Home ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয়ঃ বংগোপসাগৰত সৃষ্টি ঘূৰ্ণি বতাহ ৰেমাল, পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ...

বংগোপসাগৰত সৃষ্টি ঘূৰ্ণি বতাহ ৰেমাল, পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা

0

ভাৰতীয় বতৰ বিজ্ঞানে প্ৰকাশ কৰা মতে বংগোপ সাগৰত সৃষ্টি হোৱা ৰেমল নামৰ ঘূৰ্ণি বতাহজাকে দেওবাৰে পশ্চিমবংগ আৰু চুবুৰীয়া বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্যত বতাহজাকে প্রতিঘণ্টাত ১১০ৰ পৰা ১২০ কিলোমিটাৰ বেগেৰে দেওবাৰে পুৱাৰ ভাগত পশ্চিমবংগ আৰু বাংলাদেশৰ উপকূলভাগত খুন্দা মৰাৰ সম্ভাৱনা। বতাহজাকৰ বেগ প্রতিঘণ্টাত ১৩৫ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। বতাহজাক ২৭ মে’ৰ পুৱাৰ ভাগলৈ অব্যাহত থাকিব আৰু তাৰ পাছত লাহে লাহে তীব্ৰতা হ্ৰাস পাব৷ বতৰ বিজ্ঞান বিভাগে কলকাতা, হাওৰা, নাদিয়া, ঝাৰগ্ৰাম, উত্তৰ ছবিব্বশ পৰগনা, দক্ষিণ ছবিব্বশ পৰগনা আৰু পূব মেদিনীপুৰ জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ’ব পাৰে বুলি আশংকা কৰি অ’ৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে।

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version