পাক অধিকৃত কাশ্মীৰ’ সম্পূৰ্ণ খালী কৰক : পাকিস্তানক নিৰ্দেশ ভাৰতৰ

0
138

নিউজ ডেস্ক : পাকিস্তানক পাক অধিকৃত কাশ্মীৰ (PoK) খালী কৰাৰ নিৰ্দেশ দিছে ভাৰতে। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে জনাইছে যে গিলগিট-বাল্টিস্তান সহিতে সম্পূৰ্ণ জম্মু-কাশ্মীৰ আৰু লাডাক ভাৰতৰ অভিন্ন অংগ বুলি স্পষ্টভাৱে পাকিস্তানক কোৱা হৈছে। পাকিস্তানৰ বাবে উচিত এই অঞ্চলসমূহৰ পৰা অবৈধ দখল উঠাই নিয়া।
উল্লেখযোগ্য যে সম্প্ৰতি পাকিস্তানৰ হাইকোর্টে এক আদেশ জাৰি কৰি গিলগিট-বাল্টিস্তান চৰকাৰৰ নিৰ্দেশত সংশোধন কৰাৰ অনুমতি দিছে। এই অনুমতি প্ৰদানৰ পিছত এইবাৰ গিলগিট-বাল্টিস্তানত পাকিস্তানে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিব।

কিন্তু ভাৰতে গিলগিট-বাল্টিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ পাকিস্তানৰ হাইকোৰ্টৰ আদেশৰ পিছত ইছলামাবাদৰ ওচৰত তীব্ৰ আপত্তি দৰ্শাইছে।
বিদেশ মন্ত্ৰালয়ে এটি বিবৃতিত কৈছে, “ভাৰত-পাকিস্তানৰ জ্যেষ্ঠ কূটনীতিবিদসকলে এখন আপত্তি-পত্ৰ জাৰি কৰিছে আৰু তথাকথিতভাৱে গিলগিট-বাল্টিস্তানক লৈ পাকিস্তানৰ হাইকোৰ্টৰ আদেশৰ বিৰুদ্ধে পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here