Home ৰাজ্যঃ অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান

অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদান

0

নিউজ ডেস্কঃ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে অসমীয়া, মাৰাঠী, পালী, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্রুপদী ভাষা (Classical Language)ৰ মৰ্যাদা প্ৰদানত অনুমোদন জনাইছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তকসমূহ অসমবাসীৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে।

তেওঁ কয় যে প্ৰাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে। এই সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ’ম বুলি তেওঁ সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালায়ালয়ম আৰু ওড়িয়া ধ্রুপদী ভাষাৰ তালিকাত সন্নিবিষ্ট আছিল।

অসমীয়া ভাষাত ধ্রুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ পাছতে অসম গণ পৰিষদে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাইছে। অসমীয়া ভাষাক জগতসভালৈ লৈ যোৱাৰ ক্ষেত্ৰত যিসকল মহান মণিষীয়ে অহোপুৰুষাৰ্থ কৰিছিল, তেওঁলোকক অগপৰ সভাপতি অতুল বৰাই সশ্রদ্ধ প্ৰণিপাত জনায়। লগতে বৰাই অসমীয়া ভাষাত এই অলংকাৰ পৰিধান কৰাৰ পাছত প্ৰতিজন অসমীয়াৰ দায়িত্ব আৰু দায়বদ্ধতা বাঢ়িল বুলিও উল্লেখ কৰে। জাতি আৰু ভাষাটিৰ উন্নয়নৰ হকে প্ৰতিজন অসমীয়াকে তেওঁ একেলগ হৈ কাম কৰিবলৈ আহ্বান জনায়।

আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্রদান কৰাত অসমৰ জনসাধাৰণ গৌৰৱান্বিত বুলি সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। অসমীয়া ভাষাৰ কাণ্ডাৰী, গৱেষক আৰু সাধকসকলৰ সাধনাৰ বাবে এই প্রাপ্তি সম্ভৱ হ’ল বুলি উল্লেখ কৰি আছুৰ নেতাগৰাকীয়ে ভাষা আৰু মাধ্যম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ এই ঐতিহাসিক মুহূৰ্তত অসমীয়া ভাষা সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সংকল্প ল’বলৈ সকলোলৈ আহ্বান জনায়।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version