়ত কি ঘটনা বা পৰিঘটনাৰ ভিত্তিত শ্বেয়াৰ বজাৰৰ সূচকাংক বৃদ্ধি হৈছে?

বিভিন্ন কাৰণৰ ভিতৰত কেইটামান প্ৰধান কাৰণ হৈছে বিনিয়োগকাৰীৰ মাজত সৃষ্টি হোৱা বিশ্বাস, মুদ্ৰাৰ তৰলতা, বিদেশী বিনিয়োগকাৰীৰ শ্বেয়াৰ বজাৰত বিনিয়োগ আৰু কৰোনাৰ বাবে বিভিন্ন দেশে ঘোষণা কৰা সাহায্য পুঁজি৷ চীনত আৰম্ভ হোৱা কৰোনাক আন্তঃৰাষ্ট্ৰীয় মঞ্চ যেনে- বিশ্ব স্বাস্থ্য সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আদিক সময়মতে অৱগত নকৰা বাবে বিশ্বৰ শক্তিশালী দেশ যেনে- আমেৰিকা, ইটালি, গ্ৰেট ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স, জাপান, ব্ৰাজিল আদি দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছে৷ সেইবাবে এই দেশসমূহে চীনৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখিব খোজা নাই, যাৰ বাবে বিকল্প হিচাপে ১৩০ কোটি জনসংখ্যা থকা ভাৰতৰ দৰে বিশাল বজাৰৰ দেশক বাছি লৈছে৷ গৱেষণামূলক সংস্থা ব্লুমবাৰ্গে প্ৰকাশ কৰা তথ্যমতে ২০২০-২১ বিত্তীয় বৰ্ষৰ এতিয়ালৈ ২,১০০ কোটি টকাৰ বিদেশী বিনিয়োগৰ আগমন ঘটিছে ভাৰতৰ শ্বেয়াৰ বজাৰৈল৷ মুদ্ৰাৰ তৰলতা মানে বজাৰত ছপা মুদ্ৰাৰ পৰিমাণ বৃদ্ধি৷

ফাইল ফটো

কৰোনাকালত বন্ধ হৈ থকা বেপাৰ-বাণিজ্যৰ বাবে যাতে মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস নাপায়, তাৰ বাবে বিভিন্ন দেশৰ মুখ্য বেংকে ছপা মুদ্ৰাৰ পৰিমাণ বৃদ্ধি কৰিছে বজাৰত৷ ভাৰতৰ ৰিজাৰ্ভ বেংকে বেংকসমূহক ধন ধাৰে দিয়া সুতৰ হাৰ বা ৰেপ’ ৰেটক ৪ শতাংশলৈ হ্ৰাস কৰিছে৷ ফলত বেংকসমূহৰ প্ৰায় ৮ লাখ কোটি টকা উপলব্ধ হৈছে, যি ধন ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণত বেংকসমূহে ঋণ হিচাপে আগবঢ়াব পাৰিব৷ আনকি আমেৰিকাৰ ফেডাৰেল বেংকে ৰেপ’ ৰেট প্ৰায় শূন্য (০.২৫ শতাংশ) কৰিছে৷ তদুপৰি ইউৰোপিয়ান চেণ্ট্ৰেল বেংক, বেংক অব ইংলেণ্ড, বেংক অব জাপান, ছুইছ নেচনেল বেংকেও ৰেপ’ ৰেট হ্ৰাস কৰিছে বজাৰত মুদ্ৰাৰ তৰলতা বৃদ্ধিৰ বাবে৷

ফলত বিদেশী বিনিয়োগকাৰীৰ আগমন ঘটিছে ভাৰতৰ শ্বেয়াৰ বজাৰলৈ৷ ভাৰতত ২৫ মাৰ্চৰ পৰা ঘোষণা কৰা লকডাউনৰ পিছত এতিয়ালৈকে মাৰ্চ, মে’ আৰু নৱেম্বৰত ঘোষণা কৰা তিনিটা পেকেজৰ অধীনত সৰ্বমুঠ ২৪.৩৫ লাখ কোটি টকা আগবঢ়াইছে যাতে সাধাৰণ জীৱন-প্ৰণালীৰ লগতে ব্যৱসায়-বাণিজ্য খণ্ডৰ পুনৰুদ্ধাৰৰ লগতে সম্প্ৰসাৰণ কৰিব পাৰি৷ বিশেষকৈ ১২ মে’ত প্ৰধানমন্ত্ৰীয়ে  দেশক সম্বোধন কৰি দিয়া ভাষণত আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ আহ্বানত ঔদ্যোগিক খণ্ড উৎফুল্লিত হৈছে৷ ঔদ্যোগিক খণ্ডত নিয়ম-কানুনৰ শিথিলতাৰ বাবে বহু বিনিয়োগকাৰীয়ে ভাৰতৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে লভ্যাংশৰ আশাত৷

ফাইল ফটো

বিনিয়োগকাৰীয়ে বজাৰত মুদ্ৰাৰ যোগান বৃদ্ধি নিয়ম-নীতিৰ শিথিলকৰণ বা চীনৰ পৰিৱৰ্তে ভাৰতক বিনিয়োগৰ বিকল্প হিচাপে নিৰ্বাচিত কৰিলেও বজাৰৰ সামগ্ৰীৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে বিনিয়োগ কৰিব লাগে৷ একে খণ্ডতে বিনিয়োগৰ পৰিৱৰ্তে বিভিন্ন খণ্ডত ধনক ভাগ কৰি বিনিয়োগ কৰিব লাগে, কাৰণ কৰোনাকালত যিদৰে টেকন’লজি বা ফাৰ্মা প্ৰতিষ্ঠানৰ শ্বেয়াৰ বৃদ্ধি হৈছে, ঠিক একেদৰে ফিল্ম ইণ্ডাষ্ট্ৰিৰ ছবিঘৰৰ লগত জড়িত পিভিআৰ বা বেংকৰ সঘন চামিলকৰণৰ বাবে কিছুমান বেংকৰ শ্বেয়াৰৰ মূল্য হ্ৰাসো পাইছে৷ শেষত, বিখ্যাত বিনিয়োগকাৰী ৰবাৰ্ট কিয়োছাকিৰ ভাষাৰে সামৰিছোঁ এই প্ৰতিবেদন- “আপুনি কিমান ধন শ্বেয়াৰত বিনিয়োগ কৰিছে, সেয়া গুৰুত্বপূৰ্ণ নহয়, গুৰুত্বপূৰ্ণ আপুনি বিনিয়োগ কৰা ধনে আপোনালৈ কেনেকৈ লাভাংশ আনিছে৷”

মোবাইল নম্বৰঃ ৯৯৫৪৭-১৩০২৯

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img