Home অন্যান্যঃ XOBDO আৰু Assam AI Initiative-ৰ যুটীয়া প্ৰচেষ্টা: মুকলি হ’ল অসমীয়া AI Text-to-Speech...

XOBDO আৰু Assam AI Initiative-ৰ যুটীয়া প্ৰচেষ্টা: মুকলি হ’ল অসমীয়া AI Text-to-Speech প্লেটফৰ্ম “Project Pathok” -ড০ বুলজিৎ বুঢ়াগোঁহাই

উদ্যোক্তাসকলৰ মতে, “Project Pathok”-এ Artificial Intelligence (AI) প্ৰযুক্তিৰ সহায়ত অসমীয়া Unicode text-ক স্বাভাৱিক মানুহৰ মাতত ৰূপান্তৰ কৰিবলৈ সক্ষম। ব্যৱহাৰকাৰীয়ে কেৱল যিকোনো অসমীয়া গদ্য copy-paste কৰি অথবা কোনো webpage link প্ৰদান কৰিলেই সম্পূৰ্ণ বিষয়বস্তুটো অসমীয়া কণ্ঠত শুনিব পাৰিব।

0

গুৱাহাটী, ১৬ মে’: অসমীয়া ভাষাৰ ডিজিটেল বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰি অহা স্বেচ্ছাসেৱী গোট XOBDO.ORG আৰু Team Assam AI Initiative (AAII-আই)-ৰ যুটীয়া উদ্যোগত মুকলি কৰা হৈছে “Project Pathok” নামৰ এক অত্যাধুনিক অসমীয়া Artificial Intelligence (AI) ভিত্তিক Text-to-Speech (TTS) Web App। সম্পূৰ্ণ বিনামূলীয়া এই প্লেটফৰ্মটোৰ মূল লক্ষ্য হৈছে ডিজিটেল মাধ্যমত উপলব্ধ অসমীয়া সমলসমূহ সৰ্বসাধাৰণ ৰাইজৰ বাবে অধিক সহজলভ্য কৰি তোলা।

 

উদ্যোক্তাসকলৰ মতে, “Project Pathok”-এ Artificial Intelligence (AI) প্ৰযুক্তিৰ সহায়ত অসমীয়া Unicode text-ক স্বাভাৱিক মানুহৰ মাতত ৰূপান্তৰ কৰিবলৈ সক্ষম। ব্যৱহাৰকাৰীয়ে কেৱল যিকোনো অসমীয়া গদ্য copy-paste কৰি অথবা কোনো webpage link প্ৰদান কৰিলেই সম্পূৰ্ণ বিষয়বস্তুটো অসমীয়া কণ্ঠত শুনিব পাৰিব। এই সঁজুলিটো শিক্ষা, সুলভতা , অনলাইন পঢ়া-শুনা, গৱেষণা আৰু ডিজিটেল জগতত অসমীয়া ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অতি উপযোগী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। বিশেষকৈ, “Project Pathok” “Xobdo Boroxa 1.0” নামৰ এটা neural Assamese Text-to-Speech model-ৰ ওপৰত আধাৰিত। প্ৰায় চাৰি ঘণ্টাৰ উচ্চ মানদণ্ডৰ অসমীয়া কণ্ঠ-তথ্য ব্যৱহাৰ কৰি ইয়াক প্ৰশিক্ষণ দিয়া হৈছে। এই ব্যৱস্থাটো সম্পূৰ্ণৰূপে ব্যৱহাৰকাৰীৰ browser-ৰ ভিতৰতে চলাৰ ফলত প্ৰথমবাৰ ল’ড হোৱাৰ পিছত ই ডিভাইচটোত ভয়েচ মডেল সংৰক্ষণ কৰি ৰাখে।

ফলস্বৰূপে ইণ্টাৰনেট সংযোগ নোহোৱাকৈও (offline) ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। উল্লেখযোগ্য যে, ব্যৱহাৰকাৰীৰ কোনো গদ্য বা অডিঅ’ কোনো চাৰ্ভাৰলৈ পঠোৱা নহয়। ফলত ব্যৱহাৰকাৰীৰ privacy সম্পূৰ্ণৰূপে সুৰক্ষিত থাকে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। অসমীয়া ডিজিটেল ভাষাৰ আন্তঃগাঁথনি (digital language infrastructure) অধিক শক্তিশালী কৰি তোলা আৰু আঞ্চলিক ভাষাসমূহৰ বাবে সহজলভ্য AI সঁজুলি গঢ়ি তোলাৰ এক বৃহৎ সামূহিক প্ৰচেষ্টাৰ অংশ হিচাপে এই উদ্যোগ গ্ৰহণ কৰা হৈছে। বিকাশকসকলে আশা প্ৰকাশ কৰিছে যে এই পদক্ষেপে অধিক সংখ্যক লোকক ডিজিটেল অসমীয়া সমল সহজে পঢ়িবলৈ, শুনিবলৈ আৰু বুজিবলৈ সহায় কৰিব। এই প্ৰকল্পটোৰ কাৰিকৰী সমন্বয় আৰু উন্নয়নৰ দায়িত্ব পালন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ DUIET-ৰ ড° পৰীস্মিতা গগৈ আৰু Team Assam AI Initiative (AAII-আই)-এ। ইয়াৰ বাবে কণ্ঠদান কৰিছে শ্ৰীমতী বৰ্ষা বন্দিতাই। আনহাতে, প্ৰাৰম্ভিক তথ্য সংগ্ৰহ আৰু ব্যৱস্থাপনা সহায় আগবঢ়াইছে ড° অঞ্জল বৰা আৰু শ্ৰী অবিনাশ হাতীকাকতীয়ে। উল্লেখ্য যে, “Project Pathok” এতিয়া সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাইজৰ বাবে উপলব্ধ। ডেস্কটপ ব্যৱহাৰকাৰীসকলৰ বাবে, বিশেষকৈ Chrome browser ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে Assamese Text-to-Speech Chrome Extension-ও মুকলি কৰা হৈছে। এই extension-ৰ সহায়ত ব্যৱহাৰকাৰীয়ে যিকোনো ৱেবপেজত থকা অসমীয়া গদ্য নিৰ্বাচন কৰি বা right-click কৰি সহজেই সম্পূৰ্ণ পৃষ্ঠাটো শুনিব পাৰিব।

Project Pathok: https://www.xobdo.org/project_pathok/

Chrome Extension: https://chromewebstore.google.com/detail/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A6%A2%E0%A6%BC%E0%A6%95-%E2%80%94-assamese/ejfhaoacenoloahojdjanfagelhpdkoc

Landing Page: https://aaiiaxomi.github.io/assamese-tts-reader/

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version