● বিশ্বৰ সৰ্ববৃহৎ পেমেণ্ট প্লেটফৰ্ম হিচাপে পৰিগণিত ইউপিআই
● ৰিয়েল-টাইম লেনদেনত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থান দখল
● ভাৰতৰ ডিজিটেল লেনদেনৰ ৮৫ শতাংশই সম্পন্ন ইউপিআইৰ জৰিয়তে
নিউজ ডেস্ক, গুৱাহাটী
ভাৰতৰ ‘ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ’ চমুকৈ ইউ পি আই বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ ৰিয়েল-টাইম পেমেণ্ট প্লেটফৰ্ম হিচাপে পৰিগণিত হৈছে। ২০১৬ চনৰ ১১ এপ্ৰিলত আৰম্ভ হোৱা এই ব্যৱস্থাটোৱে বিগত এক দশকত ভাৰতৰ ডিজিটেল অৰ্থনীতিক এক শক্তিশালী ৰূপ দিছে। বিশ্বৰ তাৎক্ষণিক ডিজিটেল লেনদেনৰ প্ৰায় আধা অংশই এতিয়া ইউপিআইৰ জৰিয়তে সম্পন্ন হয়।

পৰিসংখ্যা অনুসৰি, আৰম্ভণিৰ মাহত মাত্ৰ ৩৭৩ টা লেনদেন হোৱা ইউপিআইৰ জৰিয়তে ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰায় ২৪,১৬২ কোটি লেনদেন সম্পন্ন হৈছে, যাৰ সৰ্বমুঠ মূল্য প্ৰায় ৩১৪ লাখ কোটি টকা। বৰ্তমান দৈনিক গড়ে প্ৰায় ৬৬ কোটি লেনদেন হয়। ২১ টা বেংকৰ পৰা আৰম্ভ হৈ এতিয়া ৭০৩ টা বেংক ইয়াৰ অন্তৰ্ভুক্ত হৈছে। দেশৰ মুঠ ডিজিটেল লেনদেনৰ ৮৫ শতাংশই বৰ্তমান ইউপিআইৰ অধীনত। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে লেনদেনৰ পৰিমাণৰ ভিত্তিত ইউপিআইক বিশ্বৰ সৰ্ববৃহৎ ৰিয়েল-টাইম পেমেণ্ট চিষ্টেম হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে।


