Home অৰ্থনীতিঃ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ

0

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ ভূমি পূজন কাৰ্যসূচী আজি অনুষ্ঠিত হয়। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য সচিব ড০ ৰবি কোটা, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া বাণিজ্য প্রতিনিধি আৰু দেশৰ শীৰ্ষ স্থানীয় উদ্যোগপতি সকলক আতিথ্যৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই শীৰ্ষ সন্মিলনৰ জৰিয়তে ৰাজ্যৰ সামগ্রিক উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হোৱাৰ লগতে অর্থনৈতিক সম্ভাৱনা বৃদ্ধি কৰি উদ্যমী যুৱ সমাজৰ বাবে নতুন পথ প্রশস্ত হ’ব বুলি আশা কৰা হৈছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version