● ভাৰতত বলৱৎ হ’ল নতুন অনলাইন গেমিং বিধি
● সম্পূৰ্ণৰূপে নিষিদ্ধ সকলো ধৰণৰ Money Games
● নিয়ম ভংগ কৰিলে হ’ব কাৰাদণ্ড আৰু জৰিমনা
নিউজ ডেস্ক, গুৱাহাটী
ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অনলাইন গেমিং খণ্ডক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে আজিৰে পৰা ‘অনলাইন গেমিং প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধি, ২০২৬’ আনুষ্ঠানিকভাৱে বলৱৎ কৰা হৈছে। এই নতুন বিধিয়ে ভাগ্যৰ ওপৰত আধাৰিত সকলো ধৰণৰ Online money games সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত এই সমগ্ৰ খণ্ডটো তদাৰক কৰিবলৈ সুকীয়াকৈ ‘ভাৰতীয় অনলাইন গেমিং কৰ্তৃপক্ষ’ গঠন কৰা হৈছে।

নতুন নিয়ম অনুসৰি, ধন বিনিয়োগ কৰা গেমসমূহৰ বিজ্ঞাপন আৰু আৰ্থিক লেনদেন বেআইনী হিচাপে পৰিগণিত হ’ব আৰু নিয়ম ভংগকাৰীয়ে কাৰাদণ্ডকে ধৰি কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। ইয়াৰ সমান্তৰালভাৱে, ব্যৱহাৰকাৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বয়সৰ প্ৰমাণীকৰণ, সময়ৰ সীমাবদ্ধতা আৰু পেৰেণ্টেল কণ্ট্ৰল ব্যৱস্থা বাধ্যতামূলক কৰা হৈছে। লগতে নিৰ্দিষ্ট শ্ৰেণীৰ গেমসমূহৰ বাবে এক নতুন পঞ্জীয়ন ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে।
গ্ৰাহকৰ সমস্যা নিৰাময়ৰ বাবে এক দ্বি-স্তৰীয় অভিযোগ ব্যৱস্থাৱলী গ্ৰহণ কৰা হৈছে, য’ত নিৰ্দিষ্ট সময়ৰ ভিতৰত ডিজিটেল মাধ্যমৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। চৰকাৰৰ মতে, এই পদক্ষেপে ব্যৱহাৰকাৰীক আৰ্থিক আৰু সামাজিক বিপদৰ পৰা ৰক্ষা কৰাৰ লগতে দেশত এক সুৰক্ষিত ডিজিটেল গেমিং পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব।


