29 C
Guwahati
Tuesday, September 21, 2021
29 C
Guwahati

এটিএম উদ্ভাৱনৰ আঁৰৰ মনোৰম কাহিনী

১৯৬৭ চনৰ ২৭ জুনত উত্তৰ লণ্ডনত স্থাপন হৈছিল প্ৰথমটো এটিএম

spot_img

# দিলীপ শৰ্মা #

এটিএম (ATM)- আধুনিক জীৱন ধাৰণৰ এক অবিচ্ছেদ্য অংগ৷ দৈনন্দিন আৰ্থিক লেনদেন এতিয়া যেন এটিএম অবিহনে অচল৷ কিন্তু ক’ত, কেতিয়া, কোনে এটিএম আৰম্ভ কৰিছিল জানেনে? ইয়াৰ আঁৰত আছে এক মনোৰম কাহিনী৷

আৰম্ভণিতে উল্লেখ কৰি থওঁ যে যোৱা ২৭ জুন আছিল এটিএম (ATM, Automatic Teller Machine)ৰ ৫৪ সংখ্যক জন্মবাৰ্ষিকী৷ অৰ্থাৎ এতিয়াৰে পৰা ৫৩ বছৰ আগতে উদ্ভাৱন হৈছিল বৰ্তমানৰ বেংকিং সেৱাৰ অবিচ্ছেদ্য অংগ এটিএম মেচিনৰ৷ বৰ্তমান এটিএম মেচিন এক, কাৰ্য অনেক৷ যাৰ বাবে এতিয়া বিশ্বজুৰি আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংশ হৈ পৰিছে এটিএম৷

ফাইল ফটো

এটিএম মেচিনৰ জন্মদাতা হৈছে জন শ্বেফাৰ্ড বেৰণ৷ এটিএম মেচিন উদ্ভাৱন সন্দৰ্ভত ব্যাখ্যা কৰিবলৈ গৈ বেৰণে ইয়াৰ অন্তৰালৰ এক মনোৰম কাহিনী বৰ্ণনা কৰিছিল৷ তেওঁৰ বৰ্ণনা অনুযায়ী, ১৯৬৫ চনৰ কোনোবা এটা দিনত গা ধুই থাকোতে নগদ ধন বিতৰণৰ ধাৰণাটো মনলৈ আহে৷ তেওঁ গা ধুই থাকোতে বেংকৰ সময় উকলি যোৱাৰ পিছত ধন উলিওৱাৰ সমস্যাৰ কথা ভাবি থাকোতে উক্ত ধাৰণাটো মনলৈ আহে। সেই সময়ত তেওঁৰ প্ৰতি শনিবাৰে টকা উলিওৱাটো অভ্যাস আছিল৷ কিন্তু উক্ত সপ্তাহান্তিকটোত তেওঁ এক মিনিট পলমকৈ বেংকত উপস্থিত হৈছিল আৰু তেতিয়ালৈ তেওঁৰ বাবে বেংকৰ দুৱাৰ বন্ধ হৈ গৈছিল।

ফাইল ফটো

উক্ত বছৰৰে শেষৰ ফালে তেওঁ বাৰ্ক্লেজ বেংকৰ মুখ্য মহাপ্ৰবন্ধকক দুপৰীয়াৰ আহাৰ খাবলৈ ওলাই যোৱাৰ সময়ত সাক্ষাৎ কৰিছিল। সেই মুহূৰ্ততে শ্বেফাৰ্ড বেৰণে তেওঁৰ পৰা ৯০ ছেকেণ্ডৰ সময় বিচাৰিছিল কেছ মেচিনৰ ধাৰণাটো দাঙি ধৰিবলৈ।

‘মই কৈছিলোঁ যে মোৰ এটা ধাৰণা আছে যে যদি আপুনি আপোনাৰ নিৰ্দিষ্ট অংকৰ বাৰ্ক্লেজ চেক বেংকৰ কাষত এক শ্লটৰ মাজেৰে ভৰাই দিয়ে, তেন্তে নিৰ্দিষ্ট সময়ৰ ভিতৰতে নিৰ্দিষ্ট পৰিমাণৰ ধন উলিয়াই দিব৷’
তেওঁ কৈছিল, ‘সোমবাৰে পুৱা আহি মোক লগ কৰিব৷’

ফাইল ফটো

ইয়াৰ পিছৰখিনি বৰ্তমান এক স্বৰ্ণিল অধ্যায়৷ বাৰ্ক্লেজ বেংকে শ্বেফাৰ্ড বেৰনক ছয়টা নগদ ধন বিতৰণকাৰী মেচিন নিৰ্মাণৰ বাবে অনুমোদন দিছিল, যাৰ প্ৰথমটো ১৯৬৭ চনৰ ২৭ জুনত উত্তৰ লণ্ডনৰ উপনগৰ এনফিল্ডৰ এটা শাখাত স্থাপন কৰা হৈছিল৷

শ্বেফাৰ্ড বেৰনৰ জন্ম হৈছিল ১৯২৫ চনত শ্বিলঙত৷ ইয়াৰ পিছত তেওঁ ভাৰতীয় সেনাবাহিনীৰ দ্বিতীয় এয়াৰবৰ্ণ বিভাগত সেৱা আগবঢ়াইছিল য’ত তেওঁ গোৰ্খাসকলক পেৰাচুটৰ প্ৰশিক্ষণ দিছিল৷

তেওঁ তেওঁৰ ভাৰতীয় সেনাৰ নম্বৰটো মনত পেলাই PIN নম্বৰো উদ্ভাৱন কৰিছিল৷ তেওঁ প্ৰথমতে ছয়টা অংকৰ ব্যক্তিগত চিনাক্তকৰণ নম্বৰ (Personal Identification Number, PIN) সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল৷ কিন্তু তেওঁৰ পত্নী কেৰোলিনে অভিযোগ কৰিছিল যে ছয়টা সংখ্যা মনত ৰাখিবলৈ বহুত দীঘল আৰু তেতিয়া ইয়াক চাৰিটা সংখ্যালৈ হ্ৰাস কৰিছিল।

তেওঁ স্মৰণ কৰি কয়, “পাকঘৰৰ ডাইনিং টেবুলত তেওঁ কৈছিল যে তেওঁ কেৱল চাৰিটা সংখ্যা মনত ৰাখিব পাৰে, সেয়ে তেওঁৰ বাবেই চাৰিটা সংখ্যা বিশ্বমানৰ হৈ পৰিছিল।”

ফাইল ফটো

এই সকলোবোৰ সম্ভৱ হৈছিল প্ৰখ্যাত ভাৰতীয় গাণিতিক প্ৰতিভা শ্ৰীনিবাস ৰামানুজনৰ বহু দশক পূৰ্বৰ গাণিতিক অৱদানৰ বাবে।
অগতানুগতিক প্ৰতিভা, গণিতজ্ঞ শ্ৰীনিবাস ৰামুনুজনৰ গণিতৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নাছিল আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ত পৰৱৰ্তী শিক্ষা লাভ কৰিব পৰা নাছিল৷ তেওঁৰ মাদ্ৰাজ পোৰ্ট ট্ৰাষ্টৰ ইংৰাজী শিক্ষকে তেওঁক ট্ৰিনিটি কলেজ কেমব্ৰিজৰ অধ্যাপক হাৰ্ডিলৈ পত্ৰ লিখিবলৈ উৎসাহিত কৰিছিল৷

তেওঁ তেওঁৰ সমীকৰণৰ সৈতে এখন দীঘল পত্ৰ লিখিছিল যিখনে হাৰ্ডিৰ আগ্ৰহ বৃদ্ধি কৰিছিল আৰু তেওঁ কোনো প্ৰয়োজনীয় প্ৰৱেশ পৰীক্ষা অবিহনেই তাত নামভৰ্তি কৰাৰ সুযোগ পাইছিল৷

ফাইল ফটো

যদি সেই সময়ত তেওঁৰ বাবে নিয়ম ভংগ কৰা নহ’লহেঁতেন তেন্তে তেওঁ কেমব্ৰিজ আৰু বিশ্ব খ্যাতিলাভ কৰিব নোৱাৰিলেহেঁতেন আৰু ট্ৰিনিটি কলেজত তেওঁ বিভাজন তত্ত্ব সৃষ্টি কৰিব নোৱাৰিলেহেঁতেন৷ তেওঁ হৈছে ৰয়েল চছাইটিৰ ফেলো বঁটা লাভ কৰা আটাইতকৈ পুৰণি আৰু কনিষ্ঠতম ভাৰতীয়সকলৰ মাজৰ এজন৷

ফাইল ফটো

যেতিয়া আপুনি আপোনাৰ ডেবিট বা ক্ৰেডিট কাৰ্ডখন যন্ত্ৰটোত ৰাখে আৰু যন্ত্ৰটোক আপোনাৰ আকাংক্ষিত পৰিমাণৰ ধন উলিয়াই দিবলৈ নিৰ্দেশ দিয়ে, তেতিয়া যন্ত্ৰটোৱে ইয়াক বিতৰণ কৰাৰ পূৰ্বে ৰামানুজনৰ বিভাজন তত্ত্ব ব্যৱহাৰ কৰি আপোনাৰ ধন বিভাজন কৰে আৰু সজ্জিত কৰে৷ প্ৰক্ৰিয়াটো এনেধৰণৰ :
A partition of a positive integer n is just an expression for n as a sum of positive integers, regardless of order. Thus p(4) = 5 because 4 can be written as 1+1+1+1, 1+1+2, 2+2, 1+3, or 4.

এটিএম যন্ত্ৰটোৱে ৰামানুজনৰ বিভাজন তত্ত্ব অনুসৰি বিতৰণ কৰিবলগা সঠিক ধনৰ ব্যৱস্থা কৰে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
Latest news
Related news
spot_img