নিউজ ডেস্কঃ

● বিভিন্ন খণ্ডৰ শীৰ্ষ কোম্পানীত ১.২৫ লাখ নিবনুৱাক সুযোগ প্ৰদান কৰিবলৈ চৰকাৰে প্ৰধানমন্ত্ৰীৰ ইন্টাৰ্ণশ্বিপ আঁচনিৰ শুভাৰম্ভ কৰে। প্ৰথম পৰ্যায়ত গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, তেলাংগণা ৰাজ্যৰ সাতখন জিলাত পাইলট প্ৰকল্প হিচাপে এই আঁচনি আৰম্ভ কৰা হ’ব।

● ভাৰতে ‘ইউনাইটেড নেচন কমিছন অন ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্ৰিডম’ৰ প্ৰতিবেদনক ক্ষতিকাৰক বুলি নাকচ কৰিছে। এই প্ৰতিবেদন পক্ষপাতমূলক আৰু ৰাজনৈতিকভাৱে প্ৰেৰিত তথ্যৰ ভুল বৰ্ণনা বুলি অভিহিত কৰিছে।

● উচচতম ন্যায়ালয়ে কাৰাগাৰত জাতিভিত্তিক শ্ৰম বিভাজনক অসাংবিধানিক বুলি ৰায় দিছে, ৰাজ্যসমূহক তিনি মাহৰ ভিতৰত কাৰাগাৰ হাতপুথি সংশোধন কৰিবলৈ নিৰ্দেশ দিছে।
● চৰকাৰে ১৩,৮০০ৰো অধিক ‘জন ঔষধি কেন্দ্ৰ’ স্থাপন কৰে।

● কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডভিয়াই ‘খেলো ইণ্ডিয়া আঁচনি’ৰ অগ্ৰগতি পৰ্যালোচনা কৰি ক্ৰীড়া নীতিৰ খচৰা ঘোষণা কৰাৰ লগতে ক্ৰীড়া নিযুক্তি পৰ্টেলৰ শুভাৰম্ভ কৰে ।
● কেবিনেটে বহনক্ষম কৃষি আৰু খাদ্য সুৰক্ষা বৃদ্ধিৰ বাবে ১ লাখ কোটি টকা ব্যয়ৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু কৃষোন্নতি যোজনাত অনুমোদন জনায়।

● মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া, আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছে।
● মন্ত্ৰীসভাই আন্তঃৰাষ্ট্ৰীয় শক্তি দক্ষতা কেন্দ্ৰত ভাৰতৰ অংশগ্ৰহণত অনুমোদন জনাইছে। ভাৰতে বিশ্ব শক্তি দক্ষতা বৃদ্ধিৰ বাবে ১৬খন দেশ অন্তৰ্ভুক্ত হৈ থকা এই গোটত যোগদান কৰিছে। এই পদক্ষেপ ভাৰতৰ বহনক্ষম উন্নয়ন আৰু সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব।



