Home ৰাজ্যঃ মহিলা উদ্যমিতা অভিযানঃ ঢেকীয়াজুলিত ৩১,২২৪ গৰাকী সদস্যাক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ

মহিলা উদ্যমিতা অভিযানঃ ঢেকীয়াজুলিত ৩১,২২৪ গৰাকী সদস্যাক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ

0

♦ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ঢেকীয়াজুলিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩১,২২৪ গৰাকী সদস্যাক চেক বিতৰণ কৰে। ইয়াৰে ২৯,৫২৩ গৰাকী গ্ৰামাঞ্চলৰ আৰু ১,৭০১ গৰাকী নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যা।

ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, যে এই আঁচনিয়ে মহিলাসকলৰ মাজত নতুন কর্মস্পৃহা জগাই তুলি তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাট মুকলি কৰিব।

ৰাজ্যত বৰ্তমান ৪ লাখ আত্মসহায়ক গোট আছে আৰু এই গোটসমূহৰ সৈতে ৪০ লাখ মহিলা জড়িত হৈ আছে। তেওঁ লগতে কয়, যে ইয়াৰে ৮ লাখ ৫০ হাজাৰ মহিলাই বছৰত এক লাখ টকাকৈ উপাৰ্জন কৰে। ছোৱালী আৰু মহিলাৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বিগত ৪ বছৰত ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি আছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version