● নাগপুৰত ভাৰতৰ বিধ্বংসী ৰূপ
● প্ৰথম টি-২০ আন্তৰ্জাতিকত পৰাস্ত কিৱি বাহিনী
● ৪৮ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ভাৰতৰ অগ্ৰগতি
● অভিষেক শৰ্মালৈ ‘প্লেয়াৰ অৱ দ্যা মেচ’ সন্মান
নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট সংস্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা পাঁচদিনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতে নিউজিলেণ্ডক ৪৮ ৰানত পৰাস্ত কৰি এক দৰ্শনীয় জয়েৰে অভিযান আৰম্ভ কৰিছে। যোৱানিশা অনুষ্ঠিত এই শ্বাসৰুদ্ধকৰ মেচখনত ‘মেন ইন ব্লু’ ব্ৰিগেডে আলহী দলটোৰ সন্মুখত জয়ৰ বাবে ২৩৯ ৰানৰ বিশাল লক্ষ্য বান্ধি দিছিল। ভাৰতীয় বলাৰৰ আক্ৰমণৰ সন্মুখত নিউজিলেণ্ডৰ দলটোৱে নিৰ্ধাৰিত ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই মাত্ৰ ১৯০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এই জয়েৰে ভাৰতে পাঁচখনীয়া শৃংখলাটোত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।
ইয়াৰ পূৰ্বে, টছত জয়লাভ কৰি নিউজিলেণ্ডে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল যদিও ভাৰতীয় বেটাৰসকলে এই সিদ্ধান্তক ভুল বুলি প্ৰমাণিত কৰে। ভাৰতৰ হৈ যুৱ অপেনাৰ অভিষেক শৰ্মাই বিধ্বংসী ৰূপ ধাৰণ কৰি কেৱল ৮৪ ৰানৰ এক অনবদ্য ইনিংছ খেলি দলক এক মজবুত ভেটি গঢ়ি দিয়ে। অধিনায়ক সূৰ্যকুমাৰ যাদৱ, অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু ৰিংকু সিঙৰ সহায়ত ভাৰতে ২০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৩৮ ৰানৰ এক পাহাৰসম স্ক’ৰ গঢ়িবলৈ সক্ষম হয়। আলহী দলৰ হৈ জেকৱ ডাফী আৰু কাইল জেমীছনে দুটাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়।
নিউজিলেণ্ডৰ ইনিংছত গ্লেন ফিলিপ্সে সৰ্বাধিক ৰান সংগ্ৰহ কৰে; তেওঁ মাত্ৰ ৪০ টা বলত ৭৮ ৰানৰ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বলিংত স্পিনাৰ বৰুণ চক্ৰৱৰ্তী আৰু শিৱম ডুবেই দুটাকৈ গুৰুত্বপূৰ্ণ উইকেট দখল কৰি বিপক্ষক ধৰাশায়ী কৰে। আনহাতে, পেচাৰ অৰ্শদীপ সিং, হাৰ্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেল প্ৰত্যেকেই একোটাকৈ উইকেট লাভ কৰি দলৰ জয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে।
মেচখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে অভিষেক শৰ্মাক ‘প্লেয়াৰ অৱ দ্যা মেচ’ সন্মান প্ৰদান কৰা হয়। শৃংখলাৰ পৰৱৰ্তী তথা দ্বিতীয়খন টি-২০ মেচ কাইলৈ সন্ধিয়া ৭ বজাৰ পৰা ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব, য’ত নিউজিলেণ্ডে শৃংখলালৈ উভতি অহাৰ বাবে আৰু ভাৰতে অগ্ৰগতি দুগুণ কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব।



