Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ

0

আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুস্থিত হৈছে। এই অধিৱেশন ২১ আগষ্টলৈ চলিব। অধিৱেশনৰ কালছোৱাত উভয় সদনৰ মুঠ ২১ খন বৈঠক অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰৰ পাছত এয়া হৈছে সংসদৰ প্ৰথমখন অধিৱেশন। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে কালি নতুন দিল্লীৰ সংসদ ভৱনত ৰাজ্যসভাৰ নেতা জেপি নাড্ডাৰ সভাপতিত্বত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত বিৰোধী পক্ষৰ সদস্যসকলে অপাৰেচন সিন্দূৰ সন্দৰ্ভত চৰকাৰ আৰু বিশেষকৈ সদনৰ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনত বিবৃতি দিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়। বিহাৰত ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত চৰকাৰৰ বক্তব্যও এইবাৰৰ অধিৱেশনত দাঙি ধৰিবলৈ আহ্বান জনায়।

বিৰোধী দলৰ কেইবাগৰাকীও নেতাই অপাৰেচন সিন্দূৰৰ সময়ত ভাৰত আৰু পাকিস্তানৰ সংঘৰ্ষ বিৰোধী ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কৰা দাবী সন্দৰ্ভত চৰকাৰে সদনত এটা বিবৃতি দিবলৈ আহ্বান জনায়। বিভিন্ন ৰাজনৈতিক দলৰ নেতাই এই বৈঠকত অংশগ্ৰহণ কৰে।

সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজু, সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ড° এল মুৰুগানে বৈঠকত উপস্থিত থাকে। তদুপৰি কংগ্ৰেছ দলৰ গৌৰৱ গগৈ আৰু প্ৰমোদ তিৱাৰী, এন চি পি-এছ চি পিৰ সুপ্রিয়া চুলে, ডি এম কেৰ তিৰুচি শিৱা আৰু টি আৰ বালু আৰু সমাজবাদী পাৰ্টীৰ ৰাম গোপাল যাদৱ, আপৰ নেতা সঞ্জয় সিং বৈঠকত উপস্থিত থাকে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version