Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ উচ্চ শিক্ষাৰ নামত বৃহৎ বেহা

উচ্চ শিক্ষাৰ নামত বৃহৎ বেহা

শিক্ষা খণ্ডৰ বিশেষজ্ঞসকলৰ মতে, দেশত এনেদৰে কাঠফুলাৰ দৰে গজি উঠা ভুৱা শিক্ষানুষ্ঠানসমূহে এক দীৰ্ঘদিনীয়া সমস্যাৰ সৃষ্টি কৰি আহিছে।

0

● উচ্চ শিক্ষাৰ নামত বৃহৎ বেহা
● দেশৰ ৩২খন বিশ্ববিদ্যালয়ক ‘ভুৱা’ ঘোষণা ইউ জি চিৰ
● ১২খন ভুৱা প্ৰতিষ্ঠানেৰে শীৰ্ষত আছে ৰাজধানী দিল্লী

উচ্চ শিক্ষাৰ নামত দেশত চলি থকা এক বৃহৎ বেহা পোহৰলৈ আনিছে বিশ্ববিদ্যালয় অনুদান আয়োগে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ এই বিধিবদ্ধ সংস্থাটোৱে শেহতীয়াকৈ সমগ্ৰ ভাৰতবৰ্ষত ৩২ খন শিক্ষানুষ্ঠানক ‘ভুৱা বিশ্ববিদ্যালয়’ হিচাপে ঘোষণা কৰিছে। এই প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা যিকোনো ডিগ্ৰী উচ্চ শিক্ষা বা সংস্থাপনৰ বাবে সম্পূৰ্ণৰূপে অবৈধ বুলি আয়োগে স্পষ্ট কৰি দিছে। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আয়োগে এক কঠোৰ সতৰ্কবাণী জাৰি কৰি জনাইছে যে এই প্ৰতিষ্ঠানসমূহৰ কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ স্বীকৃতি নাই।

ফেব্ৰুৱাৰী, ২০২৬-ৰ শেহতীয়া তথ্য অনুসৰি প্ৰকাশিত এই তালিকাত সৰ্বাধিক ১২ খন ভুৱা বিশ্ববিদ্যালয়েৰে ৰাজধানী দিল্লীয়ে শীৰ্ষস্থান দখল কৰিছে। ইয়াৰ পাছতেই আছে উত্তৰ প্ৰদেশ, য’ত ৪ খন এনে প্ৰতিষ্ঠান চিহ্নিত কৰা হৈছে। সমান্তৰালকৈ অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, পুডুচেৰী আৰু পশ্চিমবংগত দুখনকৈ তথা অৰুণাচল প্ৰদেশ, হাৰিয়ানা, ঝাৰখণ্ড আৰু ৰাজস্থানত এখনকৈ ভুৱা বিশ্ববিদ্যালয় পোহৰলৈ আহিছে। আয়োগে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, বিশ্ববিদ্যালয় অনুদান আয়োগ আইনৰ ধাৰা ২(এফ) আৰু ৩-ৰ অধীনত এই প্ৰতিষ্ঠানসমূহৰ কোনো আইনী বৈধতা নাই, যাৰ ফলত ইয়াত অধ্যয়ন কৰাটো ছাত্ৰ-ছাত্ৰীৰ বাবে এক আত্মঘাতী সিদ্ধান্ত হৈ পৰিব পাৰে।

শিক্ষা খণ্ডৰ বিশেষজ্ঞসকলৰ মতে, দেশত এনেদৰে কাঠফুলাৰ দৰে গজি উঠা ভুৱা শিক্ষানুষ্ঠানসমূহে এক দীৰ্ঘদিনীয়া সমস্যাৰ সৃষ্টি কৰি আহিছে। দিল্লীৰ ‘ৱৰ্ল্ড পিচ অৱ ইউনাইটেড নেচনছ ইউনিভাৰ্ছিটী’ বা কৰ্ণাটকৰ ‘গ্ল’বেল হিউমেন পিচ ইউনিভাৰ্ছিটী’ৰ দৰে উন্নত মানৰ নাম ব্যৱহাৰ কৰি এই প্ৰতিষ্ঠানসমূহে সাধাৰণ শিক্ষাৰ্থী আৰু অভিভাৱকক অতি সহজেই প্ৰলোভিত কৰে। প্ৰতিযোগিতামূলক বজাৰত ডিগ্ৰী লাভৰ হেঁপাহৰ সুযোগ লৈ এই চক্ৰবোৰে লাখ লাখ টকা লুটি অহাৰ অভিযোগো নতুন নহয়। এনে পৰিপ্ৰেক্ষিতত, ইউজিচিৰ এই পদক্ষেপে শৈক্ষিক প্ৰৱঞ্চনা ৰোধ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।

এই স্পৰ্শকাতৰ পৰিস্থিতিত দেশৰ শিক্ষা মন্ত্ৰালয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক অধিক সজাগ হোৱাৰ আহ্বান জনাইছে। নামভৰ্তিৰ পূৰ্বে যিকোনো শিক্ষানুষ্ঠানৰ স্বীকৃতি আৰু বৈধতা ইউজিচিৰ চৰকাৰী পৰ্টেলৰ জৰিয়তে পুংখানুপুংখভাৱে পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version