Home ক্ৰীড়াঃ বিশ্বৰ দবা খেলৰ ক্ষেত্ৰত গুকেশৰ ৰাজত্ব

বিশ্বৰ দবা খেলৰ ক্ষেত্ৰত গুকেশৰ ৰাজত্ব

0

● বিশ্বক স্তম্ভিত কৰি তুলিলে ভাৰতীয় কিশোৰে
● বিশ্বৰ দবা খেলৰ ক্ষেত্ৰত গুকেশৰ ৰাজত্ব
● ১৮ বছৰীয়া গুকেশ ডোম্মাৰাজুৰ শিৰত বিশ্ব দবা চেম্পিয়নৰ মুকুট
● বিশ্বনাথন আনন্দৰ পাছতে দ্বিতীয়বাৰৰ বাবে দবাৰ বিশ্ব চেম্পিয়নৰ খিতাপ ভাৰতীয়লৈ
ভাৰতীয় দবা খেলৰ বাবে এক ঐতিহাসিক জয়। ছিংগাপুৰত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি ১৮ বছৰীয়া ভাৰতীয় কিশোৰ গুকেশ ডোম্মাৰাজু বিশ্ব দবা চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। গুকেশে এই জয়েৰে ২২ বছৰ বয়সত খিতাপ দখল কৰা গেৰী কাছপাৰভৰ পূৰ্বৰ অভিলেখ ভংগ কৰি বিশ্বৰ কনিষ্ঠতম দবা চেম্পিয়ন হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিছে।

২০০৬ চনত চেন্নাইত জন্ম গ্ৰহণ কৰা গুকেশ ডোম্মাৰাজু ১২ বছৰ বয়সত গ্ৰেণ্ডমাষ্টাৰ হোৱাৰ পিছৰে পৰা দবা খেলৰ জগত খনৰ এক উল্লেখযোগ্য খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। ২০২৪ চনত বুডাপেষ্টত অনুষ্ঠিত হোৱা দবা অলিম্পিয়াডত উৎকৃষ্ট প্ৰদৰ্শনেৰে ভাৰতক দলীয় আৰু ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰোৱাৰ উপৰিও যোৱা দুখন অলিম্পিয়াডত এই কণিষ্ঠতম বিশ্ব চেম্পিয়ন গৰাকীয়ে স্বৰ্ণ পদক লাভ কৰিছিল।

ডিং লিৰেনৰ বিৰুদ্ধে গুকেশে খেলা ১৪খন খেল আছিল তীব্ৰ প্ৰতিযোগিতামূলক। নিৰ্ণায়ক ১৪ নং খেলখনত গুকেশে ৫৫ নং মুভত ডিঙৰ ভুলক নিজৰ মূলধন হিচাপে লৈ ৭.৫ৰ পৰা ৬.৫ৰ চূড়ান্ত স্ক’ৰেৰে খিতাপ দখল কৰে।

এই জয় ভাৰতীয় দবাৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এতিয়া গুকেশ হৈ পৰিছে তেওঁৰ গুৰু বিশ্বনাথন আনন্দৰ পিছতে বিশ্ব চেম্পিয়ন খিতাপ দখল কৰা দ্বিতীয়জন ভাৰতীয়। দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে গুকেশৰ এই কৃতিত্বক প্ৰশংসা কৰি তেওঁৰ দক্ষতা, নিষ্ঠা আৰু ভাৰতত দবা খেলৰ ক্ৰমবৰ্ধমান প্ৰাধান্যৰ ওপৰত আলোকপাত কৰিছে।

গুকেশৰ এই সাফল্যই ভাৰতত দবাৰ খেলৰ প্ৰতি আৰু অধিক সমৰ্থন আৰু আন্তঃগাঁথনি বৃদ্ধি কৰাৰ দিশটোক উন্মোচিত কৰি নতুন প্ৰজন্মৰ খেলুৱৈ সকলক অনুপ্ৰাণিত কৰিব।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version