Home সম্পাদকীয়ঃ দিপাঙ্কৰ শৰ্মাৰ ফেচবুকৰ পৰাঃ শদিয়ানো কি ৰিং এটাৰ বাট…..৷

দিপাঙ্কৰ শৰ্মাৰ ফেচবুকৰ পৰাঃ শদিয়ানো কি ৰিং এটাৰ বাট…..৷

0

দিপাঙ্কৰ শৰ্মাৰ ফেচবুকৰ পৰাঃ শদিয়ানো কি ৰিং এটাৰ বাট…..৷ নিশ্চয়। হ’ব পাৰিলেহেঁতেন। হ’ব পাৰে। বৰ্তমান main line এৰে ডিব্ৰুগড় – গুৱাহাটী চহৰ দুখন ৫৫৬ কিমি দূৰত্বত ৰৈ আছে যেনিবা। ফলত ধৰি লওক ৰঙিয়া এক্সপ্ৰেছ যোগে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ৰে’ল ভ্ৰমণ কৰিব। আপোনাৰ নিজৰ মূল্যবান আয়ুস কালৰ পৰা প্ৰায় ১১ ঘণ্টা মান ৰে’ল বিভাগে লৈ যাব গুৱাহাটীলৈ লৈ অনাৰ নামত। এনেবোৰ হিচাপ কৰিয়েই rail transport ৰ ফালে চিন্তা নকৰি মূলতঃ road transport আমাৰ প্ৰথম পছন্দৰ মাধ্যম হৈ ৰৈছে। তাৰেই সুযোগ লৈ আছে সকলোবোৰ মেনেজ কৰি হলেও একাংশ বিত্তবান ৰাজনৈতিক নেতায়ো। লবই। কিন্তু ৰিং এটাৰ বাটৰ কি হব তেন্তে? হব। ২০১৭ চনতে চৰকাৰে অনুমোদন দি ৰাখিছে বিকল্প বহু ভাল ভাল প্ৰকল্প যিবোৰক লৈ অসমত আলোচনা নহয়। তাৰ ভিতৰত যোৰহাট – শিৱসাগৰ ৬২ কিমি আৰু শালনা-খুমটাই ৯৯ কিমি দূৰত্বৰ দুটা পোনপটীয়া নতুন ৰেলপথ নিৰ্মাণৰ কথাও আছিল যাক বাস্তবায়িত কৰিবলৈ এটকাও দিল্লীয়ে দিয়া নাই। তেজপুৰ – শিলঘাট (২৫ কিমি), ২য় শৰাইঘাট ৰে’ল দলং আদিও লিষ্টত আছিল। যদি মাননীয় CM, RANJAN GOGOI কে ধৰি ASSAM TEAM ৰ MP সকলে দিল্লীত অসম পৰিচয়হে কেবল ডাঙি ধৰি FUND আনিব পাৰে তেন্তে বৰ্তমানৰ ৫৫৬ কিমি হৈ পৰিব মাত্ৰ ৪৩৪ কিমি যিটো হৈ উঠিলে দ্ৰুতগামী ট্ৰেইনত আমি মাত্ৰ ৬ ঘন্টা মান দিলেই হব ৰেলক। পুৱা ডিব্ৰুগড়ৰ পৰা ড. নগেন শইকীয়া চাৰ আহি সভা এখনত বক্তৃতা দি পুনৰ একেদিনাই উভটি গৈ নিশা নিজৰ বিছনা খনত শুব পাৰিব। দিনতে দেখি থকা আমাৰ সপোন এনেকুৱাই আছিল যিটো হৈ উঠা নাই। ভাল কথা যে বৰ্তমান ৰে’ল ক্ষেত্ৰত ধনৰ অভাৱ নাই। সেয়ে দেখিছেই নিশ্চয় আন্ত:গাঠনি বনাবলৈ প্ৰচুৰ ধন আবণ্টন দিছে। পিছে আমাকনো কোনবোৰ ক্ষেত্ৰত প্ৰয়োজন সেই খিনি দৰদাম কৰিবলৈ কোনো উদ্যোগ লোৱা নেদেখিলোঁ। অসম আৰু ৰে’ল বিভাগৰ সৈতে উচ্চ স্তৰত কোনো আলোচনা চকুত নপৰিল। NFR GM এ কাচিৎহে দিছপুৰলৈ আহি ইমান ইমান কোটি টকা দিয়াৰ POWER POINT PRESENTATION দি গুচি যায়। সেয়ে আমি দিছপুৰৰ সক্ৰিয়তা কামনা কৰি আবেদন জনাইছোঁ। সহাৰিৰ অপেক্ষাত। অসমৰ সংবাদ মহলক নেতৃত্ব দি অহা দায়িত্বশীল অসম সন্তান সকলেও বিষয়বোৰক লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন আছিল। খুব কমেইহে ৰে’ল চৰ্চাক প্ৰাধান্য দিয়া দেখিলোঁ। যি কি নহওঁক উন্নত হৈ উঠক ৰাজ্যৰ ৰে’ল ব্যৱস্থা । কামনা এয়াই ।….. হৈ উঠিব নিশ্চয়।… এবাৰ গা ধুই চাম… মা চাই থাকা ছোন..।।

https://www.facebook.com/dipankar.sharma.7587

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version