Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব

ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব

0

আজি ছিকিমৰ পঞ্চদশ প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেলি অংশ লৈ কয় যে কেন্দ্ৰীয় চৰকাৰে ছিকিমক বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দি আহিছে। এই ক্ষেত্ৰত নির্মীয়মান চেৱোক ৰংপো ৰে’লপথে ছিকিমক দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। যোৱা ১০ বছৰত ছিকিমত প্রায় ৪০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে আৰু ১০০ কিলমিটাৰৰো অধিক গ্ৰামাঞ্চলৰ পথ নিৰ্মাণ কৰা হৈছে। অটল সেতুৱে ছিকিম আৰু দাৰ্জিলিঙৰ মাজৰ যোগাযোগ বহু পৰিমাণে উন্নত কৰিছে। প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ জৈৱিক ৰাজ্য হিচাপে খ্যাত ছিকিমৰ স্থানীয় বহু লোকক লাভান্বিত কৰিব পৰাকৈ শেহতীয়াকৈ জৈৱিক প্ৰক্ৰিয়াৰে মীন পালনত গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে। লগতে ভৱিষ্যতে ছিকিমক বিশ্বৰ দৰবাৰত সেউজ ৰাজ্যৰ আদৰ্শ হিচাপে তুলি ধৰাৰ কথাও উল্লেখ কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version