Home ক্ৰীড়াঃ বিচিচিআইৰ ২০২৪-২৫ ক্রিকেট বৰ্ষৰ ভাৰতীয় ক্রিকেট দলৰ কেন্দ্রীয় কনটেক্ট তালিকা প্রকাশ

বিচিচিআইৰ ২০২৪-২৫ ক্রিকেট বৰ্ষৰ ভাৰতীয় ক্রিকেট দলৰ কেন্দ্রীয় কনটেক্ট তালিকা প্রকাশ

0

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ চমুকৈ বিচিচিআইয়ে ২০২৪-২৫ ক্রিকেট বৰ্ষৰ বাবে ভাৰতীয় ক্রিকেট দলৰ কেন্দ্রীয় কনটেক্ট তালিকা প্রকাশ কৰিছে। বিচিচিআইয়ে আজি মুম্বাইত প্ৰকাশ কৰা তালিকা অনুসৰি যোৱা বছৰৰ এক অক্টোবৰৰ পৰা এই বছৰৰ ৩০ চেপ্তেম্বৰলৈ ক্ৰিকেটাৰসকলৰ এই নিৰিখ কাৰ্যকৰী হৈছে। T-20 ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা সত্তেও ভাৰতীয় টেষ্ট ক্রিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, আৰু ৰবীন্দ্ৰ জাদেজাক A+ শ্রেণীতে ৰখা হৈছে। এই শ্ৰেণীত অন্তৰ্ভুক্ত হোৱা আন খেলুৱৈগৰাকী হৈছে বেগী বলাৰ যশপ্রীত বুমৰাহ। এই আটাইকেইগৰাকী খেলুৱৈয়ে বছৰি ৭ কোটি টকা লাভ কৰিব। ইয়াৰ পাছতেই A শ্ৰেণীত অন্তৰ্ভুক্ত ৬ গৰাকী খেলুৱৈ হৈছে মহম্মদ চিৰাজ, কে এল ৰাহুল, শুভমন গীল, হার্দিক পাণ্ডিয়া, মহম্মদ ছামি আৰু ঋষভ পণ্ট। A শ্ৰেণীৰ খেলুৱৈকেইগৰাকীয়ে বছৰি ৫ কোটি টকাকৈ লাভ কৰিব। অনুশাসনমূলক ব্যৱস্থা হিচাপে যোৱা বছৰ বিচিচিআই কনটেক্ট তালিকাৰ পৰা বাহিৰত ৰখা আক্রমনাত্মক বেটাৰ শ্ৰেয়াছ আয়াৰক B শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ লগতে এই শ্ৰেণীত স্থান লাভ কৰা আন কেইগৰাকী খেলুৱৈ হৈছে সূৰ্য কুমাৰ যাদৱ, কুলদীপ যাদৱ, অক্ষৰ পেটেল আৰু যশস্বী জয়ছোৱাল। এই কেইগৰাকী খেলুৱৈয়ে বিচিচিআইৰ পৰা বছৰি ৩ কোটি টকালৈ লাভ কৰিব। বিচিচিআইৰ চি-শ্ৰেণীত অন্তৰ্ভুক্ত কৰা ১৯ গৰাকী খেলুৱৈৰ ভিতৰত যোৱা বছৰ তালিকাৰ পৰা বাদ পৰা ইশান কিশানো আছে। চি শ্ৰেণীৰ খেলুৱৈসকলে বছৰি এক কোটি টকাকৈ লাভ কৰিব।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version