অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাবন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-62 ৰকেটৰ সহায়ত আজি উৎক্ষেপন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ ‘লাচিত-বান‘কে ধৰি ১৫ টা উপগ্ৰহৰ উৎক্ষেপনৰ তৃতীয় পর্যায়ত বিজুতি সংঘটিত হয়। অসম ডনবস্ক‘ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ দলে সাজু কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ ‘লাচিত-বান‘ আজি দিনৰ ১০.১৭ মিনিটত উৎক্ষেপন কৰা হৈছিল। ইয়াৰ লগতে দেশী-বিদেশী ১৫ টা কৃত্রিম উপগ্রহ আছিল। উৎক্ষেপনৰ তৃতীয় পর্যায়ত নিয়ন্ত্রণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ ফলত উপগ্রহকেইটা কক্ষচ্যুত হয় বুলি ভাৰতীয় মহাকাশ গবেষণা সংস্থাৰ সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ কাৰণ সন্দৰ্ভত বিশ্লেষণ কৰি থকা হৈছে।
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপন উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ ‘লাচিত-বান’কে ধৰি ১৫ টা উপগ্ৰহৰ উৎক্ষেপনৰ তৃতীয় পর্যায়ত বিজুতি
অসম ডনবস্ক‘ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰৰ দলে সাজু কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কৃত্রিম উপগ্রহ ‘লাচিত-বান‘ আজি দিনৰ ১০.১৭ মিনিটত উৎক্ষেপন কৰা হৈছিল।



