Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ মহাকাশৰ বুকুত জিলিকিল মণিপুৰৰ ‘লোকটাক’

মহাকাশৰ বুকুত জিলিকিল মণিপুৰৰ ‘লোকটাক’

যুগান্তকাৰী আৱিষ্কাৰটোৱে বিশ্বব্ৰহ্মাণ্ডৰ আদিম অৱস্থা আৰু তাৰকাপুঞ্জসমূহৰ বিৱৰ্তনৰ বিষয়ে ন ন তথ্য পোহৰলৈ আনিছে। নতুনকৈ আৱিষ্কৃত এই বিশাল তাৰকাপুঞ্জটোৰ নাম মণিপুৰৰ বিখ্যাত লোকটাক হ্ৰদৰ সৈতে সংগতি ৰাখি ‘লোকটাক প্ৰট’ক্লাষ্টাৰ’ ৰখা হৈছে।

0

● মহাকাশৰ বুকুত জিলিকিল মণিপুৰৰ ‘লোকটাক’
● ভাৰতীয় জ্যোতি পদাৰ্থবিজ্ঞানীৰ যুগান্তকাৰী সাফল্য
● ভাৰতীয় বিজ্ঞানীৰ নেতৃত্বত ১২.৬ বিলিয়ন বছৰ পুৰণি তাৰকাপুঞ্জ আৱিষ্কাৰ
● ড° ৰোনাল্ডো লাইশ্ৰামৰ নেতৃত্বত আৱিষ্কৃত তাৰকাপুঞ্জৰ নাম ‘লোকটাক প্ৰট’ক্লাষ্টাৰ’

নিউজ ডেস্ক, গুৱাহাটীঃ
ভাৰতীয় মহাকাশ বিজ্ঞানৰ ইতিহাসত এক সোণালী অধ্যায় সংযোজন কৰি মণিপুৰৰ সন্তান তথা জ্যোতিপদাৰ্থবিজ্ঞানী ড° ৰোনাল্ডো লাইশ্ৰামৰ নেতৃত্বত এটা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ দলে মহাকাশৰ বুকুত এক বিৰল আৱিষ্কাৰ কৰিছে। বিজ্ঞানীৰ দলটোৱে ১২.৬ বিলিয়ন বছৰ পুৰণি এক বিশাল তাৰকাপুঞ্জ বা গেলেক্সীৰ থূপ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, যিটো বিশ্বব্ৰহ্মাণ্ডৰ বয়স মাত্ৰ ১.২ বিলিয়ন বছৰ থাকোঁতে সৃষ্টি হৈছিল।

এই যুগান্তকাৰী আৱিষ্কাৰটোৱে বিশ্বব্ৰহ্মাণ্ডৰ আদিম অৱস্থা আৰু তাৰকাপুঞ্জসমূহৰ বিৱৰ্তনৰ বিষয়ে ন ন তথ্য পোহৰলৈ আনিছে। নতুনকৈ আৱিষ্কৃত এই বিশাল তাৰকাপুঞ্জটোৰ নাম মণিপুৰৰ বিখ্যাত লোকটাক হ্ৰদৰ সৈতে সংগতি ৰাখি ‘লোকটাক প্ৰট’ক্লাষ্টাৰ’ ৰখা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ এক প্ৰাকৃতিক ঐতিহ্যৰ নাম মহাকাশ বিজ্ঞানৰ জগতত এনেদৰে খোদিত হোৱাটো সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই এক অনন্য সন্মানৰ বিষয়।

ড° লাইশ্ৰামৰ এই অনবদ্য গৱেষণাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় মেধাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। এই বিশেষ আৱিষ্কাৰে ভৱিষ্যতৰ মহাকাশ গৱেষকসকলক ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ ৰহস্য উদ্ঘাটনৰ বাবে এক নতুন সমল প্ৰদান কৰিব। মহাকাশৰ বুকুত ‘লোকটাক’ৰ এই অৱস্থানে ভাৰতীয় বিজ্ঞানীৰ কৃতিত্বক বিশ্বদৰবাৰত চিৰস্মৰণীয় কৰি ৰাখিব।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version