স্বদেশ সংবাদ

0

নিউজ ডেস্কঃ

● বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড° টেড্ৰছ আধনম, বিশ্ব বেংকৰ সভাপতি অজয় ​​বাংগা, বিল গেটছকে ধৰি বিশ্বৰ নেতাসকলে ভাৰতৰ অনাময় আৰু স্বাস্থ্যৰ ওপৰত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোডীক ১০ বছৰীয়া স্বচ্ছ ভাৰত অভিযানৰ বাবে অভিনন্দন (Congratulations on Swachh Bharat Abhiyan) জনায়।

● আজি নতুন দিল্লীত “ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সম্পদ ভূ-ৰাজনীতি আৰু নিৰাপত্তা” বিষয়ক কেন্দ্ৰ কৰি ২০২৪ চনৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় আঞ্চলিক আলোচনা। তিনিদিনীয়া এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দিবলৈ সাজু হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ।

● এম এছ এম ই মন্ত্ৰালয়ে খাদী শ্ৰমিক (Khadi Workers)ৰ মজুৰি বৃদ্ধি কৰে। শিপিনীসকলে মজুৰি বৃদ্ধিৰ লগতে খাদী আৰু গ্ৰাম্য উদ্যোগৰ সামগ্ৰীত ৩০ নৱেম্বৰলৈকে বিশেষ ৰেহাই ঘোষণা কৰে।

● কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে মত প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত ৮০ লাখ মেট্ৰিক আৱৰ্জনা বিশেষ পদ্ধতিৰে পুনৰ ব্যৱস্থাপনাৰ জড়িয়তে ব্যৱহাৰ কৰা হৈছে। তেওঁ পৌৰ নিগমসমূহক বায়’-চিএনজি বাহন (Bio-CNG vehicle) ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

● আজিৰ পৰা আৰম্ভ হৈছে ৯ দিনীয়া নৱৰাত্ৰি উৎসৱ (Navratri Festival), ভক্তসকলে ভক্তি আৰু উদ্যমেৰে দেৱী দুৰ্গাৰ প্ৰথম ৰূপ শৈলপুত্ৰীক পূজা-অৰ্চনা কৰিছে।

● নৱৰাত্ৰিৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰি, মা শৈলপুত্ৰীৰ ওচৰত সকলোৰে বাবে আশীৰ্বাদ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে।

● বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে পাটনাত গান্ধীৰ জীৱন আৰু চম্পাৰণ সত্যগ্ৰহক প্ৰদৰ্শন কৰা পাঁচ মহলীয়া স্মৃতিসৌধত ‘বাপু টাৱাৰ’ (Bapu Tower) উদ্বোধন কৰে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version