Home অন্যান্যঃ অভিনেতা নহয়,পৰিচালক ৰূপে বলীউডত আত্মপ্ৰকাশ কিং খানৰ পুত্ৰ অৰিয়ানৰ

অভিনেতা নহয়,পৰিচালক ৰূপে বলীউডত আত্মপ্ৰকাশ কিং খানৰ পুত্ৰ অৰিয়ানৰ

0

নিউজ ডেস্কঃ

বলীউডৰ ‘বাদশ্বাহ’ ৰূপে পৰিচিত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে আনুষ্ঠানিকভাৱে বলীউডৰ জগতত প্ৰৱেশ কৰিছে। বুধবাৰে মুম্বাইত অনুষ্ঠিত হোৱা এক প্ৰিভিউ ইভেণ্টত আৰিয়ানৰ প্ৰথম প্ৰজেক্ট ‘দ্যা বেডছ অৱ বলীউড’ উন্মোচন কৰা হয়।য’ত আৰিয়ানে পৰিচালক হিচাপে কাম কৰিব।

ৰেড চিলিজ এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজিত নেটফ্লিক্স ধাৰাবাহিকখন আৰিয়ানৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনত দিয়া প্ৰথমটো খোজ। যিটো সময়ত আন বহু তাৰকাপুত্ৰই অভিনয়ৰ পথ বাছি লয় তাৰ পৰিৱৰ্তে কেমেৰাৰ আঁৰত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ পথ বাছি লৈছে “বাদশ্বাহ” তনয়ে। আৰিয়ানৰ এই শ্ব’টোৱে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ ভিতৰৰ গ্লেমাৰ আৰু প্ৰতিদ্বন্দ্বিতাক উপস্থাপন কৰিব।

পত্নী গৌৰী খানৰ সৈতে উপস্থিত থকা শ্বাহৰুখ খানে অনুষ্ঠানটোত পুত্ৰক চিনাকি কৰাই দিয়াৰ সময়তে আৱেগিক হৈ পৰে। শ্বাহৰুখে তেওঁৰ অনুৰাগীসকলক আৰিয়ানম “১৫০% মৰম” দিবলৈ আহ্বান জনায়।

আনহাতে, ধাৰাবাহিকখনৰ প্ৰিভিউত ছলমান খান, ৰণবীৰ সিং, আৰু কৰণ জোহৰৰ অভিনয়ৰ লগতে শ্বাহৰুখে নিজেই ভয়ছ অভাৰ দিছে। অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছে ববী দেউল, লক্ষ্য, মোনা সিং, চাহহেৰ বাম্ব্বা,মনোজ ফাৱাল,গৌতমী কাপুৰ, ৰাঘৱ জুৱাল, ইত্যাদি।

অনুষ্ঠানটোত নিজৰ দৃষ্টিভংগীৰ বিষয়ে আৰিয়ানে কয় যে তেওঁ “এনে এখন পৃথিৱী সৃষ্টি কৰিব বিচাৰে যিয়ে জীয়াই থকাৰ অনুভৱ কৰে, য’ত উজ্জ্বলতাৰ মিশ্ৰণ ঘটে, য’ত উচ্চাকাংক্ষা জিলিকি উঠে।” উল্লেখযোগ্য যে আৰিয়ান পৰিচালিত এই ধাৰাবাহিক খন লিখিছে আৰিয়ান, বিলাল ছিদ্দিকী, আৰু মানৱ চৌহানে ।

২০২৫ চনৰ ১৮ ছেপ্টেম্বৰত নেটফ্লিক্সত বিশ্বজুৰি প্ৰিমিয়াৰ হ’ব ”দ্যা বেডছ অৱ বলীউড’ৰ।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version