Home গুৱাহাটীঃ কৰ্মচাৰী-পেঞ্চনাৰৰ মাজত মৰগীয়া বানচ বৃদ্ধিত বৈষম্য থাকিব নোৱাৰিব

কৰ্মচাৰী-পেঞ্চনাৰৰ মাজত মৰগীয়া বানচ বৃদ্ধিত বৈষম্য থাকিব নোৱাৰিব

ৰায়দানটোত ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদত সন্নিৱিষ্ট সমতাৰ অধিকাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ন্যায়াধীশ মনোজ মিশ্ৰই ৰায়টোত উল্লেখ কৰে যে সমতা আৰু স্বেচ্ছাচাৰিতা পৰস্পৰ বিৰোধী ধাৰণা, য'ত সমতাই এখন প্ৰজাতন্ত্ৰত আইনৰ শাসনক প্ৰতিনিধিত্ব কৰে

0

● কৰ্মচাৰী- পেঞ্চনাৰৰ মাজত মৰগীয়া বানচ বৃদ্ধিত বৈষম্য থাকিব নোৱাৰিব
● মৰগীয়া বানচ সন্দৰ্ভত কেৰালা চৰকাৰৰ আবেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ
● মৰগীয়া বানচ নিৰ্ধাৰণত চৰকাৰৰ স্বেচ্ছাচাৰিতা মানি নল’লে উচ্চতম ন্যায়ালয়ে

চলিত বৰ্ষৰ ১০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান যোগে স্পষ্ট কৰি দিছে যে মুদ্ৰাস্ফীতিৰ মোকাবিলা কৰিবলৈ প্ৰদান কৰা মৰগীয়া বানচ (DA) আৰু মৰগীয়া সকাহ (DR) বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে কৰ্মৰত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত কোনো ধৰণৰ বৈষম্যমূলক পাৰ্থক্য ৰাখিব নোৱাৰিব। ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ প্ৰসন্ন বি. ভাৰালেৰে গঠিত বিচাৰপীঠে কেৰালা চৰকাৰ আৰু কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগমৰ (KSRTC) আবেদন খাৰিজ কৰি এই ঐতিহাসিক ৰায়টো প্ৰদান কৰে। বিচাৰপীঠৰ মতে, মুদ্ৰাস্ফীতিৰ প্ৰভাৱ কৰ্মৰত কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত ব্যক্তি উভয়ৰ ওপৰতেই সমানে পৰে, সেয়েহে বানচ নিৰ্ধাৰণৰ ক্ষেত্ৰত দুয়োটা শ্ৰেণীৰ বাবে পৃথক হাৰ নিৰ্ধাৰণ কৰাটো সম্পূৰ্ণৰূপে অযুক্তিকৰ আৰু স্বেচ্ছাচাৰী কাৰ্য।

এই ৰায়দানটোত ভাৰতীয় সংবিধানৰ ১৪ নং অনুচ্ছেদত সন্নিৱিষ্ট সমতাৰ অধিকাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ন্যায়াধীশ মনোজ মিশ্ৰই ৰায়টোত উল্লেখ কৰে যে সমতা আৰু স্বেচ্ছাচাৰিতা পৰস্পৰ বিৰোধী ধাৰণা, য’ত সমতাই এখন প্ৰজাতন্ত্ৰত আইনৰ শাসনক প্ৰতিনিধিত্ব কৰে। ন্যায়ালয়ে এই কথাও মানি লৈছে যে বিত্তীয় সংকটৰ অজুহাতত চৰকাৰে কল্যাণমূলক আঁচনি ৰূপায়ণৰ তাৰিখ পিছুৱাব পাৰে, কিন্তু এবাৰ মুদ্ৰাস্ফীতিৰ ভিত্তিত বানচ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত কৰ্মৰতসকলক উচ্চ হাৰত আৰু পেঞ্চনাৰসকলক নিম্ন হাৰত প্ৰদান কৰাটো সমতাৰ অধিকাৰৰ পোনপটীয়া উলংঘন।

এই আইনী যুঁজখনৰ সূত্ৰপাত ঘটিছিল ২০২১ চনত কেৰালা চৰকাৰে জাৰি কৰা এখন নিৰ্দেশনাৰ পৰা, য’ত কে এছ আৰ টি চিৰ (KSRTC) কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ১৪ শতাংশলৈ বৃদ্ধি কৰা হৈছিল যদিও পেঞ্চনাৰসকলৰ মৰগীয়া সকাহ মাত্ৰ ১১ শতাংশতে সীমাবদ্ধ ৰখা হৈছিল। এই বৈষম্যৰ বিৰুদ্ধে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে কেৰালা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে পেঞ্চনাৰসকলৰ সপক্ষে ৰায়দান কৰাৰ পিছত ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আপীল কৰিছিল।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version