Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ বিশ্বৰ ভিন্ন প্ৰান্তৰ কেইটামান খবৰ

বিশ্বৰ ভিন্ন প্ৰান্তৰ কেইটামান খবৰ

0

নিউজ ডেস্কঃ

● ভাৰতে কেলিফৰ্নিয়াৰ চেক্ৰেমেণ্টোৰ বি এ পি এছ শ্ৰী স্বামীনাৰায়ণ মন্দিৰ ভঙা কাৰ্যক ঘৃণনীয় আৰু অপবিত্ৰ কাৰ্য হিচাপে গৰিহণা দিছে, লগতে দোষীৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

● হাৰিকেন হেলিনে উত্তৰ-পশ্চিম ফ্ল’ৰিডাত আঘাত হানিছে, যাৰ ফলত ঘণ্টাত ২২৫ কিলোমিটাৰ বেগেৰে বতাহ বলাৰ লগতে ব্যাপক বানপানী, আৰু বিদ্যুৎ সংযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে। দক্ষিণ-পূবৰ একাধিক ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে।

● লেবাননত ইজৰাইলে হিজবুল্লাহৰ ঘাটীসমূহলৈ লক্ষ্য কৰি আক্ৰমণ তীব্ৰতৰ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৭০০ লোকে প্ৰাণ হেৰুৱাইছে। ২ লাখৰো অধিক লোক স্থানচ্যুত হৈছে। অসংখ্য অসামৰিক লোকৰ মৃত্যুৰ ফলত আঞ্চলিক সংঘাতৰ আশংকা বৃদ্ধি লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো উদ্বেগ বৃদ্ধি পাইছে।

● অক্টোবৰত ফুমিঅ’ কিছিডাৰ ঠাইত পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলগীয়া জাপানৰ লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ নেতৃত্বত শ্বিগেৰু ইছিবাই জয়লাভ কৰে।

● শান্তি, বহনক্ষম উন্নয়ন, আৰু মানৱ মৰ্যাদাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিউয়ৰ্কত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ ৭৯ সংখ্যক উচ্চ পৰ্যায়ৰ অধিবেশনত ভাষণ দিয়ে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে। তেওঁ ভাৰত-লেটিন আমেৰিকা আৰু কেৰিবিয়ান ৰাষ্ট্ৰ তথা ভাৰত-কেৰিবিয়ান সমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতেও বৈঠকৰ সহ-অধ্যক্ষতা কৰে, য’ত সহযোগিতাৰ বিষয় হিচাপে কৃত্ৰিম বুদ্ধিমত্তা, স্বচ্ছ শক্তি, আৰু বহুপক্ষীয় সংস্কাৰৰ বিষয়ে আলোচনা কৰে।

● নিউয়ৰ্কত অনুষ্ঠিত হোৱা ৭৯ সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সময়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আসনৰ বাবে ভাৰতে কৰা দাবীৰ সমৰ্থনত আমেৰিকা আৰু ফ্ৰান্সৰ নেতাসকলৰ সৈতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে সমৰ্থন প্ৰকাশ কৰিছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version