Home ৰাজনীতিঃ একেৰাহে তৃতীয় বাৰলৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী ৰূপে শপত পেমা খাণ্ডুৰ

একেৰাহে তৃতীয় বাৰলৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী ৰূপে শপত পেমা খাণ্ডুৰ

0

নিউজ ডেস্ক

অৰুণাচলৰ মুখ্যমন্ত্ৰী ৰূপে আজি শপত ল’লে বিজেপি নেতা পেমা খাণ্ডুৱে। লগতে আন ১১ গৰাকী বিধায়কে মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিচাপে পেমা খাণ্ডুৰ এয়া একেৰাহে তৃতীয়টো কাৰ্যকাল। অৰুণাচলৰ ৰাজ্যপাল কে টি পাটনায়কে মুখ্যমন্ত্ৰী খাণ্ডু আৰু সতীৰ্থ মন্ত্ৰী সকলক শপত বাক্য পাঠ কৰোৱায়।

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীসকল ক্ৰমে অমিত শ্বাহ,জে পি নাড্ডা আৰু কিৰেণ ৰিজিজু উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version