Home ৰাজ্যঃ দৰঙত ৩ দিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱস

দৰঙত ৩ দিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱস

0

পথৰুঘাটৰ কৃষক ছহিদসকলৰ সোঁৱৰণত দৰঙত ৩ দিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি অন্তিম দিনা কৃষক বিদ্ৰোহৰ স্মৃতি সুঁৱৰি এটা বিশেষ ডাক টিকট মুকলি কৰা হয়। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই এই ডাক টিকট মুকলি কৰে। অনুষ্ঠানত অংশ লৈ কৃষি মন্ত্ৰী অতুল বৰাই বিগত সময়ছোৱাত কৃষি যান্ত্ৰিকীকৰণৰ ফলত ৰাজ্যৰ কৃষি খণ্ডত লাভ কৰা উল্লেখনীয় সাফল্যৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০২২-২৩ বৰ্ষত ৰাজ্যত উৎপাদিত প্রায় ৪ হাজাৰ কোটি টকা মূল্যৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হয়।

মুখ্যমন্ত্ৰী কৃষি সমগ্ৰ যোজনাৰ অধীনত এক লাখ ৭০ হাজাৰ কৃষি সামগ্ৰী বিতৰণ কৰাৰ তথ্য প্ৰকাশ কৰি মন্ত্ৰী বৰাই অধিক উপাৰ্জনৰ বাবে কৃষকসকলে গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহত আলোকপাত কৰে। অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বিশিষ্ট ব্যক্তিসকলে কৃষক ছহিদ সমাধিত শ্রদ্ধাঞ্জলি, ছহিদ তৰ্পণ কৰাৰ উপৰি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশ লয়। অনুষ্ঠানৰ অংশ হিচাপে আজি সন্ধিয়া কৃষক সম্বর্ধনা, তথ্য চিত্র প্রদর্শনী আৰু সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। গুৱাহাটীৰ আমবাৰীতো আজি অসম কৃষক পৰিষদৰ মুখ্য কাৰ্যালয়ত কৃষক ছহিদ দিৱস পালন কৰা হয়। অনুষ্ঠানত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰি পথৰুঘাটৰ বিদ্ৰোহত প্ৰাণ আহুতি দিয়া ছহিদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

বাতৰি উৎসঃ আকাশবাণী

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version