27 C
Guwahati
Saturday, September 7, 2024

Buy now

অৰ্থনৈতিক সংকট মোচন, প্ৰলোভন আৰু মিথ্যাচাৰৰ দ্বাৰা নহয় ~ শৰৎ দাস ~

- Advertisement -
- Advertisement -
- Advertisement -

কিছুদিন আগতে ডুবাইত ‘ৱ’ল্ডৰ্ গৱৰ্ণমেণ্ট ছামিট’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যুৱ-প্ৰজন্মৰ শক্তিৰে নতুন ভাৰতবৰ্ষ গঢ়াৰ কথা কৈছে৷ তেওঁৰ মতে, ১২৫ কোটি নাগৰিকৰ ৬৫ শতাংশ অৰ্থাৎ ৩৫ কোটি যুৱক-যুৱতীক প্ৰযুক্তিগত শিক্ষাৰে শিক্ষিত কৰি নব্য ভাৰত গঢ়িব৷ শুনোঁতে খুব সুন্দৰ কথা৷

PM Modi to visit Dubai on January 6, first international trip in 2022 |  India News | Zee News

ইয়াৰ আগতে তেওঁ ডাভোচত ‘ৱ’ল্ডৰ্ ইকন’মিক ফ’ৰাম’ত ২০২৫ চনৰ ভিতৰত ভাৰতক এক শক্তিশালী দেশ হিচাপে গঢ়াৰ কথাও কৈছিল৷ ৰাজনীতিৰ এক আচৰিত বৈশিষ্ট্য হ’ল যে বাস্তৱ যিয়েই নহওক কিয়, মানুহক এক কল্পনাৰ জগতলৈ লৈ গৈ ভোট আদায় কৰাহে মূল কথা৷ বিজেপি চৰকাৰখনে আৰু বিশেষকৈ প্ৰধান মন্ত্ৰী মোডীয়ে সম্পূৰ্ণ অৱাস্তৱ আৰু মিথ্যাচাৰেৰে মানুহক প্ৰৱঞ্চনা কৰি আছে৷ ২০১৯ চনত ১৮ বছৰ হ’বলগীয়া যুৱকসকলক প্ৰলোভিত কৰিবলৈ জিলা প্ৰশাসন, চৰকাৰী অনুষ্ঠানসমূহক নিয়োজিত কৰিছে৷ পিচে মনত ৰখা দৰকাৰ যে প্ৰতিবছৰে কলেজসমূহৰ পৰা ওলোৱা ১১ নিযুত যুৱকৰ কেৱল শতকৰা ২০ভাগেহে তেওঁলোকৰ দক্ষতাৰ লগত সংগতি ৰাখি কাম পাইছে৷ যদিও মহিলাসকল ভাৰতৰ জনসংখ্যাৰ ৪৯ ভাগ, তেওঁলোক শ্ৰম শক্তিৰ মাত্ৰ ২১ শতাংশ৷ ভাৰতৰ ৭৫ কোটি যুৱকৰ ৭৫ভাগেই পঞ্চম শ্ৰেণীৰ ওপৰলৈ শিক্ষা গ্ৰহণ কৰিব পৰা নাই আৰু ৮৩ভাগেই হাইস্কুলৰ পিছত ওপৰলৈ যাব পৰা নাই৷

PM Narendra Modi jets to Dubai to attend COP28 climate summit - India Today

ভাৰত স্বাভাৱিকভাবেই এখন গাঁৱৰে  ভৰা দেশ৷ ২০১১ চনৰ লোকপিয়ল মতে দেশৰ শতকৰা ৬৮.৮ ভাগ মানুহ আৰু শ্ৰমশক্তিৰ ৭২.৪ ভাগ গ্ৰামাঞ্চলত বাস কৰে৷ কিন্তু সময়ৰ সোঁতত নগৰীকৰণৰ ফলত গ্ৰামাঞ্চলত বাস কৰা জনসংখ্যাৰ অংশ কমি গ’ল৷ ২০০১ আৰু ২০১১ চনৰ ভিতৰত ভাৰতৰ চহৰৰ জনসংখ্যা গ্ৰামাঞ্চলত শতকৰা ১২.১৮ভাগৰ তুলনাত শতকৰা ৩১.৮ ভাগ বাঢ়িল৷ শতকৰা  ৫০ভাগৰো অধিক চহৰৰ জনসংখ্যা এই সময়ছোৱাত বৃদ্ধিৰ কাৰণ গ্ৰামাঞ্চলৰ পৰা চহৰলৈ অহা আৰু গ্ৰামাঞ্চলৰ বসতি কিছু চহৰলৈ ৰূপান্তৰ কৰা৷ জনসংখ্যা প্ৰক্ষেপে উনুকিয়ায় যে ২০৫০ চনলৈ ভাৰত গ্ৰামাঞ্চলৰ প্ৰভাৱত থাকিব আৰু তাৰপিছত জাতিসংঘৰ মতে চহৰৰ জনসংখ্যাই গ্ৰামাঞ্চলৰ জনসংখ্যাক চেৰ পেলাব৷
PM Modi asks followers to remove 'Modi ka Parivar' from social media  handles - The Hindu
ঝাৰখণ্ডত চিমডেগা জিলাত ১১ বছৰীয়া এটি শিশুৰ ক্ষুধাত মৃত্যু হোৱাটোৱে শাসনত থকাসকলৰ বিবেক দংশন কৰিছেনে নাই নেজানোঁ, কিন্তু ইয়ে দেশৰ ক্ষুধাৰ আৰ্তনাদৰ ছবিখন পৰিস্ফুট কৰি তুলিছে৷ ২০১৭ চনৰ গোলকীয় ক্ষুধা সূচীত ভাৰতৰ অৱস্থান ১০০ লৈ গুচি গৈছে,  আন্তৰ্জাতিক  খাদ্য নীতি অনুসন্ধান অনুষ্ঠানে [IFPRI] উলিওৱা তথ্যমতে৷ আমাৰ স্থান ৰাৱণ্ডাতকৈও তলত, যিখন দেশ বহু বছৰ ধৰি যুদ্ধ বিধ্বস্ত, যাৰফলত ৰ নিযুতকৈও বেছি লোকৰ মৃত্যু হৈছে৷ আমাৰ ওচৰৰ দেশ চীনৰ স্থান ২৯, নেপাল ৭২, ম্যানমাৰ ৭৭, শ্ৰীলংকা ৮৪ আৰু বাংলাদেশ ৮৮ স্থানত৷ ১৯৭২ চনৰ পৰা দাৰিদ্ৰ্যক চহৰ অঞ্চলত ২১০০ কেল’ৰি কিনাৰ বাবে প্ৰয়োজনীয় ধন আৰু গ্ৰামাঞ্চলত ২৪০০ কেল’ৰি কিনাৰ বাবে প্ৰয়োজনীয় ধনৰ ওপৰত চিনাক্ত কৰা হৈছে৷ প্ৰধান মন্ত্ৰী মোডীৰ ভাষাতেই শুনা যায়– “Globalisation is losing its lustre, giving way to protectionism and trade barriers…” সমগ্ৰ বিশ্বজুৰি পুঁজিবাদী অৰ্থনীতিয়ে কেৱল বৈষম্যই নহয়, অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ নিবনুৱা সমস্যা, দাৰিদ্ৰ্যই মানুহক জ্বলা-কলা কৰিছে৷ তাৰ পৰা পৰিত্ৰাণৰ পথ নাপাই শাসক দলসমূহে প্ৰান্তীয় সমস্যা, সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ভেদাভেদৰ ৰাজনীতিৰ আশ্ৰয় লৈছে৷
What made Narendra Modi so popular and icon amongst the youth? - Quora
বৰ্তমান ক্ষমতাসীন চৰকাৰৰ মৌলিক নীতিয়েই হ’ল হিন্দুত্ব আৰু সংবিধান প্ৰদত্ত অধিকাৰ হৰণ কৰা৷ এক ধৰ্মনিৰপেক্ষ দেশৰ কাঠামোৰ প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰি দেশৰ আৰ্থিক, মৌলিক সমস্যাসমূহক আঁতৰত ৰখা৷ গণতন্ত্ৰই বিবেক আৰু বিশ্বাস, সহনশীলতা আৰু পাৰস্পৰিক সন্মানৰ স্বাধীনতাক প্ৰতিনিধিত্ব কৰে৷ ভাৰতবৰ্ষ এখন বহুধৰণৰ ধৰ্মীয় বিশ্বাসৰ স’তে বহুত্বৰ সমাজ, য’ত ভিন্ন জাতি-উপজাতি, সম্প্ৰদায় আৰু সংস্কৃতিৰে ভৰি আছে৷
Will India become the world's largest economy by 2075? Here's what  financial experts say - BusinessToday
ধৰ্মনিৰপেক্ষতা মানুহৰ মৰ্যাদাৰে সম্প্ৰীতি ৰক্ষা কৰি উদাৰতা তৈয়াৰ কৰিবলৈ সাংবিধানিক নীতি পালন কৰা এক দুৰ্গৰ স্তম্ভ৷ ইয়ে বিভিন্ন ধৰ্মীয় বিশ্বাসক আঁকোৱালি লয় আৰু বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত সহনশীলতা আৰু পাৰস্পৰিক সন্মান দেখুওৱাৰ এক মান তৈয়াৰ কৰে৷ আইনৰ শাসনক [Rule of law] এক মুক্ত সমাজত স্বাৰ্থৰ সংঘাতৰ সামাজিক বুজাপৰাৰ বাবে এক সঁজুলি হিচাপে বাছি লোৱা হৈছে৷ এক ফেঁচিবাদী চৰিত্ৰৰে ৰাষ্ট˜যন্ত্ৰ পৰিচালনা কৰি গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰাৰ প্ৰচেষ্টা চলি আছে৷ কল্যাণকামী ৰাষ্ট˜ৰ ধাৰণা এতিয়া আৰু নাই৷ ৰাষ্ট˜যন্ত্ৰৰ সংজ্ঞাৰ জোৰ-জবৰদস্তি কৰি সলনি কৰা হৈছে৷ সেয়েহে কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত সংবিধান সংশোধন কৰা মন্তব্য৷ আৰ এছ এছৰ প্ৰত্যক্ষ হস্তক্ষেপত দেশৰ শাসন ব্যৱস্থাৰ মাজত এক উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিবলৈ লোৱা হৈছে৷ 
It takes risks, it innovates, it incubates': PM Modi takes about 'New  India' in Berlin | DH Latest News, DH NEWS, Latest News, India, NEWS,  International , Prime Minister Narendra Modi, Berlin,
ৰিজাৰ্ভ বেংক অব্‌ ইণ্ডিয়াই ৬ ফেব্ৰুৱাৰী তাৰিখে সাৱধান কৰি দিছে যে মূল্যবৃদ্ধি হ’ব পাৰে, বিত্তীয় সংযমহীনতা আৰু অস্থিৰ গোলকীয় বিত্তীয় অৱস্থাত বৃদ্ধি সীমাবদ্ধ হ’ব৷ খাদ্যবস্তুৰ মূল্যবৃদ্ধিয়ে মুদ্ৰাস্ফীতি বঢ়াব৷ এয়াই হ’ল পুঁজিবাদী ব্যৱস্থাৰ চৰম সংকট৷ মোডী চৰকাৰে বাজেটত কৰা প্ৰতিশ্ৰুতি অসাৰ হ’বলৈ গৈ আছে৷ আগষ্ট ২০১৭লৈ বছৰটোত ২৬ নিযুত মানুহে সম্ভাৱনাপূৰ্ণ শ্ৰমশক্তিত যোগ দিছে আৰু প্ৰায় ১.৫ নিযুত মানুহে নিযুক্তি পাইছে৷ BSE-CMIEৰ দ্বাৰা জৰীপ কৰাৰ পিছৰ এই তথ্য৷ ১৫ বছৰ বা বেছি বয়সৰ জনসংখ্যা ৯৪২ নিযুতৰ পৰা ৯৬৮ নিযুতলৈ বাঢ়িছে৷ আনহাতে, নিযুক্তি পোৱা ৪০৩ নিযুতৰ পৰা ৪০৫ নিযুতলৈ বাঢ়িছে৷ BSE-CMIE-এ এই নিয়োগৰ এবছৰত বছৰি তিনিবাৰ জৰীপ কৰে ২৫খন ৰাজ্যজুৰি ১,০১,৭২৪ পৰিয়ালৰ নমুনা লৈ৷ এই সংস্থাৰ মতে, বিমুদ্ৰাকৰণৰ বাবে কৰ্মহীন হৈছে ১.৫ নিযুত মানুহে৷ ১৫১ পৰা ২৪ বছৰ বয়সৰ ভিতৰৰ নিয়োগ পোৱা মানুহৰ যোৱা এবছৰত ১০ নিযুতলৈ কমি ৪৪ নিযুত হ’ল৷ ইয়েই আগষ্ট, ২০১৭ত সামগ্ৰিক নিযুক্তি সংখ্যা তললৈ নমাইছে৷ ইয়াৰ লগত যোৱা ৮ ফেব্ৰুৱাৰীত বাতৰিকাকতত প্ৰকাশ পাইছে যে ষ্টক একচেঞ্জত তিনি দিনৰ ভিতৰত ১০ লাখ কোটি টকাৰ লোকচান হৈছে৷ আকৌ স্বয়ংক্ৰিয় যন্ত্ৰ বা অট’মেচনৰ দ্বাৰা, ৰবটৰ দ্বাৰা কাম কৰিবলৈ লোৱাত তথ্য-প্ৰযুক্তি খণ্ডত কম-নৈপুণ্যৰ [Low-skilled] কামৰ ৬,৪০,০০০জনৰ ২০২১ চনৰ ভিতৰত বিপদৰ সন্মুখীন হ’ব৷
India's Economic Growth story and the future roadmap - Civilsdaily
স্বাধীনতাৰ ৭০ বছৰ পিছতো দেশখনে এক দুৰ্দশাৰ মাজেৰে বাচি থাকিবলগা হৈছে৷ ইয়াৰ কাৰণ এটাই– অৰ্থনৈতিক নীতি আৰু ৰাজনৈতিক নেতা আৰু দলসমূহৰ ভোটৰ ৰাজনীতি৷ যিমানেই অশিক্ষিতৰ সংখ্যা বাঢ়িব, বিভেদৰ ৰাজনীতি চলি থাকিব৷ যিমানেই সামাজিক মান নিম্নগামী হ’ব, জাত-পাত, সাম্প্ৰদায়িক শক্তিৰ সুবিধা হ’ব৷ ভোগবাদী ব্যৱস্থাত জনসাধাৰণৰ মৌলিক চিন্তাক বিক্ষিপ্ত কৰি, নৱ-প্ৰজন্মৰ ঊধবৰ্মুখী চিন্তাৰ বিকাশত বাধা আৰু অন্যান্য উপসৰ্গ জাপি দি শাসন চলাই যাব শাসক দলে৷ দলিত, পিছপৰা শ্ৰেণীক ব্ৰাহ্মণ্যবাদী চিন্তাধাৰাই এলাগী কৰি হত্যা, অত্যাচাৰ চলাই যাব৷ প্ৰগতিশীল চিন্তাৰ লোকৰ চিন্তাৰ হত্যাৰ লগতে ব্যক্তিকো নিঃশেষ কৰাৰ প্ৰচেষ্টা ফেঁচিবাদী চৰকাৰে কৰিব৷ গণতন্ত্ৰৰ নামত পুলিচী অত্যাচাৰেৰে গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবলৈ চেষ্টা কৰিব৷ এয়া ফেঁচিবাদী নীতিৰ বিশ্বজনীন চৰিত্ৰ৷ বিজেপিৰ বিকল্প কেৱল কংগ্ৰেছ নহয় আৰু কংগ্ৰেছৰ গুজৰাটৰ নিৰ্বাচনৰ সময়ত কৰা নৰম হিন্দুত্বও এক ভোটৰ ৰাজনীতি৷ কিন্তু তাৰমানে কংগ্ৰেছৰ সকলো গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিসমূহ জনগণৰ শত্ৰু নহয়৷ আগত দিনত সেয়েহে সকলো বাম-গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ শক্তিসমূহৰ সমুখত এক প্ৰত্যাহ৩ান আহি পৰিছে৷ অসমৰ চাৰিওফালে জনতাই বিক্ষোভ কৰিছে৷ দল-সংগঠনেও প্ৰতিবাদী কণ্ঠেৰে ওলাই আহিছে৷ ইয়াক এক সংহত ৰূপত এক নীতি আৰু পৰিকল্পনাৰে ৰূপ দিলে জনগণ আকৰ্ষিত হ’ব৷ ইয়াৰ গত্যন্তৰ নাই৷ নহ’লে দেশখন লগতে অসমখনো এক জ্বলন্ত অগ্নিপিণ্ড হ’ব৷ সময়ে কিন্তু তাৰেই আহ্বান দিছে৷ 
অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়
জু-ৰোড, গুৱাহাটী-৭৮১০২৪
ফোন – ৯৪৩৫৭-৩২৯৫৫
- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,316FansLike
0FollowersFollow
22,000SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
25.8 ° C
25.8 °
25.8 °
94 %
1.1kmh
88 %
Sat
26 °
Sun
34 °
Mon
32 °
Tue
30 °
Wed
30 °

শেহতীয়া আপডেটঃ

This will close in 0 seconds