27 C
Guwahati
Tuesday, September 21, 2021
27 C
Guwahati

অসম চাহ উদ্যোগ বিশেষ উদ্‌গনি আঁচনি, ২০২০

spot_img

নিউজ ডেস্ক

বিত্ত বিভাগ আৰু উদ্যোগ আৰু বাণিজ্য বিভাগে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি, ২০২০ গ্ৰহণ  কৰিছে ৷
প্ৰচুৰ চাহিদাসম্পন্ন অৰ্থডক্স চাহপাত আৰু বিশেষ কেইবিধমান চাহপাতৰ উৎপাদন বৃদ্ধিয়েই এই আঁচনিখনৰ মূল উদ্দেশ্য ৷

আঁচনিখনৰ বৈশিষ্ট্য :
• অৰ্থডক্স আৰু বিশেষ চাহপাত প্ৰস্তুতকাৰী উদ্যোগৰ ক্ষেত্ৰত কাৰ্যকৰী মূলধনৰ বিপৰীতে বছৰি ৩% সুত ৰেহাই ৷ সৰ্বোচ্চ নিৰিখ ২০ লাখ টকা ৷
• প্ৰতিকেজি অৰ্থডক্স আৰু বিশেষ চাহপাত উৎপাদনৰ বিপৰীতে ৭ টকাকৈ ৰাজসাহায্য ৷
• প্ৰয়োজনীয় নতুন যন্ত্ৰপাতিৰ বাবে ব্যয় কৰা মূলধনৰ বিপৰীতে ২৫% ৰাজসাহায্য৷ সৰ্বোচ্চ নিৰিখ ৩০ লাখ টকা ৷
• তিনি বছৰৰ বাবে কৃষি আয়কৰ ৰেহাই ৷

আঁচনিখন কাৰ বাবে :
• নিম্নলিখিত চাহপাত প্ৰস্তুতকাৰী উদ্যোগসমূহ :
১. অৰ্থডক্স চাহপাত;
২. গ্ৰীণ টী, ওলং টী, হোৱাইট টী, য়েল্ল’ টী আৰু পাৰ্পল টী আদি বিশেষ চাহাপাত প্ৰস্তুতকাৰী উদ্যোগসমূহ ৷
• ৰাজ্যখনত অৱস্থিত চাহপাত প্ৰস্তুতকাৰী উদ্যোগ ৷

আঁচনিখনৰ কাৰ্যকাল :
• আঁচনিখন ৩ বছৰৰ বাবে প্ৰযোজ্য হ’ব ৷

আবেদনৰ সবিশেষ :

• অনলাইন পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন তথা ৰাজসাহায্যৰ বাবে আবেদন কৰিব পাৰিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img