Home অৰ্থনীতিঃ সংকটত পৰা অসমৰ চাহ উদ্যোগক কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰক

সংকটত পৰা অসমৰ চাহ উদ্যোগক কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰক

0

অদীপ কুমাৰ ফুকন

চাহক স্বাস্থ্যকৰ পানীয় হিচাপে ঘোষণা কৰিছে আমেৰিকাই৷ ২০২৪ৰ ২০ ডিচেম্বৰত আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে চাহক সু-স্বাস্থ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি ঘোষণা কৰিছে৷ দুশ বছৰ গৰকা অসম তথা ভাৰতৰ চাহ উদ্যোগক আমি যিটো মৰ্যাদা দিব পৰা নাই, সেই মৰ্যাদা কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই দিবলৈ সক্ষম হৈছে৷ স্বাস্থ্যৰ প্ৰতি সজাগ বিশ্ববাসীৰ আজি অতি প্ৰিয় চাহ৷ চাহে অসমক আন্তৰ্জাতিক মৰ্যাদা আৰু সন্মান দিছে৷ বিশ্বৰ চাহৰ বজাৰত আছে অসমৰ নাম৷ ১৮২৩ চনতে অসমত আৱিষ্কাৰ হোৱা চাহৰ আজি দুশ বছৰ অতিক্ৰম কৰিলে৷ ৰবাৰ্ট ব্ৰুচে আৱিষ্কাৰ কৰিছিল অসমৰ চাহ৷

Popular Tea Gardens to Visit in Assam | Tea Tourism in Assam

দুশ বছৰ গৰকা অসমৰ চাহ উদ্যোগকলৈ আৰু উদ্যোগটোৰ লগত জড়িত চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠীটোলৈ যিদৰে আলোচনা আৰু নতুন নতুন পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন আছিল, অসমত সেইটো পৰিলক্ষিত নহ’ল৷ আমি আশা কৰিম এইক্ষেত্ৰত অসম চৰকাৰৰ লগতে ৰাজ্যখনৰ বিভিন্ন সচেতন অনুষ্ঠানে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব৷ আমি সকলোৱে নিশ্চয় মনত ৰখা উচিত যে অসমৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনত চাহ উদ্যোগ অতি গুৰুত্বপূৰ্ণ৷ আমি পূৰ্বৰে পৰা কৰি অহা এটা বিষয় অসমৰ মুখ্যমন্ত্ৰীক পুনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ৷ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অসম চৰকাৰে গুৱাহাটীত ‘Global Infrastructure আৰু Investments Summit’-ৰ আয়োজন কৰিছে৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব৷ প্ৰধানমন্ত্ৰীগৰাকীৰ জড়িয়তে চাহক ভাৰতৰ ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক অসম চৰকাৰে৷ বিশ্বৰ চাহৰ বজাৰত গুৰুত্বপূৰ্ণ অৱস্থান থকা ভাৰতৰ চাহৰ ওপৰত ৰাষ্ট্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা অতি প্ৰয়োজন হৈ পৰিছে৷

পাকিস্তানৰ ৰাষ্ট্ৰীয় পানীয় (নেচনেল ড্ৰিংক) ছুগাৰ কেন, জাপানৰ ৰাষ্ট্ৰীয় পানীয় ছেইক, ৰাছিয়াৰ ভডকা, স্কটলেণ্ডৰ হুইস্কি, জামাইকাৰ ৰাম, ছিংগাপুৰৰ ছিংগাপুৰ স্লিং, আৰ্জেণ্টিনাৰ মেট…৷ যিকোনো বিষয় এটা ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে ঘোষণা কৰিবলৈ হ’লে ঘোষণা কৰিবলগা বিষয়টোৰ ক্ষেত্ৰত দেশখনৰ নিজস্বতা আৰু স্বকীয় বৈশিষ্ট্য থকাৰ প্ৰয়োজন৷ ৰাষ্ট্ৰীয় প্ৰতীকটো দেশখনৰ লগত সংযুক্ত হৈ থাকিব লাগিব৷ চাহৰ মূল ভাৰত, চীন আৰু ভিয়েটনাম যদিও অসম তথা ভাৰতৰ উৎপাদিত চাহৰ এক নিজস্ব বৈশিষ্ট্য আছে৷ অসম, পশ্চিমবংগ, তামিলনাডু, কেৰালাৰ লগতে বৰ্তমান কৰ্ণাটক, ত্ৰিপুৰা, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, অৰুণাচল, মণিপুৰ, ছিকিম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, বিহাৰকে ধৰি বিভিন্ন ৰাজ্যত চাহৰ উৎপাদন ক্ষেত্ৰ গঢ়ি উঠিছে৷ অতি লক্ষণীয় বিষয়টো হ’ল, ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ চাহ উৎপাদনকাৰী দেশ৷ ভাৰতৰ উৎপাদন হোৱা চাহৰ প্ৰায় ৫৪ শতাংশ অসমৰ চাহ৷ বৰ্তমান অসমৰ লগতে দেশৰ চাহ উদ্যোগ সংকটত৷ বিশ্বৰ প্ৰতিযোগিতাৰ বজাৰত ভাৰতৰ চাহ বৰ্তমান বিভিন্ন কাৰণত চিন্তণীয় বিষয় হৈ পৰিছে৷ সেইবাবেই অন্যান্য পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিশ্বৰ বজাৰত ভাৰতীয় চাহে এক নতুন মাত্ৰা লাভ কৰাৰ বাবে চাহক ৰাষ্ট্ৰীয় পানীয় হিচাপে ঘোষণা কৰা উচিত হ’ব৷

চাহ কেৱল পানীয় নহয়৷ স্বাস্থ্যকৰ পানীয় হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰই স্বীকৃতি দিবলৈ বাধ্য হৈছে৷ অসমৰ চাহকলৈ বিশ্বৰ বজাৰত এক নতুন বিপ্লৱ আৰম্ভ কৰা হওক৷ ‘চিটিচি’ আৰু ‘অৰ্থডক্‌ছ টী’ৰ লগতে ‘জৈৱিক সেউজ চাহ’ তথা ‘অৰ্গেনিক গ্ৰীণ টী’ আৰু সুকীয়া গুণসম্পন্ন চাহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সময় হৈছে৷ বিশ্বৰ বজাৰত এতিয়া ‘গ্ৰীণ টী’য়ে গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰিছে৷ স্বাস্থ্যৰ প্ৰতি সজাগ বিশ্ববাসীয়ে ‘গ্ৰীণ টী’ৰ ঔষধি গুণসমূহৰ প্ৰতি লক্ষ্য ৰাখি ‘গ্ৰীণ টী’ সেৱণ কৰাটো এতিয়া অভ্যাসত পৰিণত কৰিছে৷ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনটো ‘গ্ৰীণ টী’ৰ অৰিহণা বহুত৷ নিমজ ছালৰ পৰা চুলি শক্তিশালী কৰালৈকে ‘গ্ৰীণ টী’য়ে গুৰুত্ব লাভ কৰিছে৷ স্বাস্থ্য বিজ্ঞানৰ গৱেষকসকলৰ মতে ‘গ্ৰীণ টী’ সেৱণ কৰিলে মগজুৰ ক্ৰিয়া শক্তি বৃদ্ধি হয়, মেদবহুলতা কমে, বহুকেইবিধ কৰ্কট ৰোগ নিৰাময়ত সহায় কৰে, বৃদ্ধ লোকৰ মগজুৰ শক্তি হ্ৰাস হোৱাত বাধা দিয়ে, মধুমেয় ৰোগ নিৰাময়ত সহায় কৰে আৰু জীৱন কাল দীঘলীয়া কৰে৷ গৱেষকসকলে প্ৰমাণ কৰিছে যে ‘গ্ৰীণ টী’ সম্পূৰ্ণ নিৰাপদ প্ৰাকৃতিক পানীয়৷ ‘গ্ৰীণ টী’ৰ ঔষধি ক্ৰিয়াই হৃদৰোগ, কেন্সাৰ, আৰ্থাৰইটিছ, আলজেইমাৰ, হেপাটাইটিছ ৰোগ প্ৰতিৰোধ, প্ৰষ্টেইট গ্ৰন্থিৰ ৰোগ আদিৰো নিয়ন্ত্ৰণৰ কাম কৰে৷ বিশিষ্ট চিন্তাবিদ মোহন চন্দ্ৰ শইকীয়াৰ মতে চাহৰ এটা প্ৰধান মৌল ‘পৰিফেনল’ গোটত ১৩ বিধ ‘ফ্লেভনয়ড’ যৌগ আছে৷ চাহত পলিচেকৰইডো বহুত পৰিমাণে থাকে৷ চেকাৰাইডবোৰে মানৱ শৰীৰত সংক্ৰমণ প্ৰতিৰোধ ক্ষমতা কৰ্মঠ কৰিব পাৰে৷ কেফিনেও স্নায়ুতন্ত্ৰৰ সাময়িক উত্তেজনা আনি ক্ষমতা বঢ়ায় আৰু বুকুত তেজ চলাচলত সহায় কৰে৷ ‘গ্ৰীণ টী’ত থকা মেংগানিজে মহিলাৰ হাঁড়ৰ ঘনত্ব বঢ়ায় কাৰণে অষ্টিঅ’পল’ছিচ ৰোগ, হাঁড় আৰু দাঁতৰ অন্যান্য অসুখ কমি থাকে৷ ‘গ্ৰীণ টী’ত থকা বি কেৰাটিন, ভিটামিন ‘চি’ আৰু ‘বি’য়ে মুক্ত বিচৰণ কৰি থকা বীজাণুসমূহ ধবংস কৰে৷ পলিফেনলেই ‘গ্ৰীণ টী’ৰ মূল গুণাগুণৰ প্ৰধান উৎস৷ একাপ চাহ খোৱাৰ লগে লগে শৰীৰৰ ভাগৰ-এলাহ অৱসাদ আঁতৰাই নতুন সঞ্জীৱনীৰ সৃষ্টি কৰি পুনৰ সক্ৰিয় কৰি তোলাত সহায় কৰে৷ ‘গ্ৰীণ টী’ উৎপাদনৰ জৰিয়তে অসমে বিশ্বৰ চাহৰ বজাৰত শক্তিশালীভাৱে খোজ পেলাবৰ বাবে চৰকাৰে পৃষ্ঠপোষকতা কৰা উচিত হ’ব৷

অসমৰ লগতে ভাৰতৰ চাহৰ উৎপাদন আৰু চাহৰ বজাৰখনলৈ সংকট নামিছে৷ এইক্ষেত্ৰত অতি গুৰুত্ব দিয়াৰ সময় হৈছে৷ ভাৰতীয় চাহ সন্থাৰ মতে জলবায়ু তথা বতৰ পৰিৱৰ্তনৰ বাবে ২০২৩ বৰ্ষতকৈ ২০২৪ বৰ্ষত উৎপাদন হ্ৰাস পাইছে৷ পশ্চিমবংগত ২১ শতাংশ আৰু অসমত ১১ শতাংশ হ্ৰাস পাইছে৷ ২০২৩ত ভাৰতৰ চাহৰ ১৫ানী বজাৰত খহনীয়া আহিছে৷ ভাৰতৰ চাহৰ বজাৰ এতিয়া কেনিয়াই দখল কৰিবলৈ আৰম্ভ কৰিছে৷ ২০২৩১ তুলনাত ২০২৪ত কেনিয়াৰ চাহ ১৫ানিৰ বজাৰখন ২৪৪ শতাংশ বৃদ্ধি পাইছে৷ ভাৰতৰ ১৮৪ নিযুত কেজিৰ পৰা ২০৯ নিযুত কেজিলৈ অৰ্থাৎ ১৩ শতাংশহে বৃদ্ধি পাইছে৷ অভিযোগ মতে ইৰাণ আৰু ভিয়েটনামে নিম্নমানৰ চাহ ভাৰতৰ চাহ বুলি বিশ্বৰ বজাৰত বিক্ৰী কৰি ভাৰতৰ চাহৰ বজাৰত ক্ষতি কৰিছে৷ এই দেশৰ পৰা চাহ ভাৰতলৈ আমদানি কৰি ভাৰতৰ চাহ বুলি আন্তৰ্জাতিক বজাৰত এৰি দিয়াৰ এক ব্যৱসায় আৰম্ভ কৰিছে দুষ্ট চক্ৰই৷ চৰকাৰ সজাগ হোৱাৰ সময় হৈছে৷

অমসৰ চাহ উদ্যোগৰ আন এক সমস্যা৷ চাহৰ উৎপাদন ব্যয় বৃদ্ধি পাইছে, তাৰ তুলনাত বজাৰত চাহৰ মূল্য বৃদ্ধি পোৱাৰ পৰিৱেশ সৃষ্টি হোৱা নাই৷ চাহ উদ্যোগৰ এক প্ৰতিবেদন মতে ২০১০ বৰ্ষত চাহৰ উৎপাদন ব্যয় ৮০ টকাৰ বিপৰীতে বজাৰৰ মূল্য প্ৰতি কেজিত ১২০ টকা, অৰ্থাৎ ৩৩ শতাংশ লাভ হৈছিল৷ ২০১৫ বৰ্ষত উৎপাদন ব্যয় ১০০ টকা, বজাৰৰ মূল্য ১৩০ টকা প্ৰতি কেজিত৷ ২৩ শতাংশ লাভ৷ ২০২০ বৰ্ষত প্ৰতি কেজি চাহত উৎপাদন ব্যয় ১২০ টকা আৰু বজাৰৰ মূল্য ১৪০ টকা৷ ১৪ শতাংশ লাভ৷ ২০২৪ বৰ্ষত প্ৰতি কেজি চাহৰ উৎপাদন ব্যয় ১৪০ টকা আৰু বজাৰ মূল্য ১৪৫ টকা৷ লাভৰ অংক ৩ শতাংশলৈ হ্ৰাস পালে৷ লাভৰ অংক হ্ৰাস পোৱাত ২০০ বছৰীয়া চাহ উদ্যোগৰ লগত জড়িত বহু চাহ কোম্পানীয়ে চাহ বাগান বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে৷ চাহ উদ্যোগৰ লগত সম্পৰ্ক নথকা অনভিজ্ঞ ব্যৱসায়ীয়ে অসমৰ চাহ বাগিছা ক্ৰয় কৰা আৰম্ভ কৰিছে আৰু অধিক লাভৰ স্বাৰ্থত চাহৰ গুণগত মানৰ ওপৰত কোনো গুৰুত্ব দিব বিচৰা নাই৷ ফলত অসমৰ চাহৰ বজাৰৰ মানদণ্ড হ্ৰাস পাব লৈছে৷ এই ব্যৱসায়ীসকলৰ লক্ষ্য চাহ উদ্যোগ নহয়, চাহ বাগিচাৰ ভূমিহে৷ অতি কম মূল্যত এই ভূমি হস্তগত কৰাৰ প্ৰতিযোগিতা আৰম্ভ হৈছে অসমত৷ অসমৰ অৰ্থ-সামাজিক ক্ষেত্ৰখনলৈ অতি গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই অহা আৰু ৩,০০০ কোটিৰ অধিক বৈদেশীক মুদ্ৰা আহৰণ কৰা অসমৰ গৌৰৱ চাহ উদ্যোগটোৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে অধিক গুৰুত্ব দিয়াৰ সময় হৈছে৷

NO COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Exit mobile version