Home ৰাজ্যঃ উৎকট গৰমঃ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

উৎকট গৰমঃ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

0

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। শোণিতপুৰ, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি শোণিতপুৰ জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দিনৰ ১২ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটলৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মৰিগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১১ বাজি ১৫ মিনিটলৈ আৰু উচ্চ প্ৰাথমিক শ্ৰেণীৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ১৫ মিনিটলৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৫৫ মিনিটলৈ ধাৰ্য কৰা হৈছে।

তিনিচুকীয়া জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২ বজালৈ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দিনৰ ১২.৩০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১ বাজি ১৫ মিনিটলৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয়সমূহত মুকলি আকাশৰ তলত খেলা-ধূলা আৰু প্ৰাতঃ সভা আদি নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ইপিনে কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। জিলাখনৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১.৩০ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহক পর্যাপ্ত শীতল খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। গ্ৰীষ্ম প্রবাহৰ ফলত স্বাস্থ্যজনিত সমস্যাত ভোগা শিক্ষাৰ্থীক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে বিদ্যালয়সমূহক নির্দেশসমূহ মানি চলিবলৈ আহ্বান জনাইছে লগতে এই সময়ত হ’ব পৰা ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version