Home ৰাজ্যঃ চামগুৰিত বন বিভাগৰ অভিযানত জব্দ শিল কঢ়িওৱা ডাম্পাৰ

চামগুৰিত বন বিভাগৰ অভিযানত জব্দ শিল কঢ়িওৱা ডাম্পাৰ

0

শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ প্ৰতিবেদন

আমগুৰিস্থ চামগুৰিত বন বিভাগৰ যৌথ অভিযানত জব্দ অবৈধ শিল ভৰ্তি ডাম্পাৰ। পুনৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ হৈছে শিৱসাগৰ জিলা বন বিভাগ। জিলা বন বিভাগৰ অধীনত থকা আমগুৰি খণ্ড বন বিষয়া নিৰঞ্জন শৰ্মা আৰু হালোৱাটিং খণ্ড বন বিষয়া ৰাজু দাসৰ নেতৃত্বত কৰ ফাঁকি সন্দৰ্ভত যৌথ বনৰক্ষীৰ এটা দলে মঙ্গলবাৰে বিয়লি পৰত ধোদৰ আলিত অতৰ্কিত অভিযান চলাই।

বিহুবৰৰ পৰা যোৰহাটলৈ বুলি ধোদৰ আলিৰে চামগুৰি হৈ শিল কঢ়িয়াই নিয়া এ এছ ০৪ বিচি ০৬৬২ নম্বৰৰ এখন শিল সৰবৰাহ কৰা ছয় চকীয়া ডাম্পাৰ বন বিভাগে জব্দ কৰিছে। বন বিভাগে সদৰী কৰা অনুসৰি উক্ত শিল সৰবৰাহ কৰা ডাম্পাৰখনে বিভাগে নিৰ্ধাৰিত কৰি দিয়া সময় তথা ম্যাদ পাৰ হোৱা চালান ব্যৱহাৰ কৰি বন বিভাগৰ জালত পৰে। এতিয়া বন সংৰক্ষণ আইন আৰু ৰাজহ ফাঁকিৰ বাবে এই ডাম্পাৰখনৰ গৰাকীৰ হ’ব বৃহৎ জৰিমনা।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version