● বিৰাটৰ অপৰাজিত ৭৫ ৰানেৰে খিতাপ ৰক্ষা বেংগালুৰুৰ
● পাটিদাৰৰ নেতৃত্বত একেৰাহে দ্বিতীয়টো আই পি এল খিতাপ দখল আৰ চি বিৰ
● গুজৰাটক হৰুৱাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন আৰ চি বি
নিউজ ডেস্ক, গুৱাহাটীঃ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ২০২৬ ৰ ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰিছে। এই বিজয়ৰ জৰিয়তে আৰ চি বি আই পি এলৰ ইতিহাসত খিতাপ ৰক্ষা কৰা তৃতীয়টো দল হিচাপে পৰিগণিত হৈছে। যোৱা বছৰো দলটোৱে এইখন খেলপথাৰতেই পঞ্জাৱ কিংছক হৰুৱাই প্ৰথমটো খিতাপ জিনিছিল।
মেচখনত আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বেংগালুৰুৰ বলাৰসকলৰ আক্ৰমণাত্মক প্ৰদৰ্শনৰ সন্মুখত গুজৰাটে পাৱাৰপ্লে’তে অধিনায়ক শুভমন গিল আৰু ছাই সুদৰ্শনৰ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই শলঠেকত পৰে। ফলত ঘৰুৱা দল গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ১৫৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
১৫৬ ৰানৰ লক্ষ্য অনুসৰণ কৰি বিৰাট কোহলী আৰু ভেংকটেশ আয়াৰে আৰ চি বিক এক বিস্ফোৰক আৰম্ভণি দিয়ে। মাজতে কেইটামান উইকেটৰ পতন ঘটে যদিও কোহলীয়ে মাত্ৰ ২৫ টা বলত নিজৰ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰি ইনিংছ চম্ভালে। ছিক্সাৰ কোবাই বিজয় সাৱ্যস্ত কৰা ক’হলীৰ অপৰাজিত ৭৫ ৰানৰ সহায়ত বেংগালুৰুৱে ২ অভাৰ বাকী থাকোতেই মেচখন হস্তগত কৰে। এই বিজয়েৰে এম এছ ধোনী আৰু ৰোহিত শৰ্মাৰ পিছতেই ক্ৰমাগত খিতাপ জয়ী তৃতীয়জন অধিনায়কৰ অভিলেখ গঢ়িলে ৰজত পাটিদাৰে।



