27 C
Guwahati
Saturday, September 7, 2024

Buy now

টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন

- Advertisement -
- Advertisement -
- Advertisement -

♦ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছনছৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনৰ উপস্থিতিত শনিবাৰে দুপৰীয়া জাগীৰোডত অসমৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰা হয়। অসমক বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ মূল কেন্দ্ৰ হিচাপে প্রতিষ্ঠা কৰাত উদ্যোগটোৱে বিশেষ ভূমিকা ল’ব বুলি আশা কৰা হৈছে। প্ৰকল্পটোৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো অসম তথা উত্তৰ-পূব ভাৰতৰ বাবে প্রযুক্তিগত বিকাশৰ পথত এটা উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্যোগত টাটা গ্রুপে আৰম্ভ কৰা এই প্রকল্প অসমবাসীৰ বাবে তাৎপৰ্যপূৰ্ণ আৰম্ভণি বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে টাটা গ্রুপে অঞ্চলটোৰ চাহ উদ্যোগৰ লগতে চিকিৎসা খণ্ডলৈ আগবঢ়োৱা সেৱাৰ বিষয়েও উল্লেখ কৰে। ৰাজ্যখনত উগ্ৰবাদী সমস্যা প্রতিহত কৰাত চৰকাৰৰ সফলতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ঔদ্যোগিক গোষ্ঠীটোক অসমত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছিল বুলি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

453779483 1072213387601694 596743055813504336 n 453857101 1072261104263589 1053015269482609304 n

উল্লেখযোগ্য যে, এই প্ৰকল্পটোত ইতিমধ্যে সহস্ৰাধিক অসমীয়া যুৱতীক প্ৰশিক্ষণ দি নিয়োগৰ সুবিধা দিয়া হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি টাটা ছনছৰ চেয়াৰমেন নটৰাজন চন্দ্ৰশেখৰনে কয় যে, জাগীৰোডত স্থাপন কৰা ৰাজ্যৰ প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্পত বৈদ্যুতিক গাড়ী, মোবাইল ফোন আৰু চিকিৎসাৰ বিভিন্ন সঁজুলিৰ বাবে প্রয়োজনীয় ৪৮ হাজাৰ মিলিয়ন চিপছ প্রতিদিনে উৎপাদন তথা যন্ত্রাংশ সংযোজন কৰা হ’ব।

- Advertisement -

গুৱাহাটীঃ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Stay Connected

10,316FansLike
0FollowersFollow
22,000SubscribersSubscribe
- Advertisement -
Assam
overcast clouds
25.8 ° C
25.8 °
25.8 °
94 %
1.1kmh
88 %
Sat
26 °
Sun
34 °
Mon
32 °
Tue
30 °
Wed
30 °

শেহতীয়া আপডেটঃ

This will close in 0 seconds