Home চিঠি-পত্ৰঃ সম্পাদকলৈ চিঠি…✒️ ড° বুলজিৎ বুঢ়াগোহাঁই

সম্পাদকলৈ চিঠি…✒️ ড° বুলজিৎ বুঢ়াগোহাঁই

0

সম্পাদকলৈ চিঠি…✒️

মাননীয় সম্পাদক মহোদয়,
               ৱেষণামূলক লেখা প্রকাশৰ বাবে আলোচনী বা জাৰ্নালসমূহত সাধাৰণতে অনুমতি প্ৰণালী বা প্ৰাক-প্ৰকাশন পৰ্যালোচনা ব্যৱস্থা থাকে আৰু আন আলোচনীবোৰত সম্পাদনা সমিতি থাকে। কিন্তু সকলো ধৰণৰ কিতাপ বা লেখা প্ৰকাশৰ ক্ষেত্ৰত এনে অনুমতি প্ৰণালী সাধাৰণতে থকা দেখা নাযায়। সকলো ধৰণৰ প্ৰকাশনৰ ক্ষেত্ৰতো যদি এক সুগঠিত অনুমতি প্ৰণালী বা সম্পাদনামণ্ডলী থাকে, তেন্তে বহু ইতিবাচক দিশ নিশ্চিত কৰিব পাৰি। কিছুমান সংবেদনশীল বিষয় (যেনে – ধৰ্ম, লিংগ, ৰাজনীতি, জাতি-জনগোষ্ঠী, অঞ্চল আদি)ৰ ওপৰত প্ৰকাশিত হোৱা লেখাই সামাজিক উত্তেজনা বা হিংসাৰ সৃষ্টি কৰিব পাৰে। প্ৰাক-প্ৰকাশন পৰ্যালোচনাই তেনেধৰণৰ বিষয়বস্তু আগতেই চিনাক্ত কৰি এনে পৰিস্থিতি ৰোধ কৰাত সহায় কৰিব পাৰে। অনুমতি প্ৰণালীৰ জৰিয়তে ভ্ৰান্ত, বিশেষকৈ গৱেষণামূলক বা বৈজ্ঞানিক বিষয়ত ভুল বা অপ্ৰমাণিত প্ৰকাশৰ সম্ভাৱনা কমি যায়। শিশু-অনুপযুক্ত বিষয়বস্তু, ঘৃণাৰ বক্তব্য বা মানহানিৰ দৰে আইনী সমস্যাৰ পৰা ৰক্ষা পাবলৈ প্ৰাক-প্ৰকাশন পৰ্যালোচনা প্রয়োজনীয় হ’ব পাৰে। কিছুমান তথ্য, বিশেষকৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত গোপনীয়তা ৰক্ষা কৰা একান্ত প্ৰয়োজনীয়। প্ৰাক-প্ৰকাশন পৰীক্ষাৰ ব্যৱস্থা থকাতেই সংবেদনশীল তথ্য ভুলভাবে প্ৰকাশ হোৱাত বাধা দিব পাৰি, যাৰ জৰিয়তে দেশৰ সুৰক্ষা, কূটনীতি আৰু জনবিশ্বাস অটুট ৰখা যায়। তথাপিও, অনুমতি প্ৰণালীৰ কিছুমান বিয়োগাত্মক দিশও মনত ৰাখিব লাগিব। অত্যধিক চেঞ্চৰশ্বিপে লেখকৰ স্বাধীনতাক বাধা দিব পাৰে আৰু স্বাধীন বা সমালোচনাত্মক চিন্তাধাৰাক দমন কৰিব পাৰে। প্ৰতিখন কিতাপ, আলোচনী বা অনলাইন পোষ্টৰ বিষয়বস্তু পৰ্যালোচনা কৰাটো সময় খৰছ আৰু ব্যয়বহুল। ইয়াৰ ফলত এক বৃহৎ আমোলাতন্ত্ৰিক ব্যৱস্থাৰ সৃষ্টি হ’ব পাৰে। চেন্সৰ ব’ৰ্ড বা পৰ্যালোচকসকলে নিজৰ ধৰ্মীয়, ৰাজনৈতিক বা সামাজিক পক্ষপাতিত্বৰ ভিত্তিত, সত্য তথ্যকো বাতিল কৰিব পাৰে। সাহিত্য, কল্পনা, আত্মজীৱনী, ব্যক্তিগত অভিজ্ঞতা সম্পৰ্কীয় লেখাত চেঞ্চৰশ্বিপে চাপ দিলে মুক্ত মত ব্যাহত হ’ব পাৰে।
                  অনুমতি প্ৰণালীয়ে ভ্ৰান্ত তথ্য ৰোধ কৰিবলৈ সহায় কৰিব পাৰে, কিন্তু ইয়াৰ অপব্যৱহাৰৰ সম্ভাৱনাও থাকে। গতিকে, এটা মুক্ত কিন্তু দায়বদ্ধ সমাজ গঠনৰ ক্ষেত্ৰত চেন্সৰশ্বিপতকৈ স্বচ্ছতা, শিক্ষাৰ বিস্তাৰ আৰু স্ব-নিয়ন্ত্ৰণেই অধিক স্থায়ী আৰু গণতান্ত্ৰিক সমাধান হৈ উঠিব পাৰে।

Dr. Buljit Buragohain - Assistant Professor (Selection) - Assam Don Bosco University | LinkedIn

ড° বুলজিৎ বুঢ়াগোহাঁই,
আজাৰা, গুৱাহাটী -৭৮১০১৭
ফোনঃ ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version