Home ৰাজ্যঃ কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ

0

▪️তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী, ১ জুলাইঃ জাতি, মাটি, ভেটি সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি দল আৰু চৰকাৰে এতিয়া খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ কাঢ়ি ল’ব খুজিছে। কাৰ্বি জনগোষ্ঠীৰ লোকৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ বিৰুদ্ধে আজি পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্বি জনগোষ্ঠীৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। পূব কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি বিদ্যাছিং ৰংপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ষড়যন্ত্ৰৰে কাৰ্বি ৰাইজৰ মাটি আদানি আৰু আম্বানিক গতাই দি কাৰ্বি গাঁওসমূহ উচ্ছেদ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰৰ কথা আজি তথ্য সহকাৰে সদৰী কৰে। একেদৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন পাৰিষদ ৰতন ইংতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক প্ৰথমে এটিএম কাৰ্ড হিচাপে ব্যৱহাৰ কৰি এতিয়া মাটিৰ এটিএম কাৰ্ড হিচাপে ব্যৱহাৰ কৰি কাৰ্বি জনগোষ্ঠীৰ মাটি বৃহৎ পুঁজিপতিক দিয়াৰ অপচেষ্টা চলাইছে। কাৰ্বি আংলঙৰ বিজেপি নেতা তুলিৰাম ৰংহাঙে নিজৰ অঙহী-বঙহীৰ নামত হাজাৰ হাজাৰ কোটি টকা ঠিকা কৰি কাৰ্বি আংলঙৰ সামগ্ৰিক বিকাশ ধ্বংস কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে তুলিৰামে কোটি কোটি টকাৰ ফাৰ্ম হাউছ নিৰ্মাণ কৰি ৰজাৰ দৰে আচৰণ কৰা আৰম্ভ কৰিছে। স্বজাতি আৰু স্ব-ভূমিৰ বাবে কাৰ্বি আংলঙৰ বিজেপি নেতাসকলে এতিয়া তিলমানো নাভাবে বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক জগত সিং ইংতিয়ে কয় যে এই বিজেপিৰ নেতৃত্বৰ ওচৰত কাৰ্বি জনগোষ্ঠী বুলিয়েই নহয়, অসমৰ ভূমি পুত্ৰসকল তিলমানো সুৰক্ষিত নহয়। ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ বাবে তুলিৰাম ৰংহাং এণ্ড কোম্পানীয়ে অসম চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুদানৰ নামত অহা বিভিন্ন উন্নয়ন পুঁজি ব্যৱহাৰত অনিয়ম সংঘটিত কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৎ সাহস থাকিলে তুলিৰাম ৰংহাঙৰ অনিয়মৰ বিৰুদ্ধে চিবিআইৰ তদন্ত দিব লাগে আৰু সেই তদন্তৰ তথ্যপাতি দাখিল কৰিব বুলি ইংতিয়ে উল্লেখ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ কংগ্ৰেছৰ সভাপতি ৰূপছিং বংৰুং আৰু জ্যেষ্ঠ নেতা ৰূপছিং বেই নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে ভাৰতীয় সংবিধানে কাৰ্বি আংলঙত থকা জনজাতীয় লোকসকলৰ সুৰক্ষাৰ বাবে যি ষষ্ঠ অনুসূচীৰ অধিকাৰ দিছিল সেয়া খৰ্ব কৰিবৰ বাবে ষড়যন্ত্ৰ কৰিছে। দুয়োজন নেতাই কাৰ্বি আংলঙৰ ষষ্ঠ অনুসূচী সুৰক্ষিত কৰক আৰু কাৰ্বি ভূমিক ৰক্ষা কৰক বুলি উল্লেখ কৰি কয় যে দুয়োখন জিলাৰ বনজ সম্পদসমূহ বিজেপিৰ নেতা-পালিনেতাই অবাধ গতিত লুণ্ঠন চলাইছে। বিজেপি নেতা তুলিৰাম ৰংহাঙে ৰাজকীয় ব্যৱস্থাৰে কাৰ্বি ৰাইজৰ স্বায়ত্ব শাসিত ব্যৱস্থাক ভেঙুচালি কৰাৰ লগতে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে কাৰ্বি লোকৰ সাংবিধানিক মৰ্যাদাত আঘাত হানিছে। কংগ্ৰেছ নেতাদ্বয়ে অভিযোগ কৰি কয় যে কাৰ্বি আংলঙত সৌৰ শক্তি প্ৰকল্পৰ বাবে আদানিক ভূমি গতাই দিবলৈ ২৩-২৪খন গাঁৱৰ প্ৰায় ২০,০০০ লোকক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ চলাইছিল। নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে চৰকাৰে নথি-পত্ৰত মাত্ৰ ১২০০-১৪০০ লোক প্ৰবাৱিত হ’ব বুলি দেখুৱাই উচ্ছেদ চলাবলগীয়া ভূমিখিনি পতিত ভূমি বুলি দেখুৱাইছিল। আনহাতে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে প্ৰতি বিঘাৰ বাবে ১.৭৫ লাখ টকাৰ ক্ষতিপূৰণৰ যি হাৰ নিৰ্ধাৰণ কৰিছিল, সেয়া আছিল বজাৰ মূল্যৰ তুলনাত তেনেই কম। ইয়াকে লৈ প্ৰতিবাদকাৰীসকল ক্ষুব্ধ হৈ পৰিছিল বুলিও জানিবলৈ দিয়ে নেতাদ্বয়ে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version