সুনীতা ইউিলয়ামছে গুৰুত্ব বঢ়ালে International Space Station-ৰ
পৃথিৱীৰ পৰা ৪১৮ কিলোমিটাৰ দূৰত্বত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ International Space Station৷ দীঘলে ৭২ মিটাৰ আৰু বহলে ১০৯ মিটাৰ অৰ্থাৎ ৭৯৫৭ বৰ্গ মিটাৰ এলেকাৰ এই মহাকাশ কেন্দ্ৰ৷ ইয়াৰ পৰাই চলে সৌৰজগতৰ বিভিন্ন গ্ৰহ, নক্ষত্ৰৰ ওপৰত অধ্যয়ন৷
৪ লাখ ৫০ হাজাৰ কিলোগ্ৰাম ওজনৰ এই মহাকাশ কেন্দ্ৰটো ৪১৮ কিলোমিটাৰ ওপৰত এটা নিৰ্দিষ্ট কক্ষপথত চেকেণ্ডত প্ৰায় ৮ কিলোমিটাৰ আৰু ঘণ্টাত ২৭ হাজাৰ কিলোমিটাৰ বেগত পৃথিৱীৰ চাৰিওফালে ঘূৰি আচে৷ ISS দিনটোত ১৬ বাৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে৷ আমেৰিকা, ৰাছিয়া, জাৰ্মানী, জাপান, ইংলেণ্ড, নেডাৰলেণ্ড, নৰৱে’, স্পেইন, চুইডেন, ছুইজাৰলেণ্ড, ব্ৰাজিলকে লৈ প্ৰায় ১৬খন দেশৰ সহযোগত নিৰ্মাণ কৰা এই ষ্টেচনটোৰ নাম দিয়া হ’ল International Space Station-চমুকৈ ISS.
১৯৯৮ চনৰ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই মহাকাশ কেন্দ্ৰটো আমেৰিকাৰ NASA, ৰাছিয়াৰ Roscosmos, জাপানৰ JAXA, ইউৰোপৰ ESA, কানাডাৰ CSA এই ৫টা মহাকাশ সংস্থায়ে যুটীয়াভাৱে পৰিচালনা কৰে৷
ISSত ৭ জন মহাকাশচাৰী থকাৰ সুবিধা আছে৷ ৬ মাহৰ অন্তৰে অন্তৰে মহাকাশচাৰী সকলৰ পৰিৱৰ্তন হয়৷ ২০২৩ চনৰ ৩০ মে’লৈকে ২১খন দেশৰ ২৬৯ মহাকাশচাৰীয়ে এই International Space Stationত থাকি সৌৰজগতৰ ওপৰত কাম কৰিছে৷
মহাকাশ কেন্দ্ৰৰ এটা ভাগ ROS অৰ্থাৎ Russian Orbital Segment ৰাছিয়াই পৰিচালনা কৰে আৰু আনটো ভাগ USOS অৰ্থাৎ United States Orbital Segment আমেৰিকাই পৰিচালনা কৰে৷
এই International Space Station তে ৯ মাহ থাকি সুনীতা উইলিয়ামছ আৰু বুশ্ব’ ইউলমোৰে পৃথিৱীলৈ ঘূৰি আহিছে৷
কল্পনা চাওলাৰ পাছত মহাকাশত কটোৱা ভাৰতীয় মূলৰ দ্বিতীয়গৰাকী মহিলা সুনীতা উইলিয়ামছ৷ এইটো মহাকাশলৈ সুনীতা উইলিয়ামছৰ তৃতীয়টো যাত্ৰা আছিল৷
মহাকাশ কেন্দ্ৰৰ জৰিয়তে সৌৰজগত তথা বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন বিষয়ৰ ওপৰত অন্বেষণ কৰা সহজ হৈ পৰিল৷
বৰ্তমানলৈকে আমেৰিকাই ১৬৩, ৰাছিয়াই ৫৭জন, জাপানে ১১জন, কানাডাই ৯জন, ইটালীয়ে ৫ জন, ফ্ৰান্সে ৪জন, জাৰ্মানীয়ে ৪জন, চৌদি আৰৱে ২ জন আৰু বেলজিয়াম, ব্ৰাজিল, ডেনমাৰ্ক, ইজৰাইল, কাজাখাস্তান, মালয়েছিয়া, নেদাৰলেণ্ড, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া, স্পেইন, ছুইডেন, যুক্তৰাজ্যৰ পৰা ১ জনকৈ মহাকাশচাৰী মহাকাশ কেন্দ্ৰলৈ পঠিয়াইছে৷


