Home ৰাজনীতিঃ ৪ জুনত ভোটগণনাঃ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি, ষ্ট্ৰং ৰূমসমূহত ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা

৪ জুনত ভোটগণনাঃ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি, ষ্ট্ৰং ৰূমসমূহত ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা

ৰাজ্যখনৰ ১৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা ইভিএমসমূহ ৫০টা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে

0

অহা ৪ জুনত ৰাজ্যখনৰ ১৪টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্রস্তুতিৰ বুজ ল’বলৈ বৈঠকত মিলিত হৈছে। মৰিগাঁও জিলা প্ৰশাসনে অলপতে ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটগণনা কার্য নিয়াৰিকৈ চলাই নিয়াৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে ৰাজ্যিক নির্বাচন আয়োগেও ৪ জুনৰ ভোটগণনাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্রহণ কৰাৰ বাবে সংশ্লিষ্টসকলক নিৰ্দেশ দিছে। আনহাতে ৰাজ্যখনৰ ১৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৪৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হৈ থকা ইভিএমসমূহ ৫০টা ষ্ট্ৰং ৰুমত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহত ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে ইয়াৰ প্ৰৱেশ আৰু প্ৰস্থান দ্বাৰ চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধৰি মুঠ ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। উল্লেখযোগ্য যে প্রথম পৰ্যায়ত ৰাজ্যখনৰ ৫টা সমষ্টি কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত মুঠ ৩৫ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে দ্বিতীয় পৰ্যায়ত ৫টা সমষ্টি দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ শিলচৰ আৰু নগাঁৱত ৬১ গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ ১৪টা সমষ্টিৰ বাবে হবলগীয়া তিনিটা পৰ্যায়ত ভোটগ্ৰহণৰ কোনো এটা পৰ্যায়তে কোনো কাৰণত পুনৰ ভোটগ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। এইবাৰৰ ভোটগ্রহণ সম্পূর্ণ নিয়াৰিকৈ সম্পন্ন হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

#AkashvaniGHYNews

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version