Home ক্ৰীড়াঃ ৰিয়ান পৰাগ ভাৰতীয় পুৰুষ ক্রিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ

ৰিয়ান পৰাগ ভাৰতীয় পুৰুষ ক্রিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ

0

● ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আই-এ জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে অহা মাহত ৫ খনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাত অংশগ্ৰহণ কৰিব। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পোর্টছ ক্লাব খেলপথাৰত খেলোৱা হ’ব। খেলকেইখন অহা ৬, ৭, ১০, ১৩ আৰু ১৪ জুলাইত অনুষ্ঠিত হ’ব। কালি কৰা ঘোষণা অনুসৰি দলত স্থান লাভ কৰা খেলুৱৈ সকল হ’ল— শুভমন গীল, যশস্বী জয়ছোৱাল, ৰুতুৰাজ গায়কোৱাড়, অভিষেক শর্মা, ৰিংকু সিং, সঞ্জু ছেমছন, ধ্ৰুৱ জুৰেল, নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাসিংটন সুন্দৰ, ৰবি বিষ্ণয়, আবেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে।

ৰিয়ান পৰাগ হ’ল ভাৰতীয় পুৰুষ ক্রিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। এই কৃতিত্বৰ বাবে খেলুৱৈগৰাকীক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰি কয় যে, উন্নত প্ৰদৰ্শনেৰে নিৰ্বাচক তথা সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈ অহা ৰিয়ান পৰাগৰ এই খবৰে তেওঁক উৎফুল্লিত কৰি তুলিছে। খেলুৱৈগৰাকীক কৃতকাৰ্যতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version