29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

বৰ্ষাকালীন অধিবেশনতেই গৃহীত হ’ব পাৰে সাধাৰণ বীমা আইনৰ সংশোধনী

spot_img

# নিউজ ডেস্ক #

বাজেটত দুটি ৰাষ্ট্ৰীয়কৃত বেঙ্ক আৰু এটি বীমা কোম্পানীৰ বিলগ্নিকৰণ অৰ্থাৎ ব্যক্তিগতকৰণৰ কথা ঘোষণা কৰিছিল বিত্তমন্ত্রী নির্মলা সীতাৰমনে। সূত্রৰ খবৰ মতে, উক্ত লক্ষ্যত উপনীত হোৱাৰ বাবেই সাধাৰণ বীমা ব্যৱসায় (ৰাষ্ট্ৰীয়কৰণ) আইনত সংশোধনী অনাৰ কাম কৰিছে চৰকাৰে। আসন্ন বৰ্ষাকালীন অধিবেশনতেই সংসদত সেয়া দাখিল কৰা হ’ব পাৰে। বেঙ্ক ব্যক্তিগতকৰণৰ বাবে বেঙ্কিং নিয়ন্ত্রণ আইন, ১৯৪৯তো সংশোধন আনিবলৈ আগবাঢ়িছে কেন্দ্ৰই। লগতে, বজাৰত জীৱন বীমা নিগমৰ (এলআইচি) প্রথমবাৰে শ্বেয়াৰ এৰা (আইপিঅ’)ৰ প্রক্রিয়া পৰিচালনা কৰিবলৈ কেইসপ্তাহমানৰ ভিতৰতেই মার্চেন্ট বেঙ্কাৰ নিয়োগ কৰিব পাৰে কেন্দ্রই।

উল্লেখ্য, চলিত বিত্তীয়বর্ষত বিলগ্নিকৰণৰ পৰা ১.৭৫ লক্ষ কোটি টকা আহৰণৰ লক্ষ্য লৈছে মোডী চৰকাৰে। যাৰ ভিতৰত বেছিখিনিয়েই অহাৰ কথা এলআইচিৰ আইপিঅ’ আৰু বেঙ্ক আৰু বীমা কোম্পানীৰ শ্বেয়াৰ বিক্ৰী কৰি। তাৰ লগতে ভাৰত পেট্রোলিয়াম (বিপিচিএল) আৰু আইডিবিআই বেঙ্কৰ ব্যক্তিগতকৰণৰ জৰিয়তে ধন আহৰণৰ পৰিকল্পনা কৰিছে চৰকাৰে। সম্প্রতি মুখ্য বিত্তীয় উপদেষ্টা কৃষ্ণমূর্তি সুব্রহ্মণ্যনৰ দাবী আছিল, ইতিমধ্যে বিলগ্নিকৰণ সন্দৰ্ভত বহুখিনি কাম চলিছে, এতিয়াও বহু কাম বাকী। অৱশ্যে সকলো মিলাই এই বছৰটো বিলগ্নিকৰণৰ বছৰ হিচাবেই মনত থাকিব।

সূত্রৰ খবৰ মতে, উক্ত পৰিকল্পনাৰ অঙ্গ হিচাবেই সাধাৰণ বীমা আইনৰ সংশোধনী প্ৰস্তুত কৰিছে কেন্দ্রই। ইতিমধ্যেই নীতি আয়োগৰ সচিবসকলৰ ওচৰলৈ বিলগ্নিকৰণৰ বাবে ইউনাইটেড ইণ্ডিয়া ইঞ্চিউৰেন্সৰ নাম পৰামৰ্শ কৰিছে বুলিও খবৰ। উল্লেখ্য, এই আইনৰ হাত ধৰি ভাৰতীয় বীমা কোম্পানীৰ শ্বেয়াৰ হাতলৈ নিয়া আৰু লেনদেন সম্পূর্ণ কৰিব পাৰে চৰকাৰে।

আনহাতে, বিগত জানুৱাৰীতে এলআইচিৰ শ্বেয়াৰ এৰি দিয়াৰ পূৰ্বে তাৰ মূল্যায়ন পৰীক্ষা কৰি চাবলৈ ‘মিলিমেন এভাইজৰ্ছ ইণ্ডিয়া’ক নিয়োগ কৰিছিল কেন্দ্রই। সূত্রই জনাইছে, ইয়াৰ বাবে বাজেটত এলআইচি আইনত অনা সংশোধনী সন্দৰ্ভত ইতিমধ্যেই বিজ্ঞপ্তি জাৰি কৰা হৈছে। দুসপ্তাহৰ ভিতৰত উক্ত সংস্থাটোৱে মূল্যায়ন পৰীক্ষা কৰিব। তাৰ পিছত মার্চেন্ট বেঙ্কাৰ নিয়োগ হ’ব পাৰে। নৱেম্বৰৰ ভিতৰত নিয়ন্ত্রকৰ সেউজ সংকেত লাভ কৰিব বুলি চৰকাৰৰ আশা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img