Home গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰত-নেপাল সম্পর্কত গুৰু মৎসেন্দ্ৰনাথৰ দৃষ্টিভংগীঃ আন্তৰাষ্ট্ৰীয় সন্মিলন

গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰত-নেপাল সম্পর্কত গুৰু মৎসেন্দ্ৰনাথৰ দৃষ্টিভংগীঃ আন্তৰাষ্ট্ৰীয় সন্মিলন

0

১০ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ত ইনটেলেক্সুৱেল ফ’ৰাম অৱ নৰ্থ-ইষ্ট আৰু দক্ষিণ-পূৱ এছিয়া অধ্যয়ন কেন্দ্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত “ভাৰত-নেপাল সম্পর্কৰ মূল: গুৰু মৎসেন্দ্ৰনাথৰ দৃষ্টিভংগী” শীৰ্ষক এক আন্তৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ে ভাৰত আৰু নেপালৰ মাজত থকা আন্তৰ্জাতিক পৰিসৰে এক গুৰুত্বপূৰ্ণ আলোচনাৰ উদ্যোগ লোৱা বাবে উদ্যোক্তাৰ শলাগ লয়। সেয়া লক্ষ্য কৰি তেওঁ এই সংযোগৰ সাংস্কৃতিক আৰু ঐতিহাসিক গভীৰতা উল্লেখ কৰে।

এই সন্মিলনত নেপালৰ বিশিষ্ট কেইবাজনো বক্তাই ভাৰত আৰু নেপালৰ ধৰ্মীয় আৰু দাৰ্শনিক সম্পৰ্কৰ ওপৰত বিস্তৃত আলোচনা কৰে। মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডম্বৰুধৰ নাথে বৌদ্ধধর্ম, হিন্দুধর্ম আৰু অন্যান্য আধ্যাত্মিক পৰম্পৰাৰ মাজত থকা আন্তঃসম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নেপালৰ ললিতপুৰ মেট্ৰ’পলিটান চহৰৰ মেয়ৰ চিৰিবাবু মহাৰাজনে মুখ্য বক্তৃতাত গুৰু মৎসেন্দ্ৰনাথৰ পৰম্পৰাৰ ওপৰত আলোকপাত কৰে । তেওঁ এই সন্মিলনৰ বাবে নেপালৰ তৰফৰ পৰা উদ্যোক্তালৈ কৃতজ্ঞতা প্ৰকাশ কৰে।

এই সন্মিলনত ইণ্ডো-নেপাল ঐতিহাসিক সংযোগৰ ওপৰত শৈক্ষিক আলোচনা কৰা হয়। য’ত প্ৰখ্যাত পুৰাতত্ত্ববিদ, ডেক্কান কলেজৰ স্নাতকোত্তৰ আৰু গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক বসন্ত চিন্দে ভাৰত-নেপাল সম্পর্কক এক বৃহৎ ঐতিহাসিক আৰু আৰ্হিক প্ৰেক্ষাপটত পৰিস্কৃত কৰে। অধ্যাপক চিন্দেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই প্ৰচেষ্টাক প্ৰসংশা কৰে আৰু সেয়া নতুন দৃষ্টিভংগী আৰু ভাৰত-নেপাল সম্পর্কৰ নতুন পৰিসৰৰ শুভাৰম্ভ বুলি ঘোষণা কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version