Home কৃষিখণ্ডঃ নগাঁৱৰ কঠিয়াতলী বৰকছাৰী গাঁৱৰ এজন যুৱকৰ প্ৰসংশনীয় পদক্ষেপ

নগাঁৱৰ কঠিয়াতলী বৰকছাৰী গাঁৱৰ এজন যুৱকৰ প্ৰসংশনীয় পদক্ষেপ

0

গাহৰি পালনেৰে দিনেশ বসুমতাৰীৰ স্বাৱলম্বীতাৰ নিদৰ্শন
কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞাঃ যি সময়ত এটা কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ নিৱনুৱা যুৱকে ঢাপলি মেলিছে সেইখিনি সময়ত নগাওঁ জিলাৰ কঠীয়াতলীৰ এজন উচ্চ শিক্ষাৰে শিক্ষিত যুৱকৰ সুন্দৰ প্ৰদক্ষেপে সকলোৱে আদৰ্শ হৈ পৰিছে।

নগাঁৱৰ কঠিয়াতলী বৰকছাৰী গাঁৱৰ এজন যুৱকৰ প্ৰসংশনীয় পদক্ষেপ || #notun_somoy

কঠীয়াতলী বৰকছাৰী গাঁৱৰ দিনেশ বসুমতাৰী নামৰ এই জন যুৱকে চৰকাৰী চাকৰিৰ পাছত নুঘুৰি প্ৰায় এবছৰ পূৰ্বে নিজ ঘৰৰ কাষতে প্ৰতিপালন কৰি আহিছে গাহৰি। দিনেশে নিজৰ লগতে আন দুজনকো দি আহিছে আত্মসংস্থাপন। দিনে নিশাই দিনেশে অশেষ কষ্ট কৰি পালন কৰি আহিছে এই গাহৰি সমূহ। বৰ্তমান ৪০ টা গাহৰি পোহপাল দিয়া দিনেশে আগন্তক দিনত আৰু উন্নত প্ৰজাতিৰ গাহৰি পালন কৰিব বুলি জনাই। গাহৰি ৰ্ফাম খনক লৈ যথেষ্ঠ আশাবাদী দিনেশ। নিজ ঘৰতে গাহৰি পালনৰে জীৱিকাৰ পথ বাচি লোৱা শিক্ষিত যুৱক দিনেশৰ এনে পদক্ষেপ এতিয়া শলাগ লৈছে অঞ্চলবাসীয়ে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version